top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰীঃ সুনীতা উইলিয়ামছ

  • Writer: পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
    পবিত্ৰা বৰঘৰীয়া, সম্পাদক-সূৰুযমুখী
  • Oct 4, 2024
  • 2 min read

Updated: Oct 8, 2024


সুনীতা উইলিয়ামছৰ পৰিচয়ঃ

 

সুনীতা লিন উইলিয়ামছ এগৰাকী অৱসৰপ্ৰাপ্ত আমেৰিকাৰ নৌসেনাৰ বিষয়া আৰু বৰ্তমান আমেৰিকাৰ চৰকাৰী সংস্থা নাছা (NASA- National Aeronautics and Space Administration) ৰ এগৰাকী মহাকাশচাৰী।


সুনীতা উইলিয়ামছক ভাৰতীয় মূলৰ বুলি ধৰা হয় কাৰণ তেওঁৰ পিতৃ ডা. দীপক পাণ্ডিয়া ভাৰতৰ গুজৰাটৰ মেহছানা জিলাৰ এজন ভাৰতীয়-আমেৰিকান স্নায়ু শৰীৰবিজ্ঞানী আছিল আৰু মাতৃ উৰ্চুলিন বনি পাণ্ডিয়া আছিল এগৰাকী স্লোভেন-আমেৰিকান। তেওঁলোকৰ তিনিটা সন্তানৰ ভিতৰত সুনীতা আছিল কনিষ্ঠা। ১৯৬৫ চনৰ ১৯ ছেপ্টেম্বৰত অহাইঅ'ৰ ইউক্লিডত জন্মগ্ৰহণ কৰা সুনীতাই মেছাচুচেটছৰ নিধামক তেওঁৰ গৃহ চহৰ বুলি গণ্য কৰে।


মহাকাশচাৰী সুনীতাঃ

 

১৯৯৮ চনত আমেৰিকাৰ চৰকাৰী সংস্থা নাছা (NASA National Aeronautics and Space Administration) ই সুনীতা উইলিয়ামছক মহাকাশচাৰী হিচাপে নির্বাচিত কৰে। এতিয়ালৈকে সুনীতাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ (ISS- International Space Station)  তিনিটা মহাকাশ অভিযানত অংশগ্রহণ কৰিছে; সেইকেইটা হৈছে –

 

১) এক্সপেডিচন ১৪/১৫ : এই অভিযান ২০০৬ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০০৭ চনৰ ২২ জুনলৈকে হৈছিল আৰু ইয়াত উইনিয়ামছে ফ্লাইট ইঞ্জিনিয়াৰ আছিল। সেই অভিযানত তেওঁ বৈজ্ঞানিক গৱেষণা আৰু ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কাম কৰিছিল।

 

২) এক্সপেডিচন ৩২/৩৩ : ২০১২ চনৰ ১৪ জুলাইৰ পৰা ১৮ নৱেম্বৰলৈকে হোৱা এই অভিযানত উইলিয়ামছ এক্সপেডিচন-৩২ৰ বিমান অভিযন্তা আৰু তাৰ পিছত এক্সপেডিচন-৩৩ ৰ কমাণ্ডাৰ  আছিল, য'ত তেওঁ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা আৰু অন্বেষণৰ কাৰ্য্যকলাপ চলাইছিল।

 

৩) তৃতীয় অভিযানত সুনীতা উইলিয়ামছ আৰু নাছাৰ সহযোগী মহাকাশচাৰী বুচ উইলমৰে ২০২৪ চনৰ ০৫ জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানেৰে গৈ ০৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র (ISS) ত অৱতৰণ কৰিছিলগৈ। পৰিকল্পনা অনুসৰি তেওঁলোকে আঠ দিন মহাকাশ কেন্দ্রত থাকি একেখন যানতে পৃথিৱীলৈ উভতি আহিব। কিন্তু ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী প্রত্যাহ্বানৰ বাবে তেওঁলোকে পৰিকল্পনা অনুসৰি নির্দিষ্ট সময়ত পৃথিৱীলৈ উভতি আহিব নোৱাৰিলে।

 

বর্তমান তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রতে অতিৰিক্ত সময় অতিবাহিত কৰি, ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত স্পেচএক্স ড্রেগন ক্ৰাফ্টৰ সহায়ত পৃথিৱীলৈ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে। গতিকে কর্মযোগী এই দুজন নাছাৰ মহাকাশচাৰীয়ে এই অতিৰিক্ত মহা মূল্যৱান সময়খিনিত, অর্থাৎ ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত বিভিন্ন বৈজ্ঞানিক পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ কাম হাতত লৈ আগবাঢ়িছে।

 

মহাকাশত খোজ কঢ়া (Spacewalk) সুনীতাঃ


প্রথমে আমি জানি ল'ব লাগিব মহাকাশ যাত্রা বা ভ্ৰমণ (Spacewalk) বা মহাকাশত খোজ কঢ়া মানেনো কি? লগেলগে এইটোও জানিব লাগিব, এক্সট্রাভেহিকুলাৰ এক্টিভিটি (EVA - Extravehicular activity) আৰু মহাকাশ যাত্ৰা একে নেকি?

 

মহাকাশচাৰীয়ে মহাকাশযানৰ পৰা বাহিৰলৈ গৈ মহাকাশত যেতিয়া যিকোনো কাৰ্য্যকলাপ কৰিব লগা হয়, তেনে অৱস্থাকে মহাকাশ যাত্ৰা বা মহাকাশ ভ্রমণ (Spacewalk) বোলা হয়। যিহেতু এনে কাম মহাকাশযানৰ বাহিৰলৈ গৈ কৰা হয়, সেয়ে ইয়াক এক্সট্রাভেহিকুলাৰ এক্টিভিটি (EVA) বুলিও কোৱা হয়।

 

বৈজ্ঞানিক গৱেষণা, নতুন সঁজুলি পৰীক্ষা, মেৰামতি আদি অতি প্ৰয়োজনীয় কামবোৰ কৰিবলৈ মহাকাশচাৰীসকলে মহাকাশ যাত্রা বা EVA কৰিব লগা হয়। ই এটা জটিল আৰু অতি বিপজ্জনক কাম যদিও মানুহৰ মহাকাশ অন্বেষণৰ বাবে ই অতি গুৰুত্বপূর্ণও। মহাকাশ ভ্রমণ কৰিবৰ সময়ত মহাকাশচাৰীয়ে চাপযুক্ত মহাকাশ-চুট পিন্ধি লয়, য'ত প্রয়োজনীয় অক্সিজেন আৰু পানী উপলব্ধ হোৱাৰ ব্যৱস্থা থাকে। ইয়াৰোপৰি এনে চুট পিন্ধি বিকিৰণ, মহাকাশত ঘূৰি ফুৰা বিভিন্ন ধ্বংসাৱশেষ আৰু তাপীয় সমস্যাৰ পৰা সুৰক্ষা পাব পাৰি। মহাকাশযানৰ লগত সংযুক্ত হৈ থাকিবলৈ তেওঁলোকে নিৰাপত্তা ৰচীৰ ব্যৱহাৰ কৰে।

 

সুনীতা উইলিয়ামছে প্রথম দুটা মহাকাশ অভিযানতে ৭ বাৰ মহাকাশ ভ্রমণ (Spacewalk) কৰি মুঠ ৫০ ঘণ্টা ৪০ মিনিট সময় মহাকাশযানৰ বাহিৰত থাকি এগৰাকী মহিলাৰ দ্বাৰা দ্বিতীয় সর্বাধিক মহাকাশত খোজ কঢ়াৰ অভিলেখ ইতিমধ্যে গঢ়ি তুলিছে।

 

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রৰ (ISS) নেত্রীৰূপে সুনীতাঃ

  

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে জুন-২০২৪ ৰ পৰা দ্বিতীয়টো কার্যকালৰ বাবে কক্ষপথত চলা পৰীক্ষাগাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র (ISS) ৰ নেত্রী (কমাণ্ডৰ) হিচাবে অধিষ্ঠিত হৈ আছে। ইয়াৰ পূৰ্বে সুনীতাই ২০১২ চনত এক্সপেডিচন-৩৩ ৰ সময়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ নেতৃত্ব প্রদান কৰিছিল।



*******************

Комментарии


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page