top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

মিকু আৰু হৰিণা পহুটো…

  • Writer: জিণ্টী ৰাণী ডেকা, গুৱাহাটী
    জিণ্টী ৰাণী ডেকা, গুৱাহাটী
  • Jan 4
  • 5 min read
ধাৰাবাহিক গল্প : তৃতীয় খণ্ড
ধাৰাবাহিক গল্প : তৃতীয় খণ্ড

জিণ্টী ৰাণী ডেকা, গুৱাহাটী

জিলমিলহঁতৰ ঘৰখনত আমাৰ বৰ বেছি দিন থকা নহ'ল। হ'লেও সেইখন ঘৰত আমি ডেৰ বছৰমান আছিলোঁ বোধহয়। সেইখন ঘৰত থকা সময়ৰে এটা কথা মায়ে মোক এতিয়াও মাজে মাজে কৈ থাকে। তাত থকা সময়তে দেউতাই অফিছৰ কাম এটাত সাদিনমানৰ বাবে মণিপুৰলৈ যাবলগীয়া হৈছিল। সেই প্ৰথম দেউতাই মাক আৰু মোক ঘৰত অকলে এৰি বহু দূৰলৈ গৈছিল। ঘৰখনত কেৱল মা আৰু মই, সেয়ে আমাৰ বৰ অকলশৰীয়া লাগিছিল। আমাৰ সৰু পৰিয়ালটোত  মা-দেউতা আৰু মোকে ধৰি মাত্ৰ তিনিগৰাকীহে মানুহ। তাতে মই তেনেই সৰু। বহু কথা মই বুজি নাপাওঁ বাবে মায়ে মোৰ লগত বৰ বিশেষ কথা পাতিব পৰা নাছিল। মায়ে বেছিভাগ কথা দেউতাৰ লগতহে পাতে। এতিয়া দেউতা নথকাত মা বেছ অকলশৰীয়া হ'ল। মাৰ এই অকলশৰীয়া ভাবটো কমাবৰ বাবেই ৰাতি শুৱাৰ সময়ত মায়ে মোক সাধু কয়। বুঢ়ী আইৰ সাধু, ৰাজস্থানৰ সাধু, বত্ৰিছ পুতলাৰ সাধু আৰু বহুতো সাধু। মায়ে মোকো সাধু ক'বলৈ কয়। কিন্তু মইতো মাৰ দৰে কিতাপত থকা সাধুবোৰ পঢ়ি, মনত ৰাখি ধুনীয়াকৈ ক'ব নোৱাৰো! ক'বলৈ গ'লে তেতিয়ালৈকে মই ভালকৈ কিতাপ পঢ়িবলৈ পৰা হোৱা নাছিলোঁ। সেয়ে মই সাজি সাজি কোৱা কথাৰেই মাক সাধু কওঁ। মোৰ সেই সাধুবোৰত সদায় ৰাজু নামৰ ল'ৰা এটা থাকে। কেতিয়াবা কোনোটো সাধুত আকৌ ৰাজুৰ লগতে ভায়েক কাজুৰ কথাও কোৱা যায়। মায়ে মোৰ সাধু শুনি ইমান ভাল পায় যে প্ৰত্যেক ৰাতি মই মাক ৰাজুৰ সাধু কওঁ। মানে মিছামিছি সাধু। জানো মায়ে কি ভাল পায়! কিন্তু তাৰ পাছত আজিৰ তাৰিখলৈকে মায়ে মোক প্ৰায়ে কৈ থাকে যে মই হেনো ভাল গল্প লেখক হ'ব পাৰোঁ! আনকি মোৰ এই সম্ভাৱনাৰ কথাটো মায়ে আনৰ আগতো কয়! লগতে এইবুলিও কয় যে মোৰ এলেহুৱা স্বভাৱৰ বাবেই হেনো মই আজিলৈ এটা গল্প লিখিব পৰা নাই। মাৰ এই কথাটোকে মই বৰ বেয়া পাওঁ। আনৰ আগত মোৰ সদনামো গাব, বদনামো গাব!

 

গল্প লেখাৰ কথাটো ময়ো ভাবোঁ কেতিয়াবা, আনকি লেখিবলৈয়ো লওঁ। কিন্তু গল্পটোৰ কেইশাৰী মান লেখা হয়হে, গল্পটো আকৌ বেলেগ ধৰণে আৰম্ভনি কৰাৰ কথা মোৰ মনলৈ আহে। সেইবাবে আগৰখিনি কাটি আকৌ বেলেগ ধৰণে আৰম্ভ কৰোঁ। পিছত গল্পটো লিখা শেষ নৌহওঁতেই মোৰ লিখি থাকিবলৈ এলাহ লাগে। গল্পটো আৰু কেতিয়াও লেখা হৈ নুঠে!

 

সেই সাধু কৈ থকা দিনবোৰতে এদিন জিলমিলহঁতৰ ককাক-আইতাকে ক'লে যে তেওঁলোকৰ ঘৰটো আৰু ঘৰ হৈ নাথাকে। বিল্ডাৰক ফ্লেট বান্ধিবলৈ কথা দিছে। আমাক সোনকালেই ঘৰটো এৰি দিবলৈ তেওঁলোকে অনুৰোধ কৰিলে।

মা-দেউতাৰ আকৌ আমাৰ বাবে এটা নতুন ঘৰ বিচৰাৰ পৰ্ব আৰম্ভ হ'ল!

 

কামটো আমনিদায়ক। আমাৰ বাবে সকলো ফালৰ পৰাই সুবিধাজনক হোৱা ঘৰ এটানো কোনে সাজি থ'ব! মোৰ মায়েতো প্ৰায়েই কয়, 'গুৱাহাটী মহানগৰীত আটাইতকৈ বেয়া আৰু কোনো সুবিধা নথকা ঘৰবোৰহে মালিকে ভাড়ালৈ দিয়ে।' কিন্তু দেউতাই কয়, 'নিজাকৈ ঘৰ এটা নোহোৱা পৰ্যন্ত অসুবিধা হ'লেও আমিতো এনেকুৱা ঘৰ এখনতে থাকিব লাগিব।'

 

আমাৰ বাবে সুবিধাজনক ঘৰ এটা বিচৰাৰ কামটোত মা-দেউতাই মোৰ সুবিধা হোৱাটোতহে বেছি গুৰুত্ব দিছিল। তেওঁলোকৰ মতে ঘৰটো এনে এটা ঠাইত হোৱা উচিত যাতে মোৰ স্কুললৈ খোজ কঢ়া দূৰত্বতে হয়। বাছেৰে যাব লগা হ'লেও বৰ বেছি দুই তিনিটা ষ্ট'পেজৰ ভিতৰতে হ'ব লাগিব।

 

অৱশ্যে এই ঘৰ বিচৰা পৰ্বটোত মোৰ একো সকাম নাই। কিয়নো মই ইমানেই সৰু যে ঘৰ বিচৰাৰ দৰে বিৰক্তিকৰ কাম এটাত মা-দেউতাই মোক টানি লোৱা নাই। সঁচা ক'বলৈ গ'লে মই এই বিষয়টোত বৰ বেছি গভীৰলৈ সোমাব বিচৰা নাই। বেলতলাৰ ঘৰখন এৰি আহি মই এনেও দুখতে আছোঁ। এটা কথা মই ভালকৈয়ে বুজিব পাৰিছোঁ যে , মা-দেউতাই যিমানে সুবিধাৰ ঘৰ বিচাৰিলেও বেলতলাৰ ঘৰখনৰ দৰে মৰমীয়াল মানুহবোৰক মই ক'তোৱেই বিচাৰি নাপাম। তাত পাঞ্জাৱী মাম্মাই মোৰ বাবে ঘিঁউৰে ভজা পৰাঠা আৰু পনীৰৰ আঞ্জা ইমান সোৱাদ লগাকৈ কোনেও মোক কৰি দিব নোৱাৰে! যদি কোনোবাই তেনেকৈ দিবও পাৰে, তাত কিন্তু মাম্মাৰ দিয়াৰ দৰে মৰম নাথাকিব। এই যে মাম্মাই মোক সোধে, 'মিকু কি খাবা আজি? পৰাঠা? পনীৰ খাবা নে?' তাৰপিছত যে মাম্মাই মোক আমাৰ ঘৰৰ পৰা লৈ গৈ একদম তেওঁলোকৰ ঘৰৰ কিচ্ছেনত মোক বহাই ৰাখি চকুৰ সন্মুখত গৰম গৰম পৰাঠা ভাজি দিয়ে! সেয়া হৈ গ'লেই তেওঁ মোক টিভি চাই থকা পাপ্পাৰ ওচৰতে বহুৱাই দি পৰাঠাখন সৰু সৰু টুকুৰা কৰি পনীৰৰ আঞ্জা থকা বাতিটোত লেতিয়াই লৈ মুখতে খুৱাই দিয়ে!  মাম্মাৰ হাতৰ পৰাঠাৰ সোৱাদ! কি যে অপূৰ্ব! নাই, নাই এনেকুৱা মৰম মোক আৰু কোনেও নকৰে!

 

অফিছৰ পৰা গধূলি ঘৰলৈ আহি চাহ খাবৰ পৰতে দেউতাই মাৰ লগত কথা পাতে। এইকেইদিন কথাৰ বিষয় কেৱল আমাৰ বাবে এটা নতুন ভাড়াঘৰ। মই স্কুললৈ আৰু দেউতা অফিচলৈ যোৱাৰ পিছত মায়ে এইকেদিন সদায় ঘৰ বিচাৰি ফুৰিছে। দেউতায়ো সেয়ে মাক সোধে,'আজি গৈছিলা নেকি ওলায়? ক'ৰবাত কিবা খবৰ পালানে?'  ঘৰ বিচৰা কথাটো উল্লেখ নকৰিলেও মায়ে বুজি পাই দেউতাই যে ভাড়াঘৰৰ কথাটোকে সুধিছে। মায়ে কেইবাটাও ঘৰৰ কথা কয়। '৪ নম্বৰ বাইলেনৰ সোঁফালে এটা ঘৰ পাইছিলোঁ। কিন্তু সেই ঘৰটোত বোলে পানীৰ সমস্যা। ওচৰৰ দোকানীজনেহে কৈছে।' তাৰ পিছত দেউতাই ক'ব,'পানীখিনিহে মেইন। যদি সেইটোৱেই নাথাকে কিনো ঘৰ ল'বা? বাদ দিয়া এইটো।' মায়ে আকৌ ক'ব, 'সেই যে মিকুহঁতৰ লগত পঢ়ে, মানস নামৰ ল'ৰাটো! তাৰ মাকে তেওঁলোকৰ ওচৰতে ঘৰ এটা খালী হ'ব বুলি কৈছে ৰ'বা! খালী হ'লেই তেওঁ মোক জনাব বুলি কৈছে।' মাৰ কথা শুনি দেউতাই কয়, 'হ'ব দিয়া! তুমি ইমান চিন্তা নকৰিবা। আমি বিচৰা ধৰণৰ ঘৰ এটা সোনকালেই পাই যাম দিয়া।'

 

দেউতাৰ কথা সঁচা। মায়ে ঘৰ বিচাৰি ভালকৈয়ে হাবাথুৰি খাইছে। মাক এইকেদিন এই কথাটোকে লৈ চিন্তাত থকা দেখিছোঁ। আনকি ফ'নত কাৰোবাৰ লগত কথা পাতিলেও যি কথাই নাপাতক কিয়, মায়ে ঘৰ বিচাৰি ফুৰাৰ কথা ক'বই ক'ব। কিন্তু মোৰ দৰে সৰু ল'ৰা এটাই মাকনো এই কথাটোত কিদৰে সহায় কৰিব পাৰোঁ! মোৰ মনৰ এই অসহায় কথাটো দেউতাই বুজিব পাৰে। সেয়ে মা আৰু মোৰ মনটো ভাল লগাবলৈকে দেউতাই মাজতে কথা সলাই মাক সোধে, 'মই মণিপুৰলৈ যাওঁতে মিকুৱে তোমাক কি সাধু শুনাইছিল?'

 

হঠাতে মাৰ মুখখন উজ্জ্বলি উঠে। মায়ে মোক কয়, 'মিকু বাবা, কোৱানা, মোক কোৱা সাধুবোৰ দেউতাকো কোৱানা! ৰাজুৰ সাধুটোকে কোৱা আজি।'

 

মা-দেউতা দুয়ো সাধু শুনিবলৈ মোৰ ওচৰতে বহে। মই ৰাজুৰ সাধু কওঁ। ৰাজু নামৰ মোৰ সমনীয়া ল'ৰাটো যে, তাক দেউতাকে কেইটামান ঘৰুৱা বস্তু আনিবলৈ এদিন দোকানলৈ পঠিয়াইছিল। ৰাজুক দেউতাকে সোনকালে ঘৰলৈ আহিবলৈ কৈছিল। ৰাজুৱে দেউতাকৰ কথা মতেই দোকানখনলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিল। সি অহা বাটটোৰ কাষতে অলপ দ' গাঁত এটাত পৰি সহায় বিচাৰি কেঁকাই থকা  বুঢ়ামানুহ এজনক দেখিলে। বাটেৰে বহু মানুহ অহা-যোৱা কৰি আছে। কিন্তু কোনেও মানুহজনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই। ৰাজুৰ তৎক্ষণাৎ মাকৰ কথা মনত পৰিল।  তাৰ মাকে প্ৰায়েই কয়, 'নিঃসহায় মানুহক সহায় কৰিব লাগে।' ৰাজুৱে মানুহজনক ধৰি ৰাস্তাত উঠাত সহায় কৰি দি দোকানলৈ গ'ল। সেয়ে দোকানৰ পৰা ঘূৰি আহোঁতে তাৰ অলপ পলম হ'ল। এই কথাটোতে ৰাজুৰ দেউতাকে তাক খং কৰিলে। ৰাজুৱে বাটত হোৱা ঘটনাটোৰ কথা ক'লে যদিও দেউতাকে বৰ এটা গুৰুত্ব নিদিলে। তাৰ বৰ দুখ লাগিল। কিন্তু মাকে ক'লে যে, তেওঁ ৰাজুক অবিশ্বাস কৰা নাই। ৰাজুৱে মাকক ক'লে, 'কিন্তু দেউতাইতো মোক খং কৰিছে মা।' মাকে ক'লে, 'দেউতাৰা অফিচৰ পৰা আহিলে মই বুজাই ক'ম নহয়। তেতিয়া তেওঁ নিশ্চয় বুজিব।'

 

পাছদিনা পুৱা ৰাজুহঁতৰ ঘৰত বৰ আচৰিত কিন্তু ভাল লগা ঘটনা এটা ঘটিল। ৰাজুহঁতৰ ঘৰৰ কলিংবেলটো বাহিৰত কোনোবাই বজাই থকাৰ শব্দ শুনি দেউতাকে দুৱাৰ খুলি দিলে। লগে লগে দেউতাকক নমস্কাৰ জনাই এজন ভদ্ৰলোক সোমাই আহি সুধিলে, 'এয়া ৰাজুৰ ঘৰ নহয়নে? মই তেওঁক বিচাৰি আহিছোঁ।' অচিনাকী মানুহজনৰ কথা শুনি দেউতাক বৰ আচৰিত হ'ল। আনকি মাক আৰু ৰাজুও আচৰিত হ'ল। তেওঁলোক দুয়ো আহি বহাকোঠা পালেহি। ৰাজুক দেখি মানুজনে 'হেল্ল' ইয়াংমেন! হাউ আৰ ইউ?' বুলি কৈ হেণ্ডচেক কৰিলে। তাৰপিছত মাক আৰু দেউতাকলৈ চাই ক'লে, 'বুজিছে, মই এই নগৰৰ নতুন মেয়ৰ । নগৰখনৰ মানুহবোৰৰ ৰেহ-ৰূপ, আচাৰ-ব্যৱহাৰ জানিবলৈ মই কালি বাটৰ কাষত বুঢ়া মানুহৰ ভেশ লৈ পৰি আছিলোঁ। মোক কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিল। কিন্তু এজন সৰু ল’ৰাই আগবাঢ়ি আহি মোলৈ সহায় আগবঢ়ালে। পিছত মই ওচৰৰ দোকানীজনক সুধি গম পালোঁ যে ল’ৰাজনৰ নাম ৰাজু আৰু তেওঁ এইখন ঘৰৰে ল’ৰা। তেওঁ নিশ্চয় আপোনাৰে ল’ৰা, মই তেওঁক 'ধন্যবাদ' দিবলৈ আৰু আপোনালোকক কৃতজ্ঞতা জনাবলৈ আহিছোঁ। আপোনালোকে ৰাজুক বৰ ভাল সংস্কাৰ দিছে। এইবুলি তেওঁ ৰাজুৰ মাকৰ হাতত এটা মিঠাইৰ টোপোলা আৰু ৰাজুক ছৱি আকিঁবলৈ ৱাটাৰ কালাৰৰ চেট এটা আৰু ধুনীয়া ছৱি থকা কিতাপ দুখন দিলে। ৰাজুৰ বিষয়ে এনেকুৱা ভাল কথা শুনি তাৰ মাক-দেউতাকে বৰ ভাল পালে। দেউতাকে আগদিনা ৰাজুক  মিছামিছিকৈয়ে যে খং কৰিছিল সেই  কথা বুজি পালে। তেওঁ ৰাজুক  আনকি ' Sorry' ও কৈছে।  

 

মোৰ সাধু কোৱা শেষ হ'ল। দেউতাই ইমান ভাল পালে যে তেওঁ clap বজালে। মায়ে ক'লে, 'বাহ! কি বঢ়িয়া! ৰাজু বৰ ভাল ল'ৰা। আমাৰ মিকুও খুউ..উ..ব ভাল ল’ৰা।' এইবুলি মায়ে মোক চপক চপককৈ দুয়ো গালতে এসোপামান চুমা খালে। দেউতাই স্ফূৰ্তিতে কোলাত তুলি ল'লে।

 

আজিকালি মোক দেউতাই আগৰ দৰে বহু দেৰিলৈকে একেৰাহে কোলাত তুলি লৈ থাকিব নোৱাৰে। কাৰণ দিনে দিনে মই ডাঙৰ হৈ গৈ আছোঁ। মোৰ ওজনো বাঢ়িছে বহুখিনি। কিন্তু দেউতাই কয়, মোক যদি তেওঁ এনেকৈ সদায় সদায় অন্ত্তঃ এবাৰ হ’লেও কোচত তুলি লৈ থাকে, তেন্তে মোক বোলে বহুত ডাঙৰ হোৱালৈকে এনেকৈ কোচত লৈ থাকিব পাৰিব। সেয়া বাৰু পিছৰ কথা। কিন্তু মোক যে এতিয়া দেউতাই এনেকৈ তুলি লৈছে, মোৰ ইমান ভাল লাগিছে। মোৰ অকণি বুকুখন গৰ্বত ফুলি উঠিছে।



°°°°°°°°°°°°°°


Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page