'মালবিকা মাহী'ৰ চিঠি : অলৌকিক পৃথিৱীখন
- মালবিকা শৰ্মা, ভুবনেশ্বৰ
- Jul 9, 2024
- 3 min read
Updated: Sep 22, 2024

মৰমৰ ভাগিন ভাগিনীহঁত,
মৰম ল'বা । ভালনে তোমালোকৰ ? ইমান যে গৰম পৰিছে তোমালোকৰ চাগৈ স্কুললৈ যাবলৈ বৰ কষ্ট হৈছে নহয়নে ? যাবতো লাগিবই কাৰণ আজিৰ দিনত পঢ়াটো কিমান যে দৰকাৰী কথা সেইটো নিশ্চয় তোমালোকৰ মা-দেউতাহঁতে বুজাই দিছেই । সেয়ে পঢ়াবোৰ মনোযোগেৰে কৰিবা দেই। গৰমত পানী অলপ সৰহকৈ খাবা। তেতিয়াহে তোমালোক সুস্থ হৈ থাকিবা নহয়নে ?
তোমালোকে বাৰু অসমীয়া নিচুকনি গীতবোৰ কেতিয়াবা শুনিছানে ? এই ধৰা, "জোনবাই এ এটি তৰা দিয়া, তৰানো কেলৈ মোনা সীবলৈ…" আৰু "শিয়ালী এ নাহিবি ৰাতি, তোৰে কাণ কাটি লগামে বাতি" ইত্যাদি ইত্যাদিবোৰ? এনে ধৰণৰ গীতবোৰ যদি কেতিয়াবা শুনিছা তেন্তে সেই গীতবোৰত জোনবাইৰ কথা, শিয়ালীজনীৰ কথাবোৰ গীতৰ আকাৰে তোমালোকৰ উপযোগীকৈ ৰচনা কৰি কিয় শুনাইছিল বুলি ভাৱা বাৰু? আকৌ কেতিয়াবা "ভূত আহিব, তোমালোক অকলে আন্ধাৰত বাহিৰলৈ নাযাবা" বুলি কিয় কয় বাৰু?
আচলতে এই নিচুকনি গীত, সাধু বা কাহিনীবোৰৰ জৰিয়তে তোমালোকৰ মা-দেউতা, ককা-আইতা বা আত্মীয়সকলে তোমালোকে জন্ম লাভ কৰা ধুনীয়া পৃথিৱীখন কাৰ দ্বাৰা ইমান সুন্দৰকৈ পৰিচালিত হয়, কি কি জীৱই এই পৃথিৱীখনত জন্ম লাভ কৰি কেনেদৰে বাস কৰে, কাৰ পৰা আমি সহায় লাভ কৰো আৰু কোনে আমাৰ অপকাৰ কৰিব পাৰে, কাৰ পৰা আমি আঁতৰি থকা উচিত এইবোৰ কথা শিকায়। লগতে আমি আটাইবোৰ জীৱই কাৰো হানি-বিঘিনি নকৰাকৈ কেনেকৈ মিলা-প্ৰীতিৰে থাকিব লাগে এই সাধাৰণ জ্ঞানবোৰেই সেই গীত সমূহৰ মাজেৰে তোমালোকক ল'ৰালি কালতে শিক্ষা দিয়া হয়। তোমালোকে সেই সময়ত কথাবোৰ মনত ৰাখিব নোৱাৰা যদিও গীতসমূহ কিন্তু তোমালোকৰ মনত ৰৈ যায় । হয় নে বাৰু কথাটো ? আজৰি সময়ত সেই গীতবোৰৰ কথাবোৰ যেতিয়া তোমালোকৰ মনলৈ আহি থাকিব তেতিয়াই কথাবোৰ তোমালোকে বুজি উঠিবা। সৰু সৰু কথাবোৰ যে এই দৰেও শিকিব পাৰি সেই কথাটো এতিয়া তোমালোকে নিশ্চয় বুজি উঠিছা ।
নিচুকণি গীতৰ কথা ক'লোৱেই। এতিয়া কোৱাচোন ককা, আইতা আৰু মাহঁতৰ কোলাত মূৰ থৈ তোমালোক যেতিয়া শুবলৈ গৈছিলা, তেতিয়া ককা-আইতাহঁতে যে ৰজা-ৰাণী , অসুৰ আৰু যুৱৰাজ আৰু সৰগৰ পৰীৰ কাহিনীবোৰ কৈছিল সেইবোৰ শুনি তোমালোকৰ কেনেকুৱা লাগিছিল ? সেই কাহিনীবোৰ শুনি তোমালোক আচৰিত হোৱাৰ উপৰিও কাহিনীবোৰৰ নায়ক আৰু অদ্ভুত শক্তিৰ অধিকাৰী সৰগৰ পৰীৰ দৰে হ'বলৈ মন নাযায়নে বাৰু? প্ৰকৃততে সেই কাহিনীবোৰৰ যোগেদি তোমালোকৰ চিন্তাৰ খোৰাক জন্মোৱাৰ উপৰিও তোমালোকৰ মনবোৰ উৎসাহেৰে ভৰাই তুলিবলৈকে বিভিন্নজনে সাধুবোৰ তোমালোকলৈ বুলি কাহানিবাতে ৰচি থৈ গৈছিল।
আজিকালি কথাবোৰ অলপ আধুনিক হ'ল। এতিয়া সাধু কোৱা লোক আৰু সাধু শুনিবলৈ মন মেলা ল'ৰা-ছোৱালীবোৰো কমি আহিল। তাহানিৰ জোনবাই, শিয়াল, বান্দৰ, পৰী, ৰজা-ৰাণী ইত্যাদিৰ ঠাই ছুপাৰমেন, স্পাইডাৰমেন, চৌটা ভীম, দৌৰিমন, ইত্যাদিবোৰে ল'লেহি। অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ প্ৰভাৱত সাধুকথাবোৰ ডিজিটেল হ'ল। চৰিত্ৰবোৰৰ কাম-কাজবোৰ তোমালোকে চকুৰ সন্মুখতে চাব পৰা হ'লা। এই ছুপাৰমেন সকলৰ হতুৱাই অসাধ্য যেন লগা কাম এটা চকুৰ পচাৰতে কৰোৱা দেখি তোমালোক নিশ্চয় ৰোমাঞ্চিত হৈ পৰা। তোমালোকে সৰুৰে পৰা এনেকৈ শুনি বা দেখি অহা সাধুবোৰ, কাহিনীবোৰৰ পৰা আৰু তোমালোকৰ কাষতে থকা মা-দেউতা, ককা-আইতা আদি আত্মীয়সকলৰ আচৰণ আদিৰ পৰাই তোমালোকে অজানিতেই জীৱনৰ আদি পাঠ শিকি লোৱা আৰু এনেকৈয়ে তোমালোকৰ চৰিত্ৰ গঠন হয়।
সময়ৰ লগে লগে আমিবোৰো সলনি হৈ থাকিব লাগিব। সেইবুলি তোমালোকে পঢ়া-শুনাক এলাগী কৰি কেৱল ছুপাৰমেন সকলৰ কাহিনী চাই থাকিলে হ'ব জানো ? তোমালোক হৈছা দেশৰ ভৱিষ্যত। এটা সময়ত গৈ তোমালোকেই আমাৰ দেশৰ ধৰণী ধৰিব লাগিব। সেয়ে তোমালোকে এইবোৰৰ সমানে সমানে পঢ়া-শুনা কৰি ন ন জ্ঞান আহৰণো কৰিব লাগিব।
তোমালোকে ভৱিষ্যতে যিমানেই উন্নতিৰ জখলাৰে আগবাঢ়ি গৈ নাথাকা কিয়, কিন্তু এটা কথা কেতিয়াও পাহৰি নাযাবা যে তোমালোকৰ শিক্ষাৰ প্ৰথম শিক্ষক যে তোমালোকৰ ককা-আইতা, মা-দেউতা, শিক্ষা গুৰুসকল আৰু তোমালোকৰ চৌপাশৰ লোকসকল আছিল। তোমালোকৰ ভাল দিনবোৰ, ভাল ভাল কামবোৰ চাবলৈকে তেওঁলোক হেঁপাহেৰে জীয়াই থাকে। তেখেতসকললৈ আৰু তোমালোকতকৈ জ্যেষ্ঠজনলৈ মনত শ্ৰদ্ধা আৰু ভক্তি সদায় ৰাখিবা। তোমালোকৰ মূল শিপা যে তেওঁলোকেই, সেই কথাটো জীৱনত কেতিয়াও পাহৰি নাযাবা ।
আজিলৈ ইমানকে ক'লো । তোমালোকৰ আটাইৰে ভাল হওক।
আটায়ে মোৰ মৰম ল'বাহক দেই ।
তোমালোকৰ
মালবিকা মাহী, ভুবনেশ্বৰ
*********
Comments