দেৱাঙ্গভূষণ বস্ত্ৰ
- ঋতুৰাজ বৰা, যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, চৰাইবাহী
- Sep 27, 2024
- 2 min read
Updated: Oct 3, 2024

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত সাধুকথাৰ কিতাপ ‘জুনুকা’, ‘ককাদেউতা আৰু নাতি ল’ৰা’ আৰু ‘বুঢী আইৰ সাধু’ৰ প্ৰতিটো সাধুকথাই সকলো শ্ৰেণীৰ পাঠকক অতি মুগ্ধ কৰি আহিছে।
তেখেতৰ ‘ককাদেউতা আৰু নাতি ল’ৰা’ গ্ৰন্থৰ সপ্তম সাধু ‘দেৱাঙ্গভূষণ বস্ত্ৰ’ সাধুটোৰ কবিতাৰ ৰূপ দিছে চৰাইবাহী,
যোৰহাটৰ শ্ৰীমান ঋতুৰাজ বৰাই।
শ্ৰীমান ঋতুৰাজ, যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, চটাইৰ, পদাৰ্থ বিজ্ঞান বিভাগৰ, প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ।
দেৱাঙ্গভূষণ বস্ত্ৰ
এখন আছিল বিশেষ দেশ
আছিল এজন ৰজা,
অদ্ভূত অদ্ভূত নিয়ম বান্ধি
পাইছিল তেওঁ মজা।
এদিন ৰজাই ক'লে বোলে
দিনক ৰাতি কৰা,
ৰাতিকে দিন ভাবি লৈ
হাতে-কামে ধৰা।
ৰাতি সৱে কৰিবা বন
শুই থাকিবা দিনত,
যদি নামানা আদেশ মোৰ
দণ্ড বিহিম খঙত।
দণ্ডৰ ভয়ত সকলো প্ৰজাই
পালিলে ৰজাৰ আদেশ,
এদিন আহিলে কেইজনমান তাঁতী
ফুৰি দেশ-বিদেশ।
ৰজাৰ পুখুৰীত দুপৰীয়া থ'লে
পানী খাবলৈ ভৰি,
দুপৰ ৰাতি,অচিন তাঁতী
ৰখীয়াই আনিলে ধৰি।
ৰাতি ৰজাই বিচাৰ কৰি
প্ৰাণদণ্ডৰ হুকুম দিলে,
অজান দেশত বিদেশী তাঁতীয়ে
ভয়তে সেপ গিলে।
সৰাৰ এটি উপায় চিন্তি
বিননি জুৰিলে মুখত,
আমাৰ এটি বিদ্যা লগতে যাব
আত্মায়ো বিনাব দুখত।
দেৱাঙ্গভূষণ বস্ত্ৰ আমি
ব’ব জানো সৱে,
শুনি ৰজাই কাপোৰ এযোৰ
পিন্ধাৰ কথা ভাবে।
বোলে ৰজাই ভাটীৰ তাঁতী
ব’ৱ যদি তেনে বস্ত্ৰ,
দণ্ড মই উঠাই ল'ম
নাপাবি অলপো কষ্ট।
কাপোৰ ব’বলৈ তাঁতশাল পাতি
নিলে দহসেৰ সোণ,
সূতা নথকা শালত মিছাই
ব'লে কাপোৰ ধুমাধুম।
বস্ত্ৰ চাবলৈ তাঁতীৰ কাষত
লাগিল মানুহৰ ভিৰ,
তাঁতীয়ে বোলে এটি কথা কওঁ
শুনা কৰি কাণ থিৰ।
এই বস্ত্ৰৰ মহিমা অনেক
কওঁ শুনা সেই কথা,
যি জহৰা নেদেখে বস্ত্ৰ
লাভ নাই কৰিও বেথা।
কোনেও নেদেখিল কাপোৰ
তথাপি সজ সজ বুলি গ'ল,
জহৰা বুলি কোৱাৰ ভয়ত
নিশ্চুপ হৈয়ে ৰ'ল।
শুভ দিন,বাৰ,ক্ষণ গণি
চাই বস্ত্ৰ পিন্ধিব ৰজাই,
তাকে চাবলৈ তাঁতীৰ কাষত
ভিৰ কৰিলেহি প্ৰজাই।
খহালে তাঁতীয়ে ৰজাৰ কাপোৰ
উলংগ কৰিলে মাত্ৰ,
মিছা কাপোৰ গাত দিলে মেৰিয়াই
কৰিলে হাঁহিয়াতৰ পাত্ৰ।
কাপোৰ নেদেখি ৰজাৰ মনত
উপজিল সন্দেহ ঘন,
তেৱোঁ নেকি এক জহৰা সন্তান
ভাবি সেমেকিল মন।
এজন লোকে মৰসাহ কৰি
ক'লে কথা হৈ থিয়,
মই হ'লে ৰজাক নাঙঠহে দেখিছোঁ
এনেবা হৈছে কিয়?
সাহ পাই তেবে সকলো প্ৰজাই
হয় হয় বুলি ক'লে,
লাজে-অপমানে একাকাৰ ৰজাই
তাঁতীক প্ৰাণদণ্ড দিলে।
তাঁতীয়ে বোলে মৰাৰ আগত
কৈ যাম কথা এটি,
মৃত্যুৰ আদেশ দিলেই যেতিয়া
এতিয়া কিহৰ ভীতি?
যি দেশত ৰাতিক দিন
দিনক ৰাতি কয়,
সেই দেশত নিৰ্বস্ত্ৰকো
সবস্ত্ৰ কিয় নকয়?
শুনি ৰজাৰ ভাগিল ভ্ৰম
দণ্ড ল'লে উঠায়,
তাঁতীহঁতকো পুৰস্কৃত কৰি
দিলে স-সন্মান বিদায়।
************
Comments