ভাৰতীয় গ্ৰীষ্মকাল
- প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া
- Sep 27, 2024
- 3 min read
Updated: Oct 3, 2024

প্ৰণবেন্দ্ৰ শৰ্মা,
চান হ'জে, কালিফোৰ্নিয়া
'ভাৰতীয় গ্ৰীষ্মকাল' মানে ইংৰাজীৰ 'ইণ্ডিয়ান চামাৰ', এই শব্দটোৰ লগত যুক্তৰাষ্ট্ৰলৈ অহাৰ আগতে মোৰ চিনাকি হোৱা নাছিল। যুক্তৰাষ্ট্ৰলৈ অহাৰ পাছত প্ৰথম পাঁচমাহ আছিলোঁ ফ্লৰিডা প্ৰদেশৰ আটলান্টিক মহাসাগৰৰ উপকূলীয় চহৰ মেলবৰ্ণত। অসমৰ পৰা আহি জলবায়ুৰ বৰ এটা পাৰ্থক্য পোৱা নাছিলোঁ, সেয়ে এই শব্দটোৰ লগতো পৰিচয় হোৱা নাছিল। উনৈশশ ছয়াশী চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে যুক্তৰাষ্ট্ৰৰ মধ্য পশ্চিম অঞ্চলৰ মিজৌৰী ৰাজ্যৰ ৰোলা বুলি সৰু চহৰ এখনলৈ উচ্চশিক্ষাৰ্থে গৈ আঢ়ৈ বছৰ থাকিলোঁ। সেই সময়তেই এই শব্দটোৰ লগত ভালদৰে পৰিচয় ঘটিল।
জীৱনত প্ৰথম তুষাৰপাত দেখিছিলোঁ উনৈশশ পঁচাশী চনৰ ডিচেম্বৰ মাহৰ ছাবিশ তাৰিখে জৰ্জিয়া প্ৰদেশৰ আটলাণ্টা চহৰত। কিন্তু সেয়া আছিল অতি সামান্য, গুড়ি গুড়ি তুষাৰ কণিকা। ভালদৰে তুষাৰপাত দেখিলোঁ ৰোলা চহৰলৈ অহাৰ পাছত, মাৰ্চ মাহৰ মাজভাগত এদিন পুৱা। তৃতীয় মহলাত তেতিয়া মই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কোনো এটা বিষয়ত আন আন ছাত্ৰৰ সৈতে অধ্যয়নৰত আছিলোঁ। অধ্যাপকে পঢ়ুৱাই থকাৰ মাজতেই কোনোবাই চিঞৰিলে, “বৰফ পৰিছে, বৰফ পৰিছে।” অধ্যাপকৰ উপস্থিতি আওকাণ কৰি আমি কেইবাজনো দৌৰ মাৰিলোঁ খিৰিকিমুখলৈ। আমাৰ বাবে সেয়া আছিল জীৱনৰ প্ৰথম তুষাৰপাত দেখাৰ অভিজ্ঞতা। চকুৰে নেদেখিলে বুজাব নোৱাৰা অভিজ্ঞতা, আজি প্ৰায় চল্লিশ বছৰৰ পাছতো চকুৰ আগত ভাহি উঠে।
তাৰ পাছত এপ্ৰিল মাহত আহিল বসন্ত। চৌদিশে সেউজীয়া, “সেউজী, সেউজী, সেউজী অ’, সেউজী ধৰণী ধুনীয়া।” জুনত প্ৰথম ষাণ্মাসিকৰ পাঠ শেষ হোৱাত পৰীক্ষা সমাপ্ত কৰি গ্ৰীষ্মৰ সংকুচিত ষাণ্মাসিকৰ পাঠ্যক্ৰমৰ বাবে নাম ভৰ্ত্তি কৰিলোঁ। আমি তেতিয়া দুখীয়া ছাত্ৰ, ক’ৰবালৈ যাবলৈ মন থাকিলেও সামৰ্থ্য নাই। সোমবাৰৰ পৰা বৃহস্পতি বাৰলৈ এটা মাত্ৰ বিষয়ৰ পাঠ, শুক্ৰবাৰে শ্ৰেণীৰ পৰীক্ষা। সেইকেইদিন “হোমৱৰ্ক”ৰ বাহিৰে আন একো কৰিবলৈ সময় নাথাকে। শনিবাৰে ৰবিবাৰে বিশেষ কাম নাই কিন্তু ওলাই যাবলৈ গাড়ীও নাই, পইচাও নাই। আমি ভাড়া লৈ থকা ঘৰটোৰ কাষেৰেই পণ্যবাহী মালগাড়ীৰ ৰেললাইনটো। গ্ৰীষ্মৰ এলেহুৱা দুপৰীয়াবোৰ ঘৰৰ বাৰাণ্ডাত বহি তিনি চাৰিটা ইঞ্জিনে টনা দীঘল দীঘল মালগাড়ীবোৰলৈ চাই থাকোঁ। ডবাবোৰৰ গাত লিখা থকা নামবোৰ পঢ়ি ভ্ৰমণৰ অলীক কল্পনাৰ সপোনপুৰীত বিচৰণ কৰি ফুৰোঁ। লাহে লাহে গৰম বাঢ়ি আহি আগষ্টৰ মাজ মানত অসহ্য গৰম হ'ল। দুসপ্তাহমান চাটিফুটি গৰম কিন্তু তেতিয়ালৈ গৰমৰ বন্ধৰ পাছত দ্বিতীয় ষাণ্মাসিকৰ পাঠ আৰম্ভ হোৱাৰ বাবে বেছিভাগ সময় বিশ্ববিদ্যালয়তেই কটাব লগা হোৱাৰ বাবে সকাহ পালোঁ। গৰমো লাহে লাহে কমি আহিছিল, নিশা শীতল হ'বলৈ আৰম্ভ কৰিছিল। আমি মনতে ভাবিলোঁ দ্বিতীয় ষাণ্মাসিকটোৰ নাম যিহেতু “ফল (হেমন্ত) চেমেষ্টাৰ” সেয়ে হেমন্তৰ আগমনৰ বতৰা আহিছে বোধহয়। পিছে আমাৰ ধাৰণা সম্পূৰ্ণ নস্যাৎ কৰি চেপ্তেম্বৰৰ শেষত নে অক্টোবৰ মাহৰ আৰম্ভতে বতৰে হঠাৎ অন্য ৰূপ ধাৰণ কৰিলে।
শীতল হৈ আহিব ধৰা বতৰে হঠাৎ ৰূদ্ৰমুৰ্ত্তি ধাৰণ কৰিলে। নিশা টোপনি নহা গৰম, সময়ে সময়ে ভাড়াঘৰৰ কোঠাৰ সৰু শীতাতাপ নিয়ন্ত্ৰিত যন্ত্ৰটোৱে কোঠাটো শীতল কৰাত অক্ষম যেন বোধ হ'ল। তেতিয়াহে অগ্ৰজসকলৰ মুখত শুনিবলৈ পালোঁ এই শব্দটো, “ ইণ্ডিয়ান চামাৰ”, ভাৰতীয় গ্ৰীষ্মকাল। তাৰ পাছত আঠত্ৰিশ বছৰ পাৰ হৈ গ'ল। আমিও যুক্তৰাষ্ট্ৰৰ মধ্য-পশ্চিমৰ পৰা আহি পশ্চিম উপকূলত প্ৰশান্ত মহাসাগৰৰ তীৰৰ পৰা বিশ মাইল মান দূৰৈত আছোঁহি। কিন্তু প্ৰতি বছৰে এই ভাৰতীয় গ্ৰীষ্মকালে আমাৰ লগ এৰা নাই। পৃথিৱীখনৰ আৱৰ্তন আৰু সাগৰীয় সোঁতৰ বাবে উত্তৰ গোলাৰ্ধৰ এই নাতিশীতোষ্ণ অঞ্চলবোৰত এইটো এটা বছৰেকীয়া প্ৰাকৃতিক ক্ৰিয়া। আগষ্ট মাহৰ শেষৰ পৰা অক্টোবৰ মাহৰ শেষলৈ যিকোনো সময়তেই কিছুদিন এনে গৰমৰ সন্মুখীন হ'বলগীয়া হয়। পিছে এতিয়া গোলকীয় উষ্ণতাৰ বাবে হয়তো বহুতেই বতৰৰ এই তাৰতম্যৰ বিষয়ে অৱগত নহয়।
আজিৰ পৰা প্ৰায় পাঁচশ বছৰ আগতে কলম্বাছ মহাশয়ৰ ভৌগোলিক অজ্ঞতাৰ বাবে আজিও আমি ভাৰতত নাথাকিও আমেৰিকাতে ‘ভাৰতীয় গ্ৰীষ্মকাল’ উপভোগ কৰি আছোঁ। আচলতে ইটালীৰ অভিযাত্ৰী ক্রিষ্টোফাৰ কলম্বাছে বিশ্বাস কৰিছিল যে পৃথিৱীখন প্ৰকৃততে বহুত সৰু আৰু এছিয়া মহাদেশ, ইউৰোপৰ পৰা মাত্ৰ কেইহাজাৰমান নটিকেল মাইল পশ্চিমে আছে। সেয়ে তেওঁ ইণ্ডিয়ালৈ বুলি স্পেইনৰ পৰা আটলাণ্টিক মহাসাগৰেদি প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ আটলাণ্টিক মহাসাগৰ পাৰ হৈ পশ্চিম দিশলৈ জাহাজ চলাই আমেৰিকাৰ বাহামাৰ এটা সৰু দ্বীপত অৱতৰণ কৰে, যাৰ নাম তেওঁ ছান ছালভাডৰ ৰাখিছিল। আমেৰিকাত অৱতৰণ কৰাৰ পিছত কলম্বাছে ভাৰতত উপস্থিত হোৱা বুলি বিশ্বাস কৰিছিল আৰু স্থানীয় লোকসকলক তেওঁ "ভাৰতীয়" (ইণ্ডিয়ান) বুলি কৈছিল।
যোৱা দুদিনমানৰ পৰা আমি এই ভাৰতীয় গ্ৰীষ্মকাল উপভোগ কৰি আহিছোঁ। দিনত প্ৰায় চল্লিশ ডিগ্ৰী। মোৰ বোধেৰে পিছে ভাৰতীয় গ্ৰীষ্মকাল নহয়, বতৰ সলনি হোৱাৰ পৰিণাম।
ক্ৰিষ্টোফাৰ কলম্বাছে সেই ভুলটো নকৰা হ'লে আজি আমি 'ভাৰতীয় গ্ৰীষ্মকাল'ৰ সলনি কি উপভোগ কৰিলোঁহেঁতেন কোনে জানে।
#############
Comments