ভোগালীৰ ভোগ
- চয়নিকা চেতিয়া, পুলিবৰ আৰ্দশ উ.মা. বিদ্যাপীঠ, গোলাঘাট
- Sep 27, 2024
- 2 min read

চয়নিকা চেতিয়া
পুলিবৰ আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যাপীঠ
গোলাঘাট
ব্ৰহ্মপুৱাতে হাঁহৰ গড়ালৰ দুৱাৰখন খুলি দি হাঁহ কেইজনী ওলাই যোৱাৰ লগে লগে প্ৰতিদিনৰ দৰে আজিও গঁড়ালৰ ভিতৰলৈ সৰুমনে জুমি চালে।
:এটা, দুটা, তিনিটা, চাৰিটা ...
বাঃ! পাঁচটা কণী আছে দেখোন!
মাকে তাক কৈছিল যে এই সপ্তাহত যদি বিশটা কণী গোট খায়, তেতিয়া উৰুকাৰ দিনাৰ বজাৰত বিক্ৰী কৰি দুশটকা পাব আৰু সেই দুশ টকাৰে তালৈ চুৱেটাৰ এটা কিনি দিব।
তৃতীয় শ্ৰেণীত থাকোঁতেই তাক মাকে চুৱেটাৰ এটা কিনি দিছিল। সেইটোৰেই এতিয়া সি ষষ্ঠ শ্ৰেণী পালেগৈ। হওঁতে মাকৰ দুখ বুজি আপডাল কৰিয়েই পিন্ধে বাবেই চুৱেটাৰটো ভাল হৈয়ে আছে। কিন্তু এতিয়া তাৰ গাটোৰ জোখৰে হয় যদিও তলপেটটোৰ আধা অংশৰ লগতে হাতদুখনৰো কিলাকুটিৰ অলপ তললৈকেহে ঢাকিব পাৰিছে চুৱেটাৰটোৱে।
মাকে সেইবাবেই এইবাৰ নতুন এটা আনি দিব বুলি কোৱাত সি হিচাপ কৰি আছে কণী বিশটা হোৱালৈকে। কালিলৈকে ষোল্লটা হৈ আছিল।
আজি পাঁচটা যোগ হৈ একৈশটা হ'ল।
মনটোত এসোপা আনন্দ লৈ কণীকেইটা হাতত লৈ মাকৰ ওচৰলৈ দৌৰ মাৰে সি খবৰটো দিবলৈ।
ধোঁৱা বৰণীয়া ফিচিকা চাদৰখনেৰে গাটো মেৰিয়াই ককালৰ ভাঁজত কলহটো লৈ কঁপি কঁপি সৌৱা মাকজনীয়ে পানী আনিবলৈ গৈছে নৈৰ পৰা। উৰুকাৰ বজাৰলৈ বাৰীৰ শাক পাত লৈ যোৱা বলীন খুড়াকে ঘূৰি ঘূৰি চাই গৈছে তাৰ মাকলৈ, আৰু মাকে যিমান পাৰে টানি টুনি লৈছে চাদৰখন।
সি পিছফালৰ পৰাই একেথৰে মাকলৈ চাই ৰয় ।
চহৰলৈ কামলৈ যাওঁতে, দেউতাকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ পিছৰে পৰা মাকজনীয়ে কম কষ্ট কৰি ডাঙৰ কৰিছে নে তাক! আৰ তাৰ ঘৰত কাম কৰি হ’লেও মাকজনীয়ে তাক খোৱা বোৱাত কষ্ট পাবলৈ নিদিয়াকৈ ৰাখিছে। নিজে নাখাই ভালটো তাকেই খুৱাইছে। মাকজনীহে দিনে দিনে একেবাৰে শুকাই ক্ষীণাই গৈছে!
মাকে তাৰ চুৱেটাৰটোৰ কথা চিন্তা কৰিছে, কিন্তু নিজৰ হ’লে ঠাণ্ডাত ল’বলৈ গৰম কাপোৰ এখনো নাই! ইমান জাৰতো পাতল চাদৰখনকে লৈ আছে।
মাঘ সোমালেই মেজিৰ জুয়ে জাৰ খেদিবই যেতিয়া, এইটো শীতত চুটি হ'লেও পুৰণা চুৱেটাৰটোৰে তাৰ কাম চলিব। কিন্তু মাকলৈহে গৰম চাদৰ এখনৰ প্ৰয়োজন সি অনুভৱ কৰিলে। বিশটা কণী বিক্ৰী কৰি পোৱা টকাৰে কিনিব পৰা নাযাব নে বাৰু!
নিশ্চয় যাব, কিয় নাযাব। চুৱেটাৰ নহয়, গৰম চাদৰ এখনহে আনিবলৈ ক'ব সি মাকক। মাকে নামানিলে সি খোৱা লোৱা বন্ধ কৰি দিব।
সিদ্ধান্তটো লৈ গোটাই থোৱা কণীকেইটাৰ লগত চাৰিটা কণী ৰাখি, মুঠ বিশটা কৰি; এটা কণী সি মাকে জুহালত জ্বলাই থৈ যোৱা জুইকুৰাৰ ওপৰত থকা কেটলিটোত ভৰাই দিলেগৈ।
কোনোদিনে ভাল কিবা এটা নোখোৱা মাকে আজি কামলৈ ওলাই যোৱাৰ আগত ভাত কেইটা অন্ততঃ সুদাকৈ খাব নালাগে।
ইতিমধ্যে পানীৰ কলহ লৈ ঘৰলৈ ওভতা সৰুমনৰ মাকেও একেটা কথাকে ভাবি আহিছিল; এটা কণী সৰুমনক আজি অন্ততঃ দিব পাৰিলেই হয়!
উৰুকাৰ দিনাখন তাক সুদা ভাত দিবলৈকে বেয়া লাগিব!
সদায়েই তিনিটা বা, চাৰিটা কণী পাৰি থোৱা পাঁচজনী হাঁহৰ আজি পাঁচোজনীয়েই কণী পাৰি সৰুমন আৰু সৰুমনৰ মাকৰ মনলৈ কঢ়িয়াই আনিছিল ভোগালীৰ ভোগৰ অনাবিল আনন্দ!
এয়া যেন মৰমৰ হাঁহ কেইজনীয়ে সিহঁতক দিয়া ভোগালীৰ বিশেষ উপহাৰ।
@@@@@@@@@@@
Comments