top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

ভয়াবহ গোলকীয় উষ্ণতা

  • Writer: নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী
    নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী
  • Jan 8
  • 2 min read

নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী

 

আমি বাস কৰা পৃথিৱীখনৰ উষ্ণতা দিনে দিনে বৃদ্ধি পাই গৈ আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে পৃথিৱীৰ উদ্ভিদ জগত আৰু জীৱ কুলৰ ওপৰত কু-প্ৰভাৱ পৰিছে।


বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড (CO2) , মিথেন, নাইট্ৰাছ অক্সাইড আদিৰ দৰে অতিৰিক্ত সেউজগৃহ গেছ বৃদ্ধিয়েই গোলকীয় উষ্ণতাৰ মুখ্য কাৰণ। এই গেছবোৰে সূৰ্য্যৰ পৰা অহা তাপক আবদ্ধ কৰি ৰাখে যাৰ ফলত আমাৰ পৃথিৱী প্ৰয়োজনতকৈ অত্যাধিক গৰম হৈ পৰিছে। ক্ৰমান্বয়ে এই অতিৰিক্ত তাপে বতৰৰ ধাৰণা সলনি কৰিছে। অতিৰিক্ত উষ্ণতা বৃদ্ধিয়ে পৃথিৱীত অস্বাভাৱিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। কিছুদিনৰ আগতে গোলকীয় উষ্ণতাৰ বাবেই বিশ্বৰ হাঁওফাঁও স্বৰূপ বৰ্ষাৰণ্য আমাজনত বনজুই লাগিছিল। এই বৃহৎ অৰণ্যই বিশ্ববাসীক ২০ শতাংশতকৈও বেছি অক্সিজেন যোগান ধৰি আহিছে। আমাজনৰ সেই লেলিহান শিখাত ৩০ নিযুত একৰ বন্যভূমিৰ লগতে হেজাৰ হেজাৰ জীৱ প্ৰজাতি জ্বলি ছাই হৈ গৈছিল। প্ৰকৃতিৰ এনে বিপৰ্যয়ে অশুভ ইংগিত দি গৈছে। সেয়ে পৃথিৱীবাসী অৰ্থাৎ মানৱ জাতি সচেতন হোৱা উচিত। কাৰণ মানুহেই এনে সমস্যাৰ সৃষ্টি কৰিছে।


গাড়ী-মটৰ, কল-কাৰখানা চলাবৰ বাবে আমি তেল, গেছ, কয়লা আদি ব্যৱহাৰ কৰোঁ। এই ইন্ধনবোৰৰ পৰাই কাৰ্বনডাই অক্সাইড নামৰ গেছ নিৰ্গত হৈ বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে সূৰ্যৰ পৰা অহা তাপ সেই গেছে আবদ্ধ কৰি ৰখাৰ বাবেই পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। গছ-লতাই বতাহৰ পৰা কাৰ্বন ডাই অক্সাইড (CO2) শোষণ কৰি অক্সিজেন এৰি দিয়ে। মানুহে কাৰণে-অকাৰণে গছ-গছনি কাটি ধ্বংস কৰাৰ ফলত বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইডেৰে  ভৰি পৰাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে।


গোলকীয় উষ্ণতাৰ বাবে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অঞ্চলৰ বৰফ গলি যোৱাৰ বাবে বৰফত বাস কৰা প্ৰাণী বিলুপ্ত হৈ আহিছে। আনহাতে বৰফ গলা পানীয়ে সাগৰ পৃষ্টৰ উচ্চতা বঢ়াই দিয়াৰ ফলত নিতে নতুন নতুন সাগৰ তীৰ অঞ্চল পানীৰ কৱলত পৰিছে।  গোলকীয় উষ্ণতাৰ বাবে বতৰৰ অস্বাভাৱিক পৰিবৰ্তন হ'ব ধৰিছে। প্ৰৱল ধুমুহা-বৰষুণৰ  বাবে বানপানী সৃষ্টি হৈ উদ্ভিদ আৰু জীৱ-জন্তুৰ অনিষ্ট সাধন কৰি আহিছে। অনাবৃষ্টিৰ বাবে শুকান খৰাং বতৰে উদ্ভিদ আৰু প্ৰাণীৰ জীৱনলৈ বিপদ মাতি আনিছে। অত্যাধিক গৰমৰ ফলত মানুহৰ লগতে জীৱ-জন্তু নানান ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিব লগা হৈছে।


সৌৰ শক্তি ব্যৱহাৰ, বনাঞ্চল সংৰক্ষণৰ লগতে বৃক্ষ ৰোপন কৰি গোলকীয় উষ্ণতাৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰি। প্ৰকৃতি সুৰক্ষিত হৈ থাকিলেহে আমি জীয়াই থাকিম। গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ হ'লে মানৱ জাতি সজাগ হ'ব লাগিব। ভৱিষ্যতৰ বাবে মানৱ উপযোগী এই গ্ৰহটো সুৰক্ষিত কৰি সৌন্দৰ্য্যৰে সমৃদ্ধ আমাৰ পৃথিৱীৰ অপৰূপ প্ৰাকৃতিক পৰিবেশক আমি জীয়াই ৰাখিলেহে আমিও সুস্থ শৰীৰে জীয়াই থাকিম।


@@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page