শতবাৰ্ষিক জন্মদিনৰ দুৱাৰ দলিত উপনীত হোৱা ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি
- বিনীতা মহন্ত, যোৰহাট
- Apr 6
- 2 min read

অকণিহঁত, তোমালোক সকলোৱে ভূপেন মামাৰ বিষয়ে নিশ্চয় জানা। তোমালোকৰ মাজৰে বহুতে কিজানি ভূপেন মামাই সৃষ্টি কৰি থৈ যোৱা গান গাইছা নাইবা নৃত্য পৰিবেশনো কৰিছা। আজি তোমালোকক বিশ্ববৰেণ্য বহুমুখী প্ৰতিভাৰ আঁকৰ গণশিল্পী, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ:
অসমীয়াৰ হিয়াৰ আমঠু ভূপেন দাদা, ভূপেন মামাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ শদিয়াত। গতিকে ২০২৬ চনত তেখেতৰ স্মৰণোৎসৱ জন্ম শতবাৰ্ষিকী আহি আছে। শতবাৰ্ষিক জন্মদিনৰ দুৱাৰ দলিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
একেধাৰে এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক, আবৃত্তিকাৰ, নিৱেদক, পৰিৱেশক, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, মঞ্চ নাট্যকাৰ, চিত্ৰ নাট্যকাৰ, মঞ্চ পৰিচালক, সংগীত পৰিচালক, সাহিত্যিক, সাংবাদিক, সম্পাদক, চিত্ৰশিল্পী তথা ৰাজনৈতিক নেতা হিচাপে পৰিগণিত, অসম তথা ভাৰতৰ এজন জনপ্ৰিয় শিল্পী।
১৯৩০ চনৰ ৩০ অক্টোবৰ তাৰিখে পাঁচবছৰ বয়সতে গান গাই পূৰোধা ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আশিস-চুম্বন লাভ কৰিছিল। সেই গান গোৱা যি আৰম্ভ হৈছিল জীৱনৰ শেষ বয়সলৈকে তেখেতৰ কণ্ঠ আছিল অপ্ৰতিৰোধ্য।
মহান শিল্পীগৰাকী আছিল সামাজিক চেতনাবোধৰ দুৰন্ত কবি। তেখেতে সৃষ্টি কৰি যোৱা গীতি কাব্যৰ অক্ষয় স্তম্ভটো উত্তৰ-পুৰুষৰ বাবে অমূল্য সম্পদ হৈ থাকিব।
তেখেতৰ শিল্পী সত্ত্বাই সমাজ আৰু সংস্কৃতিৰ পৰাই সমল সংগ্ৰহ কৰি অনুপম শৈলীৰে সাহিত্য-কলাক জাগৃত কৰি গ'ল। সেয়া অসমীয়া জাতীয় জীৱনত এক গৰিমামণ্ডিত ইতিহাস হৈ ৰ'ল।
অদ্বিতীয় তেখেতৰ কণ্ঠ, শব্দৰ বিশুদ্ধ উচ্চাৰণ, উৎকৃষ্ট শব্দ ভাণ্ডাৰে জিলিকাই তোলা প্ৰতিটো গীত অতুলনীয় সম্পদ। শিল্পী গৰাকীয়ে কাব্যিক সুষমা, উপস্থাপন ৰীতি, ভাৱৰ ব্যঞ্জনা, প্ৰতীক আৰু অলংকাৰ প্ৰয়োগ আদিৰ জৰিয়তে গীতত সাহিত্যৰ সংযোজনে নতুন দুৱাৰ মুকলি কৰে।
"জিলিকাব লুইতৰে পাৰ
আন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে
জ্ঞানৰ দিপালীয়ে
জিলিকাব লুইতৰে পাৰ।"
গান নিৰ্বাচনৰ সময়ত তেখেত বৰ সৰ্তক আছিল। সস্তীয়া, তৰলধৰ্মী গান কেতিয়াও গোৱা নাছিল। জীৱনৰ সকলো সংবেদনশীল বিষয়কে গীতৰ মাধ্যমেৰে স্পৰ্শ কৰিলে, কিন্তু তৰল বা বিকৃত ৰুচিৰ গান সৃষ্টি কৰা নাই। সেয়েহে তেখেত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে আদৰণীয় আছিল। তেখেতৰ ভাষাত,
"মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান।"
ভূপেন হাজৰিকাদেৱৰ কবিতাবোৰ গভীৰ অৰ্থবহ, সমাজৰ কথা কোৱা, হৃদয়স্পৰ্শী আৰু সংগীতৰ ছন্দত আৱদ্ধ। তেখেতৰ বহুতো কবিতা আৰু গীত মানুহৰ জীৱন, অসমীয়া সংস্কৃতি, জাতীয় একতা, মানবতাবাদ, আৰু বিপ্লবী চিন্তাধাৰাৰ প্ৰতিচ্ছবি।
১৯৮৩ চনতে “ভূপেন মামাৰ গীতে মাতে অ আ ক খ” নামৰ অকণিৰ কিতাপখন অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকাৰ দ্বাৰা প্ৰকাশিত হয়।

তেখেতৰ কিতাপখনৰ অ’ ফলাখিনিকে তোমালোকলৈ বুলি আগবঢ়ালোঁ:
“প্ৰথমতে---অ হ'ল অসমৰ প্ৰথম আখৰ
অসমৰ অকণি অসমতে ঘৰ ।
আ--ই বোলে আহ্ আহ্ আহ্ মটৰ গাড়ী
তোৰ পেটত উঠি মই যাওঁ নলবাৰী ।
হ্ৰস্ব ই বোলে ভাল পায় ইলীহি মাছ
বিলাহী টেঙা খাই ঘুৰি ঘুৰি নাচ ।
দীৰ্ঘ ঈ -ৰ দেখোন টিকনি দীঘল-ডাঙৰ
নেদেখা ঈশ্বৰৰ ক'ত বা ঘৰ ।
হ্ৰস্ব উ-ক বোলে উলখিনিৰ কি ৰং ভাই
অ' মা অ' মা চুৱেটাৰ নাই ।
দীৰ্ঘ ঊ-ক বোলে তেজপুৰলৈ মাতিছে ঊষাই
চিত্ৰলেখী নাচি আছে লিচু খাই খাই ।
ঋ ৰ কথা নক'বা বৰ হাঁহি উঠে
ঋষিয়ে বা চাইকেলত উঠে নে নুঠে ।
এ যায় নাজিৰালৈ এৰোপ্লেনত উঠি
ৰঙা-নীলা বেলুনৰ কিমান ফুৰ্তি ।
ঐ নামৰ চৰায়ে ঐনিতম গায়
ৰৈ ৰৈ বান্দৰে গীটাৰ বজায় ।
ও নামৰ ওৰাঙৰ ওচৰে ওচৰে
ওখ ওখ গছৰ পৰা ৰসগোল্লা সৰে ।
ঔৱে বোলে কণপিতৌ ভৰিত দুখ পালি
ঔ টেঙাৰ বল খেলি লেঙেৰা হ'লি ----।“
অকণিহঁত তেখেতৰ জীৱনভিত্তিক বহুবোৰ কিতাপ আছে, মাজে-সময়ে পঢ়িবা বুলি আশা কৰিলোঁ। আজিলৈ সামৰিলোঁ দেই।
বিনীতা মহন্ত
যোৰহাট ,তৰাজান
**************
Comments