বগা সাপটো (অনুবাদ গল্প)
- পবিত্ৰা বৰঘৰীয়া, মুম্বাই
- Jan 9
- 6 min read

পবিত্ৰা বৰঘৰীয়া, মুম্বাই
বহু বছৰ আগতে এখন দেশত নিজ গুণ গৰিমাৰে বিদ্বান ৰজা এজন বাস কৰিছিল। তেওঁ এনে সৰ্বজ্ঞ আছিল, যেন বতাহতো অতিকৈ গোপন কথাবোৰৰ খবৰ তেওঁলৈ আহিছিল। কিন্তু তেওঁৰ এটা অদ্ভুত নিয়ম আছিল; প্ৰতিদিনে ৰাতিৰ আহাৰৰ পিছত পৰিষ্কাৰ মেজলৈ এজন বিশ্বাসী লিগিৰাই তেওঁৰ বাবে আৰু এটা বাচন আনিবলগীয়া হৈছিল। বাচনটো ঢাকনিৰে ঢাকি থোৱা আছিল, সেয়ে তাত কি আছে সেয়া কোনেও নাজানিছিল; আনকি লিগিৰাজনেও নাজানিছিল। কাৰণ ৰজাই একেবাৰে অকলশৰীয়া নোহোৱালৈকে কেতিয়াও ইয়াৰ ঢাকনিখন খোলা নাছিল।
ৰজাৰ এনে আচৰণ বহুদিন ধৰি চলি আছিল। এদিন বাচনটো লৈ যোৱা লিগিৰাজনৰ তাতনো কি আছে চাবলৈ ইমান কৌতুহল হ’ল যে, বাচনটো নিজৰ কোঠালৈ লৈ নগৈ নোৱাৰিলে। কোঠাত সোমাই দুৱাৰখনত সাৱধানে তলা মাৰি থৈ বাচনটোৰ ঢাকনিখন খুলি দিলে। লিগিৰাজনে দেখিলে যে বাচনটোৰ ভিতৰত এটা বগা সাপ আছে। সাপটো দেখিয়েই তেওঁ তাৰ সোৱাদৰ লোভ সামৰিব নোৱাৰি সাপটোৰ এটা সৰু অংশ কাটি মুখত ভৰোৱাৰ লগে লগে তেওঁ খিৰিকীৰ বাহিৰৰ পৰা সৰু সৰু মাতৰ এটা অদ্ভুত ফুচফুচনি শুনা পালে। তেওঁ উঠিগৈ ভালদৰে কাণপাতি শুনিলে আৰু লক্ষ্য কৰিলে যে বহুত চৰায়ে একেলগে বহি কথা-বতৰা পাতি আছে। সিহঁতে উৰি ফুৰোতে পথাৰ আৰু হাবিৰ মাজত কি কি বস্তু দেখা পাইছিল, শুনা পাইছিল, সেইবোৰ কথা ইজনে সিজনক কৈ আছে। তেওঁ লক্ষ্য কৰিলে, সাপটো খোৱাৰ পিছৰে পৰা তেওঁ জীৱ-জন্তুৰ ভাষা বুজি পোৱাৰ এক আচৰিত শক্তি লাভ কৰিলে।
সেইকেইদিনতে এটা ঘটনা ঘটিল। ৰাণীৰ আটাইতকৈ ধুনীয়া আঙঠিটো হেৰাল আৰু সেইটো চুৰি কৰাৰ সন্দেহ সেইজন লিগিৰাৰ ওপৰতে পৰিল; কিয়নো ৰাজকাৰেঙৰ ভিতৰলৈকে যোৱাৰ অনুমতি মাত্ৰ তেওঁৰহে আছিল। ৰজাই লিগিৰাক কটু শব্দৰে ভাবুকি দিলে যে যদিহে তেওঁ পিছদিনা পৰ্য্যন্ত আঙঠি চোৰটোক বিচাৰি উলিয়াব নোৱাৰে, তেন্তে তেওঁকেই দোষী বুলি মৃত্যুদণ্ড দিয়া হ’ব। তেওঁ কোনো পধ্যেই নিজৰ নিৰ্দোষীকতা প্ৰমাণ কৰিব নোৱৰিলে; ফলত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰা হ’ল।
তেওঁ অতি বিমৰ্ষ হৈ চিন্তা কৰি থাকোঁতেই দেখিলে যে কিছুমান হাঁহে নৈ এখনৰ পাৰত নীৰৱে বহি জিৰণি লৈ আছিল; আৰু ঠোঁটেৰে ইটোৱে সিটোৰ পাখি কোটালি কোটালি একেলগে গোপন কথা-বতৰা পাতি আছিল। লিগিৰাজনে কাষত থিয় হৈ শুনি আছিল; ৰাতিপুৱাৰে পৰা সিহঁতে ক’ত ক’ত ফুৰিছিল আৰু কি কি ভাল খাদ্য খাবলৈ পাইছিল, বহি লৈ সেইবোৰকে কথা পাতি আছিল। সেই সময়তে এজনী হাঁহে বৰ কৰুণ সুৰত ক’লে, ‘সিদিনা ৰাণীৰ খিৰিকীৰ তলত পৰি থকা আঙঠি এটা দেখি একো নাভাবি গিলি দিলোঁ; সেইটো এতিয়া মোৰ পেটতে গধুৰ হৈ পৰি আছে।‘ লিগিৰাজনে কথাটো শুনিয়েই তাইক থাপমাৰি তাইৰ ডিঙিত ধৰি লগেলগেই পাকঘৰলৈ লৈ গ'ল আৰু ৰান্ধনীজনৰ ওচৰলৈ গৈ ক’লে, ‘এইজনী এজনী তেলেৰে টুপটুপীয়া হৈ থকা হাঁহ, ভগৱানৰ নাম লৈ এইক মাৰক আৰু খোৱাৰ বন্দোৱস্ত কৰক।' ৰান্ধনীয়ে "হয়," বুলি শলাগি হাঁহজনী হাতত লৈ ক’লে যে, হাঁহ জনী বৰ মঙহাল, ৰ’ষ্ট কৰাবৰ বাবেহে যেন তাই কষ্টৰে অপেক্ষা কৰি আছে। তেনেদৰে কৈয়ে ৰান্ধনীজনে তাইৰ মূৰটো কাটি চাফা কৰি দুটুকুৰা কৰোঁতেই পেটৰ ভিতৰৰ পৰা ৰাণীৰ আঙঠিটো ওলাই পৰিল।
লিগিৰাজনৰ এতিয়া নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰা সহজ হৈ পৰিল। ৰজাই তেওঁৰ ওপৰত হোৱা অন্যায়ৰ ক্ষতিপূৰণ হিচাপে তেওঁক এটা অনুৰোধৰ সুযোগ দিলে আৰু প্ৰতিশ্ৰুতি দিলে যে তেওঁ ৰাজসভাত নিজৰ পছন্দৰ শ্ৰেষ্ঠ স্থান লাভ কৰিব। কিন্তু লিগিৰাজনে সকলো অস্বীকাৰ কৰি কেৱল এটা ঘোঁৰা আৰু ভ্ৰমণৰ বাবে অলপ টকা বিচাৰিলে; কিয়নো তেওঁ বিশ্বৰ ভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ মন কৰিছিল।
তেওঁৰ অনুৰোধ মঞ্জুৰ হোৱাত তেওঁ যাত্ৰা আৰম্ভ কৰিলে। এদিনাখন তেওঁ গৈ গৈ এটা পুখুৰীত তিনিটা মাছ নলৰ মাজত আট খাই শ্বাস ল’বলৈ সংগ্ৰাম কৰি থকা দেখা পালে। যদিও মাছবোৰে কথা ক'ব নোৱাৰে, তেওঁ শুনিলে মাছবোৰে গভীৰ দুখত আৰ্তনাদ কৰিছে! দৰদী লিগিৰাজনৰ হিয়া পমি গ'ল। তেওঁ ঘোঁৰাৰ পৰা নামি আহি মাছকেইটাক পানীৰ মাজলৈ মুকলি কৰি দিলে। মাছকেইটাই আনন্দত জপিয়াই উঠিল আৰু মূৰ তুলি ক’লে, ‘আমি আপোনাক চিৰদিন মনত ৰাখিম আৰু আপোনাৰ এই সহায়ৰ প্ৰতিদান এদিন নহয় এদিন দিম।‘
তেওঁ ঘোঁৰাত উঠি আগুৱাই গৈ থাকিল, আৰু এসময়ত এনে লাগিল যে, তেওঁৰ ভৰিৰ তলৰ বালিত কাৰোবাৰ মাত এটা শুনিছে। তেওঁ কাণপাতি এগৰাকী পৰুৱাৰ ৰজাই অভিযোগ কৰা শুনিলে। পৰুৱাৰ ৰজাই ক'লে, ‘মানুহে, নিজৰ সুবিধাৰ বাবে জন্তুবোৰৰ সৈতে, আমাৰ শৰীৰবোৰ কিয় মোহাৰি যায়? সেই মূৰ্খ ঘোঁৰাটোৱে, গধুৰ খুৰাৰে মোৰ জাতিটোক নিৰ্মমভাৱে চেপি পেলাইছে!’ পৰুৱাৰ ৰজাৰ কথা শুনি লিগিৰাজনে সাৱধানতাৰে সেই সৰল পথটো এৰি আন এটা পাৰ্শ্ব পথেৰে গতি কৰিলে। পৰুৱাৰ ৰজাই তেওঁক ক'লে, ‘আপোনাৰ এই উপকাৰ আমি মনত ৰাখিম। এটা ভাল কামৰ প্ৰতিদান আন এটা ভাল কামেই হয়।‘
এইবাৰ ঘোঁৰাটোৱে তেওঁক এখন হাবিৰ মাজলৈ লৈ গ’ল আৰু ইয়াত তেওঁ দুটা বুঢ়া কাউৰী নিজৰ বাহৰ কাষত থিয় হৈ থকা, আৰু পোৱালিবোৰ বাহিৰলৈ পেলাই থকা দেখিলে। ‘বাহিৰ হোৱা, অলস, নিষ্কৰ্মা প্রাণীবোৰ!’ আকৌ সিহঁতে চিঞৰি উঠিল, ‘আমি আৰু তোমালোকৰ বাবে খাদ্য বিচাৰি নাপাওঁ, তোমালোক যথেষ্ট ডাঙৰ হৈছা, আৰু নিজৰ যোগান নিজে ধৰিব পাৰিবা।‘ কিন্তু দুৰ্ভগীয়া পোৱালি কাউৰীবোৰ মাটিত পৰি আছিল, ডেউকা জোকাৰিছিল আৰু কান্দিছিল, ‘অহ', আমি কি অসহায় পোৱালি! আমি নিজৰ বাবে নিজে কষ্ট কৰিব লাগিব, কিন্তু আমি উৰিব নোৱাৰো! এতিয়া আমি কি কৰিম? মাটিত পৰি শূন্য পেটৰ কষ্টতে মৰিম নে?’ দয়ালু লিগিৰাজনে ইয়াকে দেখি নিজৰ ঘোঁৰাৰ পৰা নামি আহি এটা কাম কৰিলে; তেওঁ নিজৰ তৰোৱালেৰে ঘোঁৰাটো কাটি পোৱালিবোৰক খাদ্যৰ বাবে দিলে। পোৱালিবোৰ তাৰ ওচৰলৈ জপিয়াই আহিল, নিজৰ পেটৰ ক্ষুধা পূৰাই আনন্দেৰে ক’লে, ‘আপোনাক চিৰদিন মনত ৰাখিম। এটা ভাল কামৰ প্ৰতিদান আন এটা ভাল কামেৰেই হয়।‘
এতিয়া লিগিৰাজনে নিজৰ ভৰিৰ ওপৰত ভৰসা কৰিহে আগবাঢ়িব লগা হ’ল। বহুদূৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁ এখন ডাঙৰ চহৰত উপস্থিত হ’ল। চহৰৰ পথবোৰত ভয়াবহ কোলাহল আৰু মানুহৰ সমাগম। তেনে সময়তে এজন মানুহ ঘোঁৰাত উঠি আহি চিঞৰিছিল, ‘ৰজাৰ কন্যাই এজন পতি বিচাৰিছে, কিন্তু যিজনে আবেদন কৰিব, তেওঁ এটা কঠিন কাম সম্পন্ন কৰিব লাগিব। আৰু যদি তেওঁ সফল নহয়, তেওঁক ৰজাই প্ৰাণে মাৰিব।‘বহুজনে ইয়াৰ চেষ্টা কৰিছে, কিন্তু বিফল হ’ল। তথাপি, যুৱক লিগিৰাজনে ৰাজকন্যাৰ সৌন্দৰ্য দেখি ইমান মুগ্ধ হ’ল যে সকলো বিপদ পাহৰি ৰজাৰ ওচৰলৈ গৈ ক'লে যে তেওঁ ৰাজকন্যাৰ পাণিগ্ৰহণৰ বাবে আবেদন কৰিছে।
তেতিয়া তেওঁক সাগৰলৈ লৈ যোৱা হ’ল আৰু তাত সোণৰ আঙঠি এটা দলিয়াই দিয়া হ’ল। তাৰ পাছত ৰজাই তেওঁক এই আঙঠিটো সাগৰৰ তলৰ পৰা আনিবলৈ আদেশ দিলে আৰু লগতে ক'লে, ‘যদি আপুনি আঙঠি অবিহনে পুনৰ ওপৰলৈ আহে তেন্তে আপোনাক বাৰে বাৰে পানীৰ মাজলৈ দলিয়াই দিয়া হ'ব যেতিয়ালৈকে আপুনি ঢৌৰ মাজত বিলীন হৈ নাযায়।‘সুদৰ্শন যুৱকজনৰ বাবে সকলো ৰাইজে শোক কৰিলে; তাৰ পাছত তেওঁলোকে তেওঁক সাগৰৰ পাৰত অকলে এৰি গুচি গ’ল।
পাৰত থিয় হৈ তেওঁ কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। হঠাতে তেওঁ দেখিলে যে তিনিটা মাছ তেওঁৰ ফালে সাঁতুৰি আহি আছে, আৰু সেইকেইটাই আছিল সেই মাছ, যাৰ জীৱন তেওঁ ৰক্ষা কৰিছিল। মাজত থকাটোৰ মুখত এটা খোলাৰ দৰে বস্তু আছিল, যিটো পাৰত ৰৈ থকা ডেকাজনৰ ভৰিৰ ওচৰত থৈ গৈছিলহি। যেতিয়া তেওঁ সেইটো তুলি লৈ খুলি চাইছিল, তেতিয়া সেই খোলাটোৰ ভিতৰতে সোণৰ আঙঠিটো সোমাই আছিল। আনন্দৰে তেওঁ সেইটো ৰজাৰ ওচৰলৈ লৈ গ’ল, আৰু আশা কৰিলে যে তেওঁ তেওঁক প্ৰতিজ্ঞা কৰা পুৰস্কাৰটো প্ৰদান কৰিব।
কিন্তু যেতিয়া অহংকাৰী ৰাজকুমাৰীয়ে তেওঁক দেখিলে, তেতিয়া অনুভৱ কৰিলে যে তেওঁ জন্মগতভাৱে তাইৰ সমকক্ষ নহয়, তেতিয়া তাই তেওঁক তুচ্ছজ্ঞান কৰিলে আৰু তেওঁক আন এটা কাম কৰিবলৈ বাধ্য কৰালে। তাই বাৰীলৈ আহি নিজৰ হাতেৰে দহটা বস্তা ভৰ্তি বাজৰাৰ গুটি ঘাঁহনিত ছটিয়াই দি ক'লে যে 'ৰাতিপুৱা সূৰ্য্য উদয়ৰ আগতে এইবোৰ তুলি ল'ব লাগিব, আৰু এটাও শস্যৰ কম হ'লে নহ'ব।'
বাৰীত বহি এই কামটো কেনেকৈ সম্ভৱ হ'ব পাৰে সেই বিষয়ে বিবেচনা কৰিবলৈ ধৰিলে, কিন্তু তেওঁ একো উপায় বিচাৰি নাপালে। তেওঁ দুখেৰে দিনৰ অন্তত মৃত্যুৰ বিভীষিকাহে অনুভৱ কৰি শিঁয়ৰি উঠিল। কিন্তু সূৰ্য্যৰ প্ৰথম ৰশ্মি বাৰীখনত জিলিকি উঠাৰ লগে লগে তেওঁ দেখিলে যে দহটা শস্যৰে ভৰ্তি বস্তা কাষে কাষে থিয় হৈ আছে, এটাও শস্য মাটিত ৰৈ যোৱা নাই। পৰুৰাৰ ৰজাজন ৰাতি হাজাৰ হাজাৰ পৰুৰা লৈ আহিল আৰু কৃতজ্ঞ জীৱবোৰে বৰ উদ্যমেৰে সকলো বাজৰাৰ বীজ তুলি লৈ বস্তাত গোটাই থৈ গৈছিল।
ৰাজকন্যা নিজেই বাৰীলৈ নামি আহিল চাবলৈ, আৰু ডেকাজনে কামটো সুন্দৰকৈ কৰি থোৱা দেখি আচৰিত হ’ল। কিন্তু তাই এতিয়াও নিজৰ অহংকাৰী হৃদয়খন জয় কৰিব নোৱাৰিলে আৰু ক'লে, ‘যদিও সি দুয়োটা কামেই কৰিলে, অনন্ত জীৱন দিয়া গছৰ পৰা আপেল এটা বিচাৰি ননালৈকে তেওঁ মোৰ স্বামী হ'ব নোৱাৰে।‘
যুৱকজনে অনন্ত জীৱন দিয়া গছ ক’ত আছে নাজানে, তথাপি তেওঁ ৰাওনা হ’ল। যেতিয়ালৈকে তেওঁৰ ভৰি দুখনে তেওঁক কঢ়িয়াই নিব, আগবাঢ়ি যাব; যদিও তেওঁৰ সেয়া বিচাৰি পোৱাৰ কোনো আশা নাছিল। তিনিখন ৰাজ্যত ঘূৰি ফুৰাৰ পাছত এদিন সন্ধিয়া এখন হাবিলৈ আহি এজোপা গছৰ তলত তেওঁ শুই পৰিল। কিন্তু ডালবোৰত কিবা হুলস্থূলৰ শব্দ শুনি চালে আৰু হাতত সোণালী আপেল এটা পৰিল। একে সময়তে তিনিটা কাউৰী তেওঁৰ ওচৰলৈ উৰি আহি তেওঁৰ আঁঠুত বহি ক'লে, ‘আমিয়েই সেই তিনিটা কাউৰী পোৱালি, যাক আপুনি অনাহাৰে মৰাৰ পৰা ৰক্ষা কৰিছিল; যেতিয়া আমি শুনিছিলোঁ যে আপুনি অনন্ত জীৱন দিয়া গছৰ সোণালী আপেল বিচাৰিছে, আমি সাগৰৰ ওপৰেৰে পৃথিৱীৰ শেষলৈকে উৰি গৈ সেই ঠাইখন পালোঁগৈ য'ত সেইজোপা গছ আছে। তাৰ পৰাই এই আপেলটো আপোনাৰ বাবে লৈ আহিছো।‘ যুৱকজন অভিভূত হৈ পৰিল আৰু আনন্দৰে যুৱকজনে সোণালী আপেলটো লৈ গ’ল ৰজাৰ ধুনীয়া ৰাজকন্যাৰ ওচৰলৈ, যিজনৰ আৰু অজুহাত দেখুৱাবলৈ একোকে বাকী নাছিল। সেই বিশেষ আপেলটো দুভাগ কৰি দুয়ো একেলগে খালে; আৰু তাৰ পিছত তাইৰ হৃদয়খন তেওঁৰ প্ৰতি প্ৰেমেৰে উপচি পৰিল আৰু তেওঁলোকে বহু বয়সলৈকে অনিৰ্বাচনীয় সুখত জীৱন নিৰ্বাহ কৰি থাকিল।
%%%%%%%%%%
コメント