সোঁৱৰণী শৈশৱৰ
- শ্ৰীৰমাকান্ত দাস, গুৱাহাটী
- Sep 22, 2024
- 1 min read
Updated: Oct 3, 2024

শ্ৰীৰমাকান্ত দাস, গুৱাহাটী
আবেলিৰ বেলিটো ডুবে, পশ্চিম দিশত,
তৰাবোৰে ভুমুকি মাৰে, নিশাৰ আকাশত।
আইতাৰ লগত বহোঁ, ঢাৰি পাৰি জোনাকত
লগে ভাগে সাধু শুনোঁ, ককা-আইতাৰ মুখত।
টোপনিয়াই টোপনিয়াই ভাত খাওঁ, মা-ৰ বোকোচাত,
পঢ়া-শুনা কৰিবলৈ আমি, শেতেলী এৰোঁ কাহিলী পুৱাত।
গা-পা ধুই হাতত ঢাৰিলৈ, পঢ়াশালিলৈ যাওঁ,
শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা, বহু জ্ঞান পাওঁ।
ছুটিৰ ৰিং শুনিলে, ঘৰলৈ উভতি আহোঁ
কাপোৰ-কানি সলাই, পথাৰলৈ দৌৰ মাৰোঁ।
সমনীয়াৰ লগত খেলি, গধূলি ঘৰ পাওঁ,
গা-মূৰ ধুই তুলসীৰ তলত, চাকি-বন্তি জ্বলাওঁ।
জা-জলপান খাই পঢ়াৰ, মেজত বহোঁ
একান্ত মনোযোগেৰে, শিক্ষকে দিয়া কামবোৰ কৰোঁ।
************
Comments