top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

সঞ্জীৱনী পানী

  • Writer: পবিত্ৰা বৰঘৰীয়া, মুম্বাই
    পবিত্ৰা বৰঘৰীয়া, মুম্বাই
  • Apr 6
  • 9 min read
অনুবাদ গল্প
অনুবাদ গল্প

পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

এসময়ত এখন দেশত এজন ৰজা আছিল। এবাৰ তেওঁ এক গুৰুতৰ ৰোগৰ কৱলত পৰিছিল আৰু কোনোৱেই ভৱা নাছিল যে তেওঁ সেই ৰোগৰ কৱলৰ পৰা মুক্ত হ’ব পাৰিব। তেওঁৰ তিনিজন পুত্ৰ আছিল আৰু তেওঁলোকো ৰজাৰ অসুস্থাতাক লৈ অতিশয় চিন্তিত আৰু দুখী হৈ পৰিছিল। তেওঁলোকে ৰজাৰ অগোচৰে দুখ প্ৰকাশ কৰিছিল আৰু কান্দোনত ভাগি পৰিছিল। তেনেতে তেওঁলোকে এজন বৃদ্ধ মানুহক লগ পালে, যিয়ে তেওঁলোকৰ দুখৰ কাৰণ সোধা-পোছা কৰিলে। তেওঁলোকে তেওঁক ক'লে যে তেওঁলোকৰ দেউতাক ইমানেই অসুস্থ যে অচিৰে তেওঁৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে।  তেতিয়া বৃদ্ধজনে ক'লে, “মই তোমালোকৰ দেউতাৰাক ৰোগৰ পৰা মুক্ত হৈ, সুস্থ হৈ উঠাৰ এটা বিধান দিব পাৰোঁ। সেইটো হৈছে, ‘সঞ্জীৱনী পানী ‘ যিটো পান কৰিলে তেখেত সুস্থ হৈ পৰাতো নিশ্চিত কিন্তু হ’লেও সেই পানী বিচাৰি পোৱাটো ইমান সহজ নহয়।“ বৃদ্ধৰ কথা শুনি ৰজাৰ ডাঙৰ পুত্ৰই ততালিকে মাত লগালে,’মই বিচাৰি উলিয়াবলৈ নিশ্চয় সক্ষম হ'ম।‘ এইবুলি কৈয়ে তেওঁ ৰোগী ৰজাৰ ওচৰলৈ গৈ সকলো কথা ক’লে আৰু ৰজাৰ জীয়াই থকাৰ একমাত্ৰ উপায় সঞ্জীৱনী পানী বিচাৰি যাবলৈ অনুমতি বিচাৰিলে। কথাষাৰ শুলিয়েই ৰজাই পোনচাটেই মানা কৰিলে কাৰণ ৰজাই জানিছিল সঞ্জীৱনী পানী বিচাৰি উলিওৱাটো কিমান বিপদজনক। ৰজাই বৰপুত্ৰক বিপদৰ মাজলৈ ঠেলি দিয়াতকৈ, নিজৰ মৃত্যুৱেই কাম্য বুলিও জনালে। কিন্তু বৰপুত্ৰৰ নেৰানেপেৰা অনুৰোধৰ শেষত ৰজাই সন্মতি দিবলৈ বাধ্য হ’ল। ৰাজকুমাৰে মনতে ভাবিলে, ‘যদি মই সঞ্জীৱনী পানী বিচাৰি আনিবলৈ সক্ষম হওঁ, তেন্তে মই মোৰ পিতৃৰ প্ৰিয়পাত্ৰ হ'ব পাৰিম আৰু তেতিয়া ৰজাই এই ৰাজ্যৰ উত্তৰাধিকাৰী মোকে ঘোষণা কৰিব।‘ গতিকে তেওঁ অলপো পলম নকৰি সঞ্জীৱনী পানীৰ সন্ধানত ৰাওনা হ'ল। ঘোঁৰাত উঠি তেওঁ অলপ দূৰ গৈয়ে ৰাস্তাত এজন বাওনা মানুহ থিয় হৈ থকা দেখিলে। ৰাজকুমাৰক দেখিয়েই বাওনাজনে তেওঁক মাত লগালে, ‘ইমান খৰখেদাকৈ ৰাজকুমাৰ কোনফালে বা যায়?’ বাওনাৰ মাত শুনিয়েই অসন্তুষ্ট হৈ পৰা ৰাজকুমাৰে অতি অহংকাৰেৰে ক'লে, ‘আঁতৰ হ বাওনা, মই কোনফালে যাওঁ তাৰ লগত তোৰ কোনো সম্পৰ্ক নাই।‘ এইবুলি কৈয়ে ৰাজকুমাৰে ঘোঁৰাত উঠি কদমত আঁতৰি গ’ল।

 

ৰাজকুমাৰৰ ব্যৱহাৰত বাওনাৰ বৰ খং উঠিছিল আৰু তেওঁ মনতে ৰাজকুমাৰৰ কু-কামনা কৰিলে। অলপ দূৰ যোৱাৰ পিছতে ৰাজকুমাৰজনে ঘোঁৰাৰে সৈতে এটা ঠেক উপত্যকাত প্ৰবেশ কৰিলে। তেওঁ যিমানে আগবাঢ়িবলৈ ধৰিলে, উপত্যকাটো সিমানেই ঠেক হৈ আহিল আৰু চাৰিওফালৰ পাহাৰবোৰ ওচৰ চাপি আহি ৰাস্তাটো ইমানেই সংকীৰ্ণ কৰি পেলালে যে তেওঁ আৰু এখোজো আগবাঢ়িব নোৱাৰা হৈ পৰিল।  অৱশেষত তেওঁ এনে অৱস্থাত পৰিল যে তেওঁ তাৰপৰা ঘোঁৰাটো ঘূৰাই আনিবও নোৱৰা হ’ল  বা ঘোঁৰাৰ পৰা নামি অহাটোও অসম্ভৱ হৈ পৰিল। আৰু তাতে তেওঁ কাৰাগাৰত বন্দী হোৱাৰ দৰে বন্দী হৈ পৰিল।

 

ইফালে ৰোগীয়া ৰজাই ৰাজকুমাৰৰ বাবে বহুদিন অধীৰভাৱে অপেক্ষা কৰি থাকিল। কিন্তু তেওঁ উভতি নাহিল। তেতিয়া দ্বিতীয় পুত্ৰই ৰজাৰ পৰা অনুমতি লৈ সঞ্জীৱনী পানী বিচাৰি ঘোঁৰাত উঠি ৰাওনা হ’ল।  যাওঁতে তেওঁ মনতে ভাবিলে, ‘মোৰ ভাইৰ যদি মৃত্যু ঘটিছে তেন্তে এই ৰাজ্যৰ অধিপতি ময়ে হ’ম।‘ প্ৰথমে ৰজাই তেওঁকো যাবলৈ মানা কৰিছিল, কিন্তু ৰাজকুমাৰৰ নেৰানেপেৰা অনুৰোধত অৱশেষত ৰজা মান্তি হ'ল ৷ অলপ দূৰ আগবঢ়াৰ পিছতে প্ৰথম ৰজকুমাৰৰ দৰে দ্বিতীয় ৰাজকুমাৰেও বাওনা মানুহজনক লগ পালে। বাওনাই যেতিয়া আগবাৰৰ দৰে দ্বিতীয় ৰাজকুমাৰকো দৌৰাদৌৰিকৈ আগবঢ়াৰ কাৰণ সুধিলে, তেতিয়া তেওঁ ক্ৰোধিত হৈ পৰিল আৰু বাওনাজনক সম্পূৰ্ণ উপেক্ষা কৰি আগবাঢ়ি আঁতৰি গ’ল। ৰাজকুমাৰৰ উপেক্ষা ভৰা চাৱনিত এইবাৰো বাওনাজন অতিশয় দুখী হৈ পৰিল আৰু তেওঁৰ অন্তৰৰ পৰা অভিশাপসূচক ভাৱ এটা  ওলাই আহিল। কিছুদূৰ আগবঢ়াৰ পিছত দ্বিতীয় ৰাজকুমাৰো ঘোঁৰাৰে সৈতে উপত্যকাৰ পাহাৰৰ মাজৰ ঠেক ৰাস্তাত সোমাই পৰিল আৰু ঘোঁৰাৰে সৈতে তেওঁয়ো কাৰাগাৰত বন্দী হোৱাৰ দৰে বন্দী হৈ পৰিল।  

 

বহু দিনৰ পিছতো যেতিয়া দ্বিতীয় পুত্ৰও ঘূৰি নাহিল, তেতিয়া সৰু ৰাজকুমাৰে সঞ্জীৱনী পানী বিচাৰি আনিবলৈ ওলাই যাবলৈ ৰজাক অনুৰোধ কৰিলে আৰু অৱশেষত ৰজাই তেওঁক যাবলৈ দিবলৈ বাধ্য হ’ল। যোৱাৰ পথত এইবাৰো যেতিয়া সৰু ৰাজকুমাৰে বাওনা মানুহজনক লগ পালে তেতিয়া বাওনাজনে তেওঁকো ইমান খৰখেদাকৈ ক’লৈ গৈছে বুলি সুধিলে। তেতিয়া ৰাজকুমাৰে ৰৈ গ’ল আৰু নম্ৰভৱে ক’লে, ‘মোৰ দেউতা খুউব অসুস্থ আৰু তেওঁ প্ৰায় মৃত্যুৰ দুৱাৰ দলিত। মই তেখেতৰ আৰোগ্যৰ বাবে সঞ্জীৱনী পানী বিচাৰি ওলাই আহিছোঁ।‘  বাওনাই ৰাজকুমাৰক সুধিলে, ‘তেন্তে সেই পানী ক'ত পোৱা যাব তুমি জানানে?’ ৰাজকুমাৰে যেতিয়া নম্ৰভাৱে ‘নাজানোঁ’ বুলি ক’লে তেতিয়া বাওনাই কৈ উঠিল, ‘আপুনি সুন্দৰভাৱে আপোনাৰ আচৰণ বজাই ৰাখিছে , আপোনাৰ মিছা ভাইসকলৰ দৰে অহংকাৰেৰে নহয়। মই আপোনাক কিছু তথ্য দিম আৰু সেই তথ্য অনুসৰণ কৰি গৈয়ে আপুনি সঞ্জীৱনী পানী লাভ কৰিব পাৰিব। এই পানী এটা সুন্দৰ দুৰ্গৰ চোতালত থকা এটা ফোৱাৰাৰ পৰা ওলাইছে, কিন্তু মই যদি আপোনাক এডাল লোহাৰ লাঠি আৰু দুখন সৰু পিঠা নিদিওঁ তেন্তে আপুনি তালৈ যাব নোৱাৰিব। দুৰ্গৰ লোহাৰ দুৱাৰত লাঠি ডালেৰে তিনিবাৰ আঘাত কৰাৰ লগেলগে খোল খাই যাব। ভিতৰলৈ গৈয়ে খোলা মুখেৰে সৈতে দুটা সিংহ বহি থকা দেখা পাব, কিন্তু যদি আপুনি সিহঁতৰ প্ৰত্যেকৰে মুখলৈ ৰুটি এটাকৈ দলিয়াই দিয়ে, তেন্তে সিহঁতে শান্ত হৈ পৰিব। তেতিয়া খৰখেদাকৈ ফোৱাৰাৰ পৰা সঞ্জীৱনী পানী অলপ ভৰাই লৈ ঘড়ীটোত বাৰ বাজি উঠাৰ আগতেই ওলাই আহিব, নহ’লে দুৱাৰখন পুনৰ বন্ধ হৈ যাব আৰু তেতিয়া আপুনি কাৰাগাৰাতে বন্ধ হৈ পৰিব।‘ ৰাজকুমাৰে তেওঁক ধন্যবাদ জনাই লাঠিডাল আৰু পিঠাদুটা লৈ ৰাওনা হ’ল।

 

গন্তব্যস্থলত উপস্থিত হৈ  তেওঁ দেখিলে, বাওনাজনে যেনেকৈ কৈছিল ঠিক তেনেকৈয়ে সকলো আছিল। লাঠিডালেৰে  তৃতীয়বাৰ আঘাত কৰাৰ লগেলগে দুৱাৰখন জোৰকৈ খোল খালে আৰু মুখ মেলি খেদি অহা সিংহ দুটাৰ মুখলৈ যেতিয়া তেওঁ ৰুটিৰ টুকুৰাদুটা দলিয়াই দিলে, তেতিয়া সিংহ দুয়োটাই শান্ত হৈ আঁতৰি দিলে। তেতিয়া তেওঁ দুৰ্গৰ ভিতৰলৈ সোমাই এটা ডাঙৰ আৰু মনোৰম হলঘৰলৈ সোমাই আহিল, য’ত বহি আছিল কিছুমান সুন্দৰ ৰাজকুমাৰ যাৰ আঙঠিবোৰ তেওঁ আঙুলিৰ পৰা উলিয়াই আনিছিল। তাতে এখন তৰোৱাল আৰু এখন পিঠা পৰি আছিল, যিখন তেওঁ লৈ গ’ল। ইয়াৰ পিছত তেওঁ এটা কোঠাত প্ৰৱেশ কৰিলে, য’ত এগৰাকী ধুনীয়া কুমাৰীয়ে তেওঁক দেখি আনন্দিত হৈ পৰিছিল, তেওঁক চুমা খাইছিল আৰু তেওঁক কৈছিল যে তেওঁ তাইক ৰক্ষা কৰিছে যাৰ বাবে তেওঁ তাইৰ গোটেই ৰাজ্যখন পাবৰ যোগ্য। আৰু ক’লে যে যদি তেওঁ এবছৰ পিছত পুনৰ সেই ঠাইলৈ ঘূৰি আহে, তেওঁলোক দুয়োৰে বিয়া উদযাপন কৰা উচিত। তাৰপিছতে তাই তেওঁক সঞ্জীৱনী পানী থকা নিজৰাটো ক’ত আছে ক’লে আৰু ঘড়ীত বাৰ বাজি যোৱাৰ আগতেই যে তেওঁ খৰখেদাকৈ তাৰ পৰা পানী লৈ আঁতৰি যাব লাগে তাকো সকীয়াই দিলে। তাৰপাছত তেওঁ আগবাঢ়ি গ’ল আৰু কোঠা এটাত সোমাই নতুনকৈ বনোৱা ধুনীয়া বিচনা এখন দেখা পাই অতিশয় ক্লান্ত হোৱাৰ বাবে অলপ জিৰণি লোৱাৰ মানসেৰে অলপ সময়ৰ বাবে শুই পৰিল।

 

যেতিয়া তেওঁ সাৰ পালে, তেতিয়া বাৰ বজালৈ মাত্ৰ এক চতুৰ্থাংশ বাকী আছিল। তেওঁ ভয়তে জপিয়াই উঠি নিজৰাৰ পাৰলৈ দৌৰি গ’ল আৰু ওচৰত পৰি থকা পাত্ৰ এটা পাই তাতে পানী অলপ ভৰাই খৰখেদাকৈ আঁতৰি আহিল। কিন্তু লোহাৰ দুৱাৰখন পাৰ হৈ যোৱাৰ লগে লগেই ঘড়ীটোত বাৰ বজাৰ সংকেট বাজি উঠিল আৰু দুৱাৰখন ইমানেই জোৰকৈ বন্ধ হৈ পৰিল যে তেওঁৰ গোৰোহাৰ মাংস এটুকুৰা লৈ গ’ল। কিন্তু ৰজাৰ বাবে সঞ্জীৱনী পানী লাভ কৰি তেওঁ ইমান আনন্দিত হৈ পৰিছিল যে তেওঁ সেইবোৰলৈ কাণসাৰেই কৰা নাছিল। তেওঁ অতি আনন্দ মনৰে ঘৰমুখী হ’ল। উভতাৰ বাটত তেওঁ পুনৰ বাওনাক লগ পালে। বাওনাজনে যেতিয়া ৰাজকুমাৰৰ হাতত তৰোৱাল আৰু পিঠাখন দেখিলে, তেতিয়া তেওঁ ক'লে, ‘এইবোৰৰ দ্বাৰা তুমি বহুত ধন-সম্পত্তি লাভ কৰিলা; এই তৰোৱালেৰে তুমি যুদ্ধত গোটেই সৈন্যবাহিনীক পৰাস্ত  কৰিব পাৰিবা আৰু এই পিঠাৰ কেতিয়াও অন্ত নপৰিব।‘

 

কিন্তু ইমানখিনি পোৱাৰ পিছতো ৰাজকুমাৰে ককায়েকহঁতৰ অবিহনে দেউতাকৰ ওচৰলৈ যাবলৈ মন নকৰিলে আৰু বাওনাজনক সুধিলে, ‘অনুগ্ৰহ কৰি আপুনি মোৰ ককাইদেউ দুজন ক'ত আছে ক'ব পাৰিবনে? সঞ্জীৱনী পানীৰ সন্ধানত মোৰ আগতেই তেওঁলোক ওলাই আহিছিল আৰু উভতি অহা নাই।‘ তাকে শুনি বাওনাই ক’লে,  ‘তেওঁলোক দুটা পাহাৰৰ মাজত বন্দী হৈ আছে। তেওঁলোক ইমান অহংকাৰী আছিল যে মই তেওঁলোকক তাতে থাকিবলৈ অভিশাপ দিছিলোঁ।‘

 

যি কি নহওক, তেওঁলোকৰ মুক্তিৰ বাবে ৰাজকুমাৰে বাওনাৰ ওচৰত অশেষ প্ৰাৰ্থনা কৰিলত যেনিবা তেওঁলোকক মুক্ত কৰি দিবলৈ সন্মত হ’ল।  কিন্তু তেওঁ ৰাজকুমাৰক বাৰেবাৰে সতৰ্ক কৰি ক’লে, ‘তেওঁলোকৰ পৰা আপুনি সদায় সাৱধান হৈ থাকিব, কিয়নো তেওঁলোক বৰ বেয়া মানুহ, তেওঁলোকৰ হৃদয় পৰিস্কাৰ নহয়।‘

যেতিয়া ককায়েকহঁত মুক্ত হৈ আহিল, তেওঁলোকক দেখি সৰু ৰাজকুমাৰ বৰ আনন্দিত হ’ল আৰু তেওঁলোকক আদিৰেপৰা সকলো কথা ক’বলৈ ধৰিলে, কেনেকৈ তেওঁ ৰজাৰ আৰোগ্যৰ কাৰণে সঞ্জীৱনী পানীৰ সন্ধান পালে আৰু কেনেকৈ তাৰে অলপ পানী লৈ আহিছে, তাৰপিছত কেনেকৈ এগৰাকী ধুনীয়া ৰাজকুমাৰীক উদ্ধাৰ কৰিলে, যি এবছৰ অপেক্ষা কৰি তেওঁক বিয়া কৰাবলৈ ইচ্ছুক, তাৰ পিছতে তেওঁ এক মহান ৰাজ্য লাভ কৰিব পাৰিব আদি সকলো কথা একো বাদ নপৰাকৈ ককায়েক ৰাজকুমাৰ দুজনক সকলো বিবৰি ক’লে। ইয়াৰ পিছত তেওঁলোকে ঘোঁৰাত উঠি একেলগে ঘৰমূৱা হ’ল।

 

গৈ গৈ তেওঁলোক এনে এখন দেশত উপস্থিত হ’লগৈ, যিখন দেশ আকস্মিকভাৱে অহা যুদ্ধ আৰু দুৰ্ভিক্ষৰ কৱলত পৰি ককবকাই আছিল।  ৰজাই দেশৰ এই অভাৱগ্ৰস্ততা আৰু অশান্ত অৱস্থা দেখি জীয়াই থকাৰ সকলো আশা হেৰুয়াই নিৰুপায় হৈ পৰিছিল। সেই সময়তে ৰাজকুমাৰ তিনিজন সেই দেশত উপস্থিত হ’লগৈ। দেশখনৰ অৱস্থা দেখা পাই সৰু ৰাজকুমাৰে সেই দেশৰ ৰজাক সেই পিঠাখন দিলে, যাৰ সহায়ত তেওঁ গোটেই ৰাজ্যখনৰ ভোকাতুৰ মানুহক খুৱাই তৃপ্ত কৰি তুলিলে। তাৰপাছত ৰাজকুমাৰে তেওঁক সেই তৰোৱালখনো দিলে, যাৰ সহায়ত তেওঁ শত্ৰুৰ সৈন্যবাহিনীক পৰাস্ত কৰিলে। দেশখনৰ দৰিদ্ৰতা দূৰ হোৱাৰ পিছত আৰু শান্তি ঘূৰি অহাৰ পিছত সৰু ৰাজকুমাৰে নিজৰ ৰুটি আৰু তৰোৱালখন ঘূৰাই ল’লে আৰু তিনিওজন ভাতৃ ঘোঁৰাত উঠি নিজ দেশলৈ বুলি আগবাঢ়িল।

 

কিন্তু ইয়াৰ পিছতো তেওঁলোকে আৰু দুখন দেশত প্ৰৱেশ কৰিলে য’ত যুদ্ধ আৰু দুৰ্ভিক্ষই ৰাজত্ব কৰিছিল আৰু প্ৰতিবাৰেই ৰাজকুমাৰে নিজৰ পিঠা আৰু তৰোৱালখন দি সেই দেশ দুখনৰ ৰজাসকলক সহায় কৰিছিল। তিনিওখন ৰাজ্যতে সুখ আৰু শান্তি প্ৰদান কৰাৰ পিছত তেওঁলোকে এখন জাহাজত উঠি সাগৰৰে নিজ ৰাজ্যলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। সেই সকলোবোৰ দেখি-শুনি ডাঙৰ ৰাজকুমাৰ দুজনে সৰু ৰাজকুমাৰৰ প্ৰতি ঈষা কৰিবলৈ ধৰিলে। যাত্ৰা কালতে তেওঁলোক দুজনে আলচ কৰিবলৈ ধৰিলে, ‘আমি ব্যৰ্থ হোৱাৰ পিছত সৰু ৰাজকুমাৰেহে ৰজাৰ কাৰণে সঞ্জীৱনী পানীৰ সন্ধান কৰি লৈ আনিছে, গতিকে আমাৰ পিতৃয়ে সন্তুষ্ট হৈ তেওঁকহে  আমাৰ ৰাজ্যখন প্ৰদান কৰিব, আমাক নহয়। গতিকে সৰু ৰাজকুমাৰে আমাৰ সকলো সৌভাগ্য কাঢ়ি ল'ব।‘ তাৰ পিছত তেওঁলোকে সৰু ৰাজকুমাৰৰ প্ৰতিশোধ ল’বলৈ উপায় চিন্তিবলৈ ধৰিলে আৰু তেওঁক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। তেওঁলোকে সৰু ৰাজকুমাৰৰ গভীৰ টোপনি অহালৈকে অপেক্ষা কৰিবলৈ ধৰিলে আৰু তেওঁৰ গভীৰ টোপনিৰ সুবিধা লৈ তেওঁলোকে পাত্ৰটোৰ পৰা সঞ্জীৱনী পানীখিনি ঢালি নিজৰ বাবে লৈ, তেওঁলোকে সৰু ৰাজকুমাৰৰ পাত্ৰটোত নিমখীয়া সাগৰৰ পানী ঢালি দিলে।

 

ঘৰ পাইয়ে সৰু ৰাজকুমাৰে নিজৰ পাত্ৰটোৰ পৰা সঞ্জীৱনী পানীখিনি ৰোগীয়া ৰজাৰ ওচৰলৈ লৈ গ’ল, আৰু আগ্ৰহেৰে তেওঁক পান কৰিবলৈ দিলে। কিন্তু ৰজাই সেই পানী পান কৰাৰ লগেলগে স্বাস্থ্যৰ অৱস্থা আগৰ তুলনাতকৈ বেছি বেয়াহে হৈ পৰিল।  ৰজাই যন্ত্ৰনাত চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে। তাকে দেখি ডাঙৰ ৰাজকুমাৰ দুজন আগবাঢ়ি আহি সৰু ৰাজকুমাৰে ৰজাক বিষ পান কৰোৱা বুলি অভিযোগ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে প্ৰকৃত সঞ্জীৱনী পানীখিনি আনি ৰজাৰ হাতত তুলি দিলেহি। ৰজাই সেই পানী পান কৰাৰ লগেলগে যন্ত্ৰনাৰ পৰা উপশম পালে। লাহেলাহে তেওঁ ৰোগমুক্ত হৈ যৌৱনৰ দিনৰ দৰে শক্তিশালী আৰু সুস্থ হৈ উঠিছিল।

 

ইয়াৰ পিছত দুয়োজনে সৰু ৰাজকুমাৰৰ ওচৰলৈ গৈ তেওঁক উপহাস কৰি ক'লে, ‘তুমি সঞ্জীৱনী পানী বিচাৰি আনিছিলা ঠিকেই, কিন্তু এতিয়া তাৰবাবে তোমাৰ যন্ত্ৰণা হৈছে অথচ আমি তাৰ ফল লাভ কৰিছো; তুমি আৰু অলপ সৱধান হ’ব লাগিছিল আৰু চকু মেলি ৰখা উচিত আছিল। তুমি জাহাজত শুই থাকোঁতে আমি তোমাৰ সেই পানী বদলি কৰি লৈ আনিছিলোঁ। যেতিয়া এবছৰ শেষ হ’ব, তেতিয়া আমাৰ মাজৰ এজনে গৈ ধুনীয়া ৰাজকুমাৰীক বিয়া কৰাই লৈ আনিম। কিন্তু সাৱধান, তুমি আমাৰ পিতৃৰ আগত এই বিষয়ে কোনো কথা প্ৰকাশ কৰিব নোৱাৰিবা। আৰু প্ৰকাশ কৰিলেও তেওঁ তোমাৰ কথা বিশ্বাস নকৰে। যদি তুমি এটা শব্দও প্ৰকাশ কৰা, তেন্তে তোমাৰ জীৱন হেৰুৱাব লাগিব। কিন্তু তাকে নকৰি যদি তুমি মৌন হৈ থাকা, তেন্তে তোমাৰ জীৱনটো তোমাৰ ওচৰত আমাৰ উপহাৰ হিচাপে থাকিব।

 

বুঢ়া ৰজাৰ সৰু ৰাজকুমাৰৰ ওপৰত অসন্তষ্ট হৈ উঠিছিল আৰু ভাবিলে যে তেওঁ তেওঁৰ জীৱনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল। গতিকে তেওঁ আদালত মাতি বিচাৰ বহুৱালে আৰু সৰু ৰাজকুমাৰক গুলীয়াই হত্যা কৰাৰ শাস্তি প্ৰদান কৰিলে। ৰাজকুমাৰে যেতিয়া কিবা বেয়াৰ সন্দেহ কৰি ঘোঁৰাত উঠি ওলাই আহিছিল, তেতিয়াই তেওঁক ধৰি পেলালে আৰু ৰজাৰ চিকাৰীজনে তেওঁক লৈ অৰণ্যলৈ প্ৰবেশ কৰিলে। কিছুদূৰ একেলগে যোৱাৰ পিছত, চিকাৰীজনৰ মনটো বিমৰিষ যেন দেখি ৰাজকুমাৰে ইয়াৰ কাৰণ সুধিলে, ‘প্ৰিয় চিকাৰী, তুমি কিয় ইমান হতাশ হৈ আছা? তোমাৰ কিবা অসুখ হৈছে নেকি?  চিকাৰীজনে ক'লে, ‘ৰাজকুমাৰ, মই আপোনাক একো ক'ব নোৱাৰিম, যদিও কোৱা উচিত আছিল।‘ তেতিয়া ৰাজকুমাৰে ক'লে, "মোক সকলো কথা মুকলিকৈ কোৱা, মই তোমাক ক্ষমা কৰি দিম।‘  চিকাৰীজনে ক'লে, ‘হায়! মই এতিয়া আপোনাক গুলীয়াই হত্যা কৰিম, কাৰণ ৰজাই মোক এইয়া কৰিবলৈ আদেশ দিছে।‘ তেতিয়া ৰাজকুমাৰে থতমত খালে, আৰু ক'লে, ‘ প্ৰিয় চিকাৰী, মোক তুমি জীয়াই থাকিবলৈ দিয়া, মই সকলো গোপনে ৰাখিম। মই তোমাক মোৰ ৰাজকীয় কাপোৰখিনি দিওঁ, তাৰ ঠাইত তোমাৰ সাধাৰণ কাপোৰবোৰ মোক দিয়া।‘  চিকাৰীজনে ক'লে, ‘মই আপুনি কোৱাৰ দৰেই সকলো কৰি যাম কাৰণ মই সঁচাকৈয়ে আপোনাক গুলীয়াই মাৰিব নিবিচাৰোঁ।‘ তাৰ পিছত দুয়ো তেওঁলোকৰ কাপোৰ বিনিময় কৰিলে আৰু চিকাৰীজনে ঘৰলৈ উভতি আহিল। অৱশ্যে ৰাজকুমাৰে আৰু অধিক অৰণ্যৰ মাজলৈ আঁতৰি গ’লগৈ।

 

কিছুদিনৰ পাছত তিনিখন সোণ আৰু বহুমূলীয়া পাথৰৰে বোজাই কৰা গাড়ী ৰজাৰ ৰাজকাৰেংৰ আগত ৰখিলহি আৰু সৰু ৰাজকুমাৰৰ বাবে এইবোৰ তিনিখন চুবুৰীয়া দেশৰ ৰজাই পঠাইছে বুলি জনালে। আচলতে সেই তিনিজন ৰজাই এইবোৰ পঠাইছে, যি তিনিজন ৰজাৰ ৰাজ্যক ৰাজকুমাৰে যুদ্ধ আৰু দুৰ্ভিক্ষৰ পৰা বচাইছিল। এইবোৰ দেখি বুঢ়া ৰজাই ভাবিলে, ‘মোৰ ল'ৰাটো নিৰ্দোষী হোৱা হ’লে কিমান ভাল আছিল! তেতিয়া তেওঁক মৃত্যদণ্ড নিদিলোঁহেতেন আৰু এতিয়া এই সকলোবোৰ সোণ-ৰত্নৰ অধিকাৰী আমিয়েই হ’লোঁহেতেন।’ তেওঁ সভাসদসকলক ক’লে, ‘তেওঁ জীয়াই থকা হ’লে ভাল আছিল, মই তেওঁক হত্যা কৰিবলৈ দিয়াটো মোৰ ডাঙৰ অপৰাধ হ’ল!’ ৰজাৰ কথা শুনি চিকাৰীজনে আগবাঢ়ি আহি কৈ উঠিল, ‘মহাৰাজ, তেওঁ এতিয়াও জীয়াই আছে, সিদিনা আপোনাৰ আজ্ঞা পালন কৰিবলৈ মই মোৰ হৃদয়ত শক্তি বিচাৰি নাপালো। গতিকে মই তেওঁক হত্যা নকৰি মুকলি কৰি দিলোঁ।‘  সেই কথাষাৰ শুনি ৰজাৰ হৃদয়ৰ পৰা যেন গধূৰ শিল এটাহে খহি পৰিল আৰু তেওঁ প্ৰতিখন দেশতে ঘোষণা কৰিলে যে তেওঁৰ পুত্ৰক যেন পুনৰ ঘৰলৈ ঘূৰাই অনা হয়।

 

সিফালে ৰাজকুমাৰীয়ে নিজৰ ৰাজপ্ৰসাদলৈকে জাকজমকৈ সোণালী এটা ৰাস্তা বন্ধোৱাইছিল আৰু ঘোষণা কৰিছিল যে যিয়েই সেই ৰাস্তাৰে পোনে পোনে তাইৰ ওচৰলৈ আহিব, তেওঁৱেই সঠিক লোক হ’ব আৰু তেওঁকেই বাচনি কৰা হ’ব। আৰু যিয়েই ৰাস্তাৰ কাষেৰে ঘোঁৰাত উঠি আহিব, তেওঁক উপযুক্ত বিবেচনা কৰা নহ’ব আৰু বাচনি কৰা নহ’ব।

 

ঘোষণা শুনি ডাঙৰ ৰাজকুমাৰে ৰাজকুমাৰীৰ ওচৰলৈ যাবলৈ খৰখেদা কৰিলে আৰু তাই ঘোষণা কৰা পণত জিকি তাইক নিজৰ কইনা কৰি লৈ আনি লগতে তাইৰ ৰাজ্যখনকো নিজৰ কৰি পাবলৈ মনস্থ কৰিলে। সেয়েহে তেওঁ ঘোঁৰাত উঠি গৈ যেতিয়া ৰাজপ্ৰসাদৰ সন্মুখত উপস্থিত হৈ সেই প্ৰশস্ত সোণালী পথটো দেখিলে, তেতিয়া তেওঁ ভাবিলে, যদি তেওঁ সেই সোণালী পথটোৰ ওপৰেৰে ঘোঁৰাত উঠি যায়, তেন্তে সেয়া অপৰাধমূলক  আৰু লজ্জাজনক কথা হ’ব। সেয়ে তেওঁ পথৰ ওপৰেৰে নগৈ ঘোঁৰাটো ৰাস্তাটোৰ সোঁফালেৰে আগবাঢ়িবলৈ দি যেতিয়া তেওঁ ৰাজপ্ৰসাদৰ দুৱাৰমুখ পালেহি, তেতিয়া পৰিচালকসকলে তেওঁক জনালে যে ঘোষণা অনুসৰি তেওঁ উপযুক্ত মানুহ নহয়, তেওঁ আঁতৰি যাব পাৰে। ইয়াৰ অলপ সময়ৰ পিছতে দ্বিতীয়জন ৰাজকুমাৰো ৰাওনা হ’ল আৰু যেতিয়া তেওঁ সোণালী পথটোৰ ওচৰলৈ আহিল আৰু তেওঁৰ ঘোঁৰাটোৱে তাত থিয় হ’লগৈ, তেতিয়া তেওঁ ভাবিলে, ইমান সুন্দৰ সোণালী পথটোৰ ওপৰত খোজ এটা পেলোৱাটো মহাপাপ আৰু লজ্জাজনক কথা হ’ব। সেয়ে তেওঁ ঘূৰি গৈ ঘোঁৰাটো পথটোৰ বাওঁফালে লৈ গৈ ৰাজপ্ৰসাদ অভিমুখে আগবাঢ়িবলৈ ধৰিলে। যেতিয়া তেওঁৰ ঘোঁৰা  ৰাজপ্ৰসাদৰ দুৱাৰদলিত উপস্থিত  হ’লগৈ, তেতিয়া পৰিচালকসকলে তেওঁক জনালে যে তেওঁ উপযুক্ত মানুহ নহয়, গতিকে তেওঁ আঁতৰি যাব পাৰে।

 

অৱশেষত যেতিয়া বছৰটো সম্পূৰ্ণৰূপে শেষ হ’ল, তেতিয়া ৰজাৰ তৃতীয় পুত্ৰ সৰু ৰাজকুমাৰেও একেদৰেই হাবিৰ পৰা ওলাই নিজৰ প্ৰিয়জনৰ ওচৰলৈ যাবলৈ কাতৰ হৈ পৰিল আৰু তাইৰ লগত থাকি নিজৰ দুখবোৰ পাহৰি যাবলৈ ইচ্ছা কৰিলে। গতিকে তেওঁ ঘোঁৰাত উঠি ৰাজপ্ৰসাদ অভিমুখে ৰাওনা হ’ল। ওৰেটো ৰাস্তা তেওঁ ৰাজকুমাৰীৰ কথাকেই ইমানেই অবিৰতভাৱে চিন্তি গ’ল আৰু তাইক লগ পাবলৈ ইমানেই উদগ্ৰীৱ হৈ পৰিল, তেওঁ সোণালী ৰাস্তাটো একেবাৰেই লক্ষ্য নকৰিলে। গতিকে তেওঁৰ ঘোঁৰাটোৰে পথটোৰ সোঁমাজেদিয়েই আগবাঢ়ি গৈ ৰাজপ্ৰসাদ দুৱাৰমুখত উপস্থিত হ’লগৈ। তেতিয়া দুৱাৰখন লগেলগে খোল খাই গ’ল আৰু ৰাজকুমাৰীয়ে আগবাঢ়ি আহি তেওঁক আনন্দৰে আকোৱালি ধৰিলে আৰু ক’লে যে তেওঁয়েই হৈছে ৰাজকুমাৰীৰ উদ্ধাৰকাৰী আৰু এই ৰাজ্যৰ অধিপতি। চাৰিওফালে আনন্দৰ বন্যা বৈ পৰিল আৰু অতিশয় ধূমধামেৰে তেওঁলোকৰ বিয়াখন উদযাপন কৰা হ’ল।

 

বিয়াৰ অন্তত ৰাজকুমাৰে জনালে যে তেওঁক তেওঁৰ দেউতাকে ক্ষমা কৰিছে আৰু নিজ ৰাজ্যলৈ আহিবলৈ আহ্বান জনাইছে। গতিকে তেওঁ অনতিপলমে ঘোঁৰাৰে নিজ ৰাজ্যলৈ বুলি ৰাওনা হ’ল আৰু পিতাকৰ ওচৰত বহি  লৈ কেনেকৈ তেওঁৰ ককায়েক ৰাজকুমাৰ দুজনে তেওঁক বিশ্বাসঘাতকতা কৰিছিল আৰু তথাপিও তেওঁ কেনেকৈ মৌনতা অৱলম্বন কৰিছিল, সেই সকলো কথা ভাঙিপাতি ক’লে। সকলো শুনি বুঢ়া ৰজাই তেওঁলোকক শাস্তি বিহিব বিচাৰিছিল, কিন্তু তেওঁলোকে কথাৰ উমান পাই আগতেই সাগৰ পাৰ হৈ পলাই গৈছিল আৰু জীয়াই থকালৈকে কেতিয়াও ঘূৰি নাহিল।


#############

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page