top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

মুম্বাইৰ ক'লা ঘোঁৰা শিল্প সমাৰোহ (Kala ghoda Art festival)

  • Writer: দেৱীকা বৰপূজাৰী, মুম্বাই
    দেৱীকা বৰপূজাৰী, মুম্বাই
  • Sep 26, 2024
  • 3 min read

Updated: Oct 6, 2024


আমাৰ মৰমৰ নৱ-প্ৰজন্মলৈ,

 

তোমালোকে বাৰু ‘ক'লা ঘোঁৰা শিল্প সমাৰোহ’ৰ (Kala ghoda Art festival) বিষয়ে কেতিয়াবা শুনিছানে? যদি শুনিছা, তেতিয়া নিশ্চয় ভাবি আচৰিত হৈছা যে- ক'লা ঘোঁৰাৰ আক' কেনেধৰণৰ শিল্প সমাৰোহ হয়!

 

হয়,হয়, মই এই বিষয়ে যি জানো, সেই সকলোবোৰ আজি তোমালোকক বিস্তৃতভাৱে ক'বলৈ ওলাইছোঁ....।

 

ইয়াৰ বিষয়ে কোৱাৰ আগতে তোমালোকক এটা কথা কিন্তু ক’বই লাগিব যে সপোন দেখাৰ আৰু সপোন দেখুৱাৰ চহৰ, ভাৰতবৰ্ষৰ কেৱল মুম্বাই মহানগৰীতে ‘ক'লা ঘোঁৰা শিল্প সমাৰোহ’ নামৰ জনপ্ৰিয় উৎসৱটি প্ৰতিবছৰে অনুষ্ঠিত হয়।

 

প্ৰথমেই মই তোমালোকক ক'লা ঘোঁৰাৰ বিষয়ে কওঁ বাৰু দেই....।

 

ভাৰতৰ মুম্বাইত থকা মূল কলা ঘোঁৰাৰ প্ৰতিমূৰ্তিটো আছিল সপ্তম এডৱাৰ্ড (তেতিয়াৰ ৱেলছৰ ৰাজকুমাৰ)ৰ ব্ৰঞ্জৰ অশ্বাৰোহী মূৰ্তি, যিটো সেই সময়ৰ বিখ্যাত ইহুদী ব্যৱসায়ী আৰু সমাজকর্মী এলবাৰ্ট আব্দুল্লা ডেভিদ ছাছুনে (Albert Abdullah David Sassoon) চহৰখনক উপহাৰ হিচাবে দিছিল। ১৯৬৫ চনত এই প্ৰতিমূৰ্তিটো আঁতৰাই বাইকুলা চিৰিয়াখানালৈ স্থানান্তৰ কৰা হয়, যাক বীৰমাতা জিজাবাই ভোছালে উদ্যান বুলিও কোৱা হয়।

 

কিন্তু ১৯৯৯ চনত ‘ক’লা ঘোঁৰাৰ সন্থা’ (Kala Ghoda Association)য়ে ২৫ ফুট ওখকৈ আৰু আৰোহী নথকাকৈ কেৱল ক’লা ঘোঁৰাটোহে নতুনকৈ বনাই দক্ষিণ মুম্বাইৰ ফৰ্ট (Fort) আৰু ফ্ল'ৰা ফাউণ্টেইন (Flora Fountain) এলেকাত স্থাপন কৰে।  ভাস্কাৰ্যবিদ শ্ৰীহৰি ভচলে আৰু  অৰ্কিটেক্ট আলফাজ মিলাৰে এই মূৰ্তিটো সাজি উলিয়াইছিল। আৰোহীবিহীন মূৰ্তিটো সজাৰ আঁচনি কৰাৰ মূল কাৰণ হৈছিল যাতে জনসাধাৰণে মূৰ্তিটোৰ লগত একাত্ম অনুভৱ কৰিব পাৰে।

 

এই নতুনকৈ নিৰ্মাণ কৰা মূৰ্তিটোকে প্ৰতীকী স্বৰূপে লৈ মুম্বাইত এই ক’লা ঘোঁৰাৰ সমাৰোহ গঢ় লৈ উঠিছে।


ক’লা ঘোঁৰা সমাৰোহে মুম্বাইৰ বাহিৰেও আন ৰাজ্যৰ গুণীসকলৰো গুণ প্ৰদৰ্শন কৰাৰ সুযোগ দিছে। প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে এই সমাৰোহ আৰম্ভ হৈ ন দিনলৈকে চলে। কেতিয়াবা অৱশ্যে এই সময়ৰ ইফাল সিফালো হোৱা দেখা যায়।

 

ক’লা ঘোঁৰা সমাৰোহৰ আটাইতকৈ আকৰ্ষণীয় বিষয়বোৰ হৈছে বিভিন্ন কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত সংস্থাপন (Installation) সমূহ, ইয়াত অনুষ্ঠিত হোৱা নৃত্য, ভিচিউৱেল আৰ্ট, সংগীত, থিয়েটাৰ, ফিল্ম আৰু সাহিত্যৰ নানা অনুষ্ঠান সমূহ। এই এলেকাৰ ডিজাইনাৰ কেফে, বাচকবনিয়া ৰেষ্টোৰা, কাষৰ জাহাংগীৰ আৰ্ট গেলেৰীৰে পৰিবেষ্টিত ক’লা ঘোঁৰা ফেষ্টিভেল মুম্বাইবাসীৰ লগতে ট্যুৰিষ্ট সকলৰ বাবেও এক আকৰ্ষণীয় অনুষ্ঠান। ইয়াত সামাজিক সজাগতাৰ ওপৰতো প্ৰাধান্য দিয়া হয়।



  মই মুম্বাইতে থাকোঁ যদিও এতিয়ালৈকে মাত্ৰ পাঁচবাৰমানহে এই অনুষ্ঠান চোৱাৰ সৌভাগ্য হৈছে, তাকো দিনে পোহৰে। নিশাৰ অনুষ্ঠান আৰু আকৰ্ষণীয়- ৰং বিৰঙৰ পোহৰৰ মেলাৰ মাজত প্ৰতি নিশা হয় একোজন শিল্পীৰ অনুষ্ঠান; ফাৰহান আখটাৰ, সান, সুনিধি সৌহান আদিৰ লগতে 'ষ্টেণ্ডাআপ কমেডিয়ান' সকলৰ হাস্যৰসেৰে নিশাৰ ক’লা ঘোঁৰা অধিক সৰস হৈ পৰে।

 

কুমাৰস্বামী হ'ল (Coomerswami Hall) ত দিনৰ ভাগত হোৱা নানা অনুষ্ঠানৰ মাজত একোজন কৃতি পৰিচালকৰ ছবিৰ প্রদশৰ্নৰ লগতে ছবিৰ মুখ্য ভূমিকাত ভাগ লোৱা অভিনেতা বা অভিনেত্ৰীৰ লগত দৰ্শকৰ অন্তৰংগ আলাপৰ ব্যৱস্থা কৰা হয়। কিছু বছৰৰ আগতে 'শ্বহীদ' ফিল্মখন চাবলৈ পোৱাৰ লগতে, পৰিচালক হানচাল মেহতা আৰু অভিনেতা ৰাজকুমাৰ ৰাওৰ লগত সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰ চাবলৈ সুবিধা পাইছিলোঁ।

  

ডেভিড ছাছুন লাইব্ৰেৰী (David Sassoon Library) ত থাকে, সাহিত্য অনুৰাগী সকলৰ বাবে ন ন পুথিৰ উন্মোচন, প্ৰখ্যাত লেখকৰ লগত সাক্ষাৎকাৰ আৰু কবি সন্মিলন। তদুপৰি থাকে নানা কৰ্মশালা- পেইণ্টিং, মৃৎশিল্প (Pottery) ৰ পৰা ফটোগ্ৰাফি, চলচ্চিত্ৰ নিৰ্মাণ আদি বিষয়সমূহৰ ওপৰত।

  

কোনো শৈল্পিক যাত্ৰা মুখৰোচক খাদ্যৰ অবিহনে সম্পূৰ্ণ নহয়। সেয়ে ইয়াতো ঠায়ে ঠায়ে বিভিন্ন ফুড ষ্টলৰ ব্যৱস্থা ৰখা হয় য'ত পোৱা যায় সমগ্ৰ ভাৰতৰ উপৰিও আন দেশৰ খাদ্যৰ জুতি।

 

বিভিন্ন ধৰণৰ বাছকবনীয়া প্ৰদৰ্শনী চাবলৈ আছে প্ৰখ্যাত জাহাংগীৰ আৰ্ট গেলেৰী, বিভিন্ন আৰ্ট সংস্থাপন (Installation) আৰু ভাস্কৰ্য চাবলৈ হ'লে ঘূৰি ফুৰিব পাৰি হৰ্নিমেন চাৰ্কল গাৰ্ডেন (Horniman Circle Garden) ৰ সেউজীয়া ল’নত।

 

এইবোৰ চাই আমনি লাগিলে গাইডৰ লগত যাব পাৰি হেৰিটেজ ৱাক (Heritage walk) লৈ; চাই আহিব পাৰে বম্বে ষ্টক এক্সচেঞ্জ (Bombay Stock Exchange), এই ঐতিহ্য মণ্ডিত বিল্ডিংলৈ গৈ জানিব পাৰে ভাৰতৰ বিত্তীয় কেন্দ্ৰৰ বুৰঞ্জী।

 

তদুপৰি, যাব পাৰে এঞ্জলিকান গীৰ্জাৰ ছেইণ্ট থমাছ কেথেড্ৰেললৈ...। ইয়াৰ অপূৰ্ব ভাস্কৰ্যৰ সৌন্দৰ্যই আৰু শীতল পৰিবেশে এক শান্তিময় পৰিবেশৰ সৃষ্টি কৰি ৰাখে।

   

দিনৰ ভাগতো এই অঞ্চলৰ শিশুসকলৰ হৰেক ৰকমৰ অনুষ্ঠানেৰে মুখৰিত হৈ থাকে। তদুপৰি, বিভিন্ন বিষয়ৰ ওপৰত হোৱা আলোচনা চক্ৰ, চেমিনাৰ আদিৰ বাবে প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহটোলৈ মুম্বাইবাসীৰ লগতে দেশৰ বাহিৰৰ লোকেও অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকে।

 

তোমালোকেও সুবিধা কৰিব পাৰিলে এই সমাৰোহলৈ এবাৰ নিশ্চয় আহিব পাৰা।

 

তোমালোকলৈ অশেষ মৰম আৰু শাৰদীয় শুভেচ্ছাৰে।

 

দেৱীকা বৰপূজাৰী

মুম্বাই

 

 

 

 

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page