মিকু আৰু হৰিণা পহুটো…
- জিণ্টী ৰাণী ডেকা, গুৱাহাটী
- Apr 6
- 5 min read

(চতুৰ্থ খণ্ড)
জিণ্টী ৰাণী ডেকা, গুৱাহাটী
অৱশেষত আমাৰ বাবে মায়ে এটা ঘৰ বিচাৰি পালে। আমি বৰ্তমান থকা জিলমিলহঁতৰ ঘৰখনৰ পৰা তিনিটা বাইলেনৰ পিছৰ বাইলেনটোৰ সোঁফালৰ দ্বিতীয় ঘৰটোৰ এটা অংশ বহুদিন খালী হৈ আছে। মায়ে পুৱা খোজকাঢ়িবলৈ যাওঁতে কেইবাদিনো ঘৰটোৰ সন্মুখত To Late মৰা ফলকখন দেখিছে।
'ইমানদিনে কোনেও ঘৰটো লোৱা নাই যেতিয়া বৰ এটা ঠিক নহ'ব নেকি!'- দেউতাই সামান্য আপত্তি কৰিছিল। কিন্তু গধূলি তেওঁ অফিছৰ পৰা ঘূৰি অহাৰ পিছত যেতিয়া আমি গোটেইবোৰে ঘৰটো চাবলৈ গ'লো, আমাৰ আটাইৰে ভাল লাগিল। ঘৰটো পুৰণি। কেইবাটাও কোঠা আছে। আমাৰ দৰে সৰু পৰিয়াল এটাক ইমানবোৰ কোঠা নহ'লেও হয়। ঘৰটো পৰিস্কাৰ কৰি ৰাখিবলৈয়ে কষ্ট হ'ব। কিন্তু ঘৰৰ মালিক ককা আৰু আইতাজনী বৰ ভাল। তেওঁলোকৰ ঘৰতো মোতকৈ অলপ সৰু নাতি ল'ৰা এজন আছে। ঘৰটোৰ কাষত মুকলি ঠায়ো অলপ আছে বাবেই মোৰ খেলিবলৈ সুবিধা হ'ব ভাবি মা-দেউতাই ঘৰটো ভাড়ালৈ লোৱাৰ সিদ্ধান্ত ল'লে।
এইবাৰ জিলমিলহঁতৰ ঘৰটোৰ পৰা এই নতুন ঘৰটোলৈ যাবৰ সময়ত ময়ো মাহঁতক অলপ সহায় কৰি দিয়াৰ কথা ভাবিলোঁ। কাৰণ ঘৰখনত বহুত বস্তু হৈছে। মায়ে এইকেদিন বস্তুবোৰ ভাগে ভাগে ডাঙৰ ডাঙৰ কাৰ্টনত ভৰাই আছে। মাক এইবোৰ কৰি থকা দেখি মই সুধিলোঁ, 'মা, ময়ো তোমাক সহায় কৰি দিওনে?' মায়ে অলপ ভাবি ক'লে, 'তুমি যদি সহায় কৰিব খুজিছা, তেন্তে তোমাৰ কিতাপ বহীবোৰ, ৰং পেঞ্চিলবোৰ, ছবিৰ কিতাপ আৰু বহীবোৰকে এটা কাৰ্টনত ভৰাই আঠা লগাই মুখখন বন্ধ কৰি দিবা। ওপৰত কাগজ এখনত তোমাৰ নামটো লিখি আঠা লগাই দিলে, বিচাৰি পাবলৈ সহজ হ'ব।' যদিও মোৰ অলপ বেলগ ধৰণৰ কাম কৰিবলৈ ইচ্ছা আছিল, তথাপি মায়ে মোক কৰিবলৈ কোৱা কামখিনিকে কৰিলোঁ। নহ'লে বস্তুবোৰ খেলিমেলি হোৱাৰ সম্ভাৱনা আছে। তেতিয়া আকৌ মাৰ কাম বাঢ়িবহে।
তাৰপিছত দুগৰাকী সহায়কাৰী মানুহৰ সহযোগত আমাৰ ঘৰৰ বস্তুবোৰ, ফাৰ্নিচাৰবোৰ দুখন ভেনৰ সহায়ত নতুন ঘৰখনত থৈ অহা হ'ল।
(পঞ্চম খণ্ড)
নতুন ঘৰখনত মাৰ ব্যস্ততা বাঢ়িল। আগৰ ঘৰটোৰ পৰা কাৰ্টনত বান্ধি অনা আমাৰ কিতাপ, কাপোৰ, বাচন-বৰ্তনবোৰ ঠিকঠাককৈ থ'বলৈ তেওঁৰ বেছ সময় লাগিল। এইবোৰ কামত মই আৰু দেউতাই মাক সহায় কৰিব খুজিলে মায়ে হাঁহি হাঁহি কয়, 'সহায় কৰিব খোজা বাবে তোমালোকক অশেষ ধন্যবাদ। কিন্তু তোমালোকে চিজিল কৰি দিব খুজিলে মোৰ কাম বাঢ়িবহে। দৰকাৰী বস্তু এটা বিচাৰি পিছত মইহে হাবাথুৰি খাব লাগিব। তাতকৈ মই নিজেই কৰোঁ দেই।'
আমাৰনো কি? মায়ে আমাৰ সহায় ল'ব খোজা নাই যেতিয়া আমিনো কি কৰিব পাৰোঁ? কিন্তু মাৰ অকলে অকলে কষ্ট হোৱা কথাটো আমাৰ ভাল লগা নাই। সেইকাৰনে দেউতাই নিজেই কাম বিচাৰি লৈছে। ঘৰটোত বহুকেইখন দুৱাৰ-খিড়িকি আছে। এইবোৰত পৰ্দা লগোৱা কামটো দেউতাই কৰিবলৈ ল'লে। কামটোত ময়ো অলপ দেউতাক সহায় কৰি দিলোঁ। পৰ্দা লগাবলৈ ঘূৰণীয়া সৰু সৰু প্লাষ্টিকৰ ৰিংবোৰ দেউতাক মই আগবঢ়াই দি থাকিলোঁ।
আমাৰ নতুন ঘৰটোত চাৰি-পাঁচদিন হৈ গ'ল। এইটো ঘৰৰ পৰাই মই স্কুললৈ অহা-যোৱা কৰি আছোঁ। মায়ে এটা বুদ্ধিমানৰ কাম কৰিছিল। সেইখন ঘৰৰ পৰা আহোতে প্ৰতিটো কাৰ্টনতে ভৰাই কি কি বস্তু অনা হৈছিল, কাগজ এখনত লেখি আঠা মাৰি থৈছিল। মোৰ কিতাপ-বহী থকা কাৰ্টনটোতো তেনেকৈ মাৰ কথামতে লিখি থোৱা বাবে এতিয়া মই বিচৰাৰ লগে লগেই মোৰ কিতাপ-বহীবোৰ বিচাৰি পালোঁ। নতুন ঘৰখনত মোৰ বাবেও সৰু পঢ়া কোঠা এটা সজোৱা হ'ল। অৱশ্যে তাত মাৰ বাবেও এযোৰ চকী-মেজ থাকিব। যাতে মায়ে অফিচৰ বাবে লিখিবলগীয়া কামবোৰ, কাকত-আলোচনীৰ বাবে পঠোৱা লেখাবোৰ তাত বহি লিখিব পাৰে।
নতুন ঘৰখনত মই এটা নতুন উপহাৰ পালোঁ। মোৰ বাবে এখন চাইকেল। এইখন তিনিটা চকা থকা ট্ৰাই চাইকেলহে। চৌহদটোৰ মুকলি ঠাইখিনিত মই শনিবাৰ আৰু দেওবাৰে চাইকেলখন চলাবলৈ ললোঁ। দেউতাই চাইকেলখনত ধৰি মোক চলোৱাত সহায় কৰি দিয়ে। পিছলৈ মই নিজেই চলাব পৰা হ'লোঁ। আবেলি পৰত দেউতা নাথাকিলেও মই অকলে চাইকেলখন চলাবলৈ লওঁ। মই তেনেকৈ চাইকেল চলাই থকা দেখিলে চৌহদটোতে থকা আমাৰ কাষৰ ঘৰৰ ছোৱালীজনীয়ে বাৰাণ্ডাৰ পৰা চাই থাকে। তাইৰ নামটো ঋষিকন্যা। তাই মোতকৈ সৰু। ঘৰটোৰ গৰাকী ককাজনৰ নাতি ল'ৰাটোৰ নাম নিবিড়। সিও মোতকৈ সৰু। চাইকেল চলাব নাজানে। ঋষিকন্যা আৰু নিবিড়েও যদি চাইকেল চলাব পাৰিলেহেঁতেন, তেতিয়া বৰ মজা হ'লহেঁতেন।
ইতিমধ্যে আমাৰ গৰমৰ বন্ধ আৰম্ভ হ'ল। গৰম বন্ধত স্কুলত কৰিবলৈ দিয়া কামবোৰ কৰি মই আজৰি হ'লোঁ। এতিয়াহে মই মামাহঁতৰ ঘৰলৈ গৈ দুদিন থাকি আহিব পাৰিম। মামাহঁতৰ ঘৰ গুৱাহাটীত হোৱা বাবে মই সঘনাই গৈয়েই থাকোঁ। তেওঁলোকৰ ঘৰলৈ গৈ মোৰ বৰ ভাল লাগে। তাত ককা, আইতা, মামা, মামী, মাহী সকলো আছে। আটায়ে মোক বৰ মৰম কৰে।
এইবাৰ মামাহঁতৰ ঘৰলৈ গৈ মই আচৰিত হৈ গ'লোঁ। মোৰ সৰুজন মামা, যাক মই মুনু মামা বুলি মাতোঁ, তেওঁ অকণমানি মৰম লগা কুকুৰ পোৱালি এটা আনিছে। ইমান সৰু কুকুৰ পোৱালি, ইয়াৰ আগতে মই দেখাই নাছিলোঁ। বগা, নোমাল পোৱালিটো যে ইমান মৰম লগা, মোৰ এবাৰ ল'বলৈয়ে মন গ'ল। মই মামাক ক'লোঁ, 'মোকো এবাৰ ল'বলৈ দিয়াচোন মুনু মামা।' মামাই মোক দিব খোজোতে, পোৱালিটোৱে ভৌ ভৌ কৰি ভুকিবলৈ ল'লে। ভুকভুকনি শুনি আইতা উধাতু খাই আমাৰ ওচৰ পালেহি। তেওঁ পোৱালিটো মোক ল'বলৈ দিয়া কথাটোত ভাল নাপালে। সেয়ে ক'লে, 'নালাগে, নালাগে। পোৱালিটোক বেজী দিয়াই নাই নহয়। তোমাক কামুৰিলে বা আঁচুৰিলে বৰ বিপদ হ'ব।'
'ইমান অকণমানি, ইমান মৰম লগা পোৱালিটোৱে জানো কামুৰিব পাৰে আইতা?' -মই সুধিলোঁ।
'নোৱাৰিব বুলি কথা নাই। তোমাক আজি প্ৰথম দেখিছে। ভালকৈ চিনাকি হোৱাই নাই নহয়। তাতে তুমি সৰু ল'ৰা । তুমি বা ভালকৈ ল'ব পাৰিবানে নাই সেইটোও তাইৰ চিন্তা হৈছে। সেইবাবেই ইমানকৈ ভুকিছে'-- আইতাই ক'লে।
হয়তো হয়। কিন্তু অকণমানি পোৱালিটোক বেজী দিওৱাৰ কথাটোহে মোৰ বেয়া লাগিল। সেয়ে মামাক সুধিলোঁ, 'পোৱালীটোক বেজীও দিবা নেকি মুনু মামা?
'মামাই ক'লে, 'দিবতো লাগিবই। খং উঠিলে কুকুৰ- মেকুৰীয়ে মানুহক কামুৰি বা আঁচুৰি দিবও পাৰে। তেতিয়া সিঁহতৰ গাত থকা বীজাণু মানুহৰ দেহলৈ গ'লে, ভয়ানক বেমাৰ হ'ব পাৰে।
'দীঘল নোমাল ওলমি পৰা কাণ দুখন, অকণমানি ক'লা দুটা চকু আৰু জোপোহা, চুটি, ভাঁজলগা নেজডালেৰে অকণমানিটোক ইমান মৰম লাগিছে। এই পোৱালিটোৱে বেজীৰ হান খোঁচ খাব লাগিব কাৰণে মোৰ দুখেই লাগিছে। আইতাই পোৱালিটোৰ বাবে এখন অকণমানি বিছনা পাৰি দিলে।
'পোৱালিটোৰ নাম কি দিলে ভাল হ'ব মিকু?' এয়া মোৰ ডাঙৰ মামাই মোকে সুধিছে। মামা আৰু ককা এইমাত্ৰ বাহিৰৰ পৰা আহি ঘৰ সোমাইছেহি। যি দেখিছোঁ, এই নতুন অকণমানি প্ৰাণীটোৱে ঘৰখনৰ সকলোৰে মনোযোগ কাঢ়ি লৈছে। আগতে মোৰহে ঘৰখনত গুৰুত্ব আছিল। সকলোৱে মোক লৈ ব্যস্ত হৈ পৰিছিল। কিন্তু এতিয়া পোৱালিটো লৈহে সকলো ব্যস্ত। এয়া ডাঙৰ মামা আহিয়েই পোৱালিটোৰ নাম কি থ'ব সেয়াহে সুধিলে। এই কথাটোত মই অলপ আহত হৈছোঁ। পোৱালিটোলৈ মোৰ অলপ হিংসা হৈছে। মোৰ মনলৈ তৎক্ষণাত কেইবাটাও নাম আহিছে যদিও মই একো নকলোঁ।
বেবী মাহীয়ে হাঁহি হাঁহি ক'লে, 'নামটো আকৌ ছোৱালী ধৰণৰ দিবা দেই। পোৱালিটো ফিমেল হে।
'মইতো ছোৱালীৰ নাম ভৱাই নাছিলোঁ। চিকু, পিকু, টিকু...এইবোৰহে ভাবিছিলোঁ। আমাৰ ক্লাছৰ ছোৱালীবোৰ যে সংস্কৃতা, তৃষ্ণা, মেঘালী ...এই ধৰণৰ নামটোতো মাইকী কুকুৰক দিব নোৱাৰি। আৰু যদি এনেকুৱা নাম মই কুকুৰক দিয়া বুলি জানে, তেন্তে সিঁহতে মোক পিটি পিটি পিঠা বনাই দিব।
'গণক বাপু, নাম পালানে বিচাৰি?' --এয়া মোৰ ককা। হাঁহি হাঁহি ককাই মোক সুধিছে। মই জানো মোৰ ককা সাংঘাটিক ডগ লাভাৰ। মায়ে কৈছে, ইয়াৰ আগতে মাহঁতৰ ঘৰত আৰু এটা মৰম লগা কুকুৰ আছিল। সেইটো কুকুৰ ককাক কোনোবা ভূটীয়া মানুহ এজনে মৰমৰ উপহাৰ দিছিল। ককাই কোটৰ জেপত ভৰাই হেনো তাক ঘৰলৈ আনিছিল। মাহঁত তেতিয়া বেছ সৰু আছিল। মাহঁতক ককাই যিমান মৰম কৰিছিল, তাতকৈ হেনো কুকুৰটোক বেছি মৰম কৰিছিল। বহুবছৰৰ পিছত এদিন বুঢ়া হৈ কুকুৰটো মৰি থাকিল। মৰাৰ তিনিদিনমান আগৰ পৰাই কুকুৰটোৱে হেনো কুঁকুঁৱাই ককাৰ ভৰিত পৰি কান্দি থাকিছিল। একো খোৱাও নাছিল। ডাক্তৰক দেখুৱাই দৰৱ দিছিল যদিও ভাল নহ'ল। সি মৰিবৰ দিনা ককাই মনত বৰ দুখ পাইছিল। ককাই বোলে কুকুৰ-মেকুৰী নিজে নোপোহে বুলি সিদিনাই শপত খাইছিল। এতিয়া মুনু মামাক ককাই কি জানো ক'ব!
মোৰ জিলমিলহঁতৰ পোহনীয়া কুকুৰজনীলৈ মনত পৰিল। তাইৰ নামটো 'ৰিকি'। তাইৰ লগতে মিলাকৈ 'চিকি' থ'লে কেনে হ'ব! মই চিকি, টিকি, মিকি, কুকি বহুকেইটা নাম ক'লোঁ। আটায়ে কুকি নামটো পচন্দ কৰিলে। মামাহঁতৰ ঘৰৰ নতুন অকণমানি পোৱালিটোৰ নাম 'কুকি' হ'ল।
সেইদিনা গধূলিয়েই ডাঙৰ মামাই মোক আমাৰ ঘৰত থৈ গ'লহি। কিয়নো পিছদিনাই মোৰ এটা 'ছামাৰ কেম্প' আছে। কুকিক এৰি মোৰ ঘৰলৈ আহিবলৈ একেবাৰে ইচ্ছা নাছিল। অথচ উপাই যে নাই! মই মা আৰু দেউতাক 'কুকি'ৰ কথাকে কৈ থাকিলোঁ।
###########
Comentarios