পূজাৰ বতৰ
- নিৰ্মিতা বৰগোহাঁই , গুৱাহাটী, অসম
- Sep 30, 2024
- 1 min read
Updated: Oct 3, 2024

নিৰ্মিতা বৰগোহাঁই
গুৱাহাটী
শৰত আহিলেই শেৱালী ফুলে
টোপটোপকৈ নিয়ৰ সৰে
নীলা আকাশত শুকুলা মেঘে
হাতী-ঘোঁৰাৰ ছবি আঁকে।
নদীৰ পাৰত ৰিব্ৰিব্ বতাহত
কোমল কঁহুৱাই নাচে
শৰত কালত মা' দুৰ্গা
ধৰালৈ নামি আহে।
আৰতি অৰ্চনাৰে ভক্ত সকলে
দেৱী মাক আদৰি আনে
উদূলি-মুদূলি পূজাৰ গধূলি
মন ৰাই-জাই কৰে।
ৰঙীন লাইটৰ চিক্মিক্ পোহৰত
চকু চাটমাৰি ধৰে
মা-দেউতাই হাতত ধৰি
পূজা চাবলৈ নিয়ে।
নতুন নতুন পুতলা বেলুন
দেউতাই কিনি দিয়ে
অঁকোৱা-পঁকোৱা জেলেপি দেখিলে
লোভত জিভাৰ পানী পৰে।
আনন্দ মেলাত কিমান যে খেল
দেখিলেই মন ভৰে
চকৰিত উঠা কথা ভাবিলেই
ভয়তে জীৱ উৰে।
উলহ-মালহত পূজাৰ দিনবোৰ
পাৰ হ'বলৈ ধৰে
সপোন যেন ল’গা সেই দিনবোৰ
মধুৰ স্মৃতি হৈ পৰে।
*********
Comments