top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

জন্মদিনৰ উপহাৰ

  • Writer: ৰিদ্ধিমান গাৰ্গ, তৃতীয় শ্ৰেণী,তৃতীয় শ্ৰেণী, কাৰ্মেল স্কুল, যোৰহাট
    ৰিদ্ধিমান গাৰ্গ, তৃতীয় শ্ৰেণী,তৃতীয় শ্ৰেণী, কাৰ্মেল স্কুল, যোৰহাট
  • Sep 26, 2024
  • 2 min read

Updated: Oct 6, 2024

ৰিদ্ধিমান গাৰ্গ, তৃতীয় শ্ৰেণী

কাৰ্মেল স্কুল, যোৰহাট

 

মাক-দেউতাক, সৰু ভায়েক আৰু ককাক-আইতাকৰ সৈতে যোৰহাট চহৰত বাস কৰা ন-বছৰীয়া ল’ৰা মনৰ জুলাই মাহটো অহাৰ লগেলগে মনটো আনন্দৰে ভৰি পৰে; কিয়নো জুলাই মাহতে তাৰ জন্মদিনটো পৰে। সি এই দিনটোলৈ বৰ আগ্ৰহৰে বাট চাই থাকে। এইবাৰো মনে ঘৰৰ সকলো লোক আৰু আত্মীয়সকলে দিয়া উপহাৰ আৰু মৰমেৰে উপাচাই দিয়া বিশেষ দিনটো উলহ-মালহেৰে পালন কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে।

 

জুলাই মাহ সোমোৱাৰ লগেলগে মনহঁতৰ গৰমৰ বন্ধও আৰম্ভ হ'ল। মাক-দেউতাক আৰু সৰু ভায়েকৰ লগত সি এইবাৰ বন্ধত মাৰ্ঘেৰিটাত থকা ককাক-আইতাকৰ ঘৰলৈ গ'ল। তাত থকা দিনকেইটা তেওঁলোকে ককাক-আইতাক আৰু মাহীয়েকহঁতৰ লগত কিছুদিন বেচ আনন্দৰে কটালে।

 

ঘৰলৈ উভতাৰ দিনাহে মনে ৰাস্তাত অলপ বেলেগ ধৰণৰ পৰিৱেশ এটা লক্ষ্য কৰিলে। আহি থাকোঁতে সি ৰাস্তাৰ কাষত কেইবাটাও সৰু সৰু ঘৰ দেখা পালে। আচৰিত হৈ সি মাকক সুধিলে, "মা মা, এই ঘৰবোৰ চোৱাচোন, আমি আইতাহঁতৰ ঘৰলৈ যোৱাৰ দিনা এইবোৰতো দেখা নাছিলো! কিন্তু এতিয়া ক'ৰ পৰা আহিল?"

 

মনৰ মাকে কথাটো লক্ষ্য কৰি মনক বুজালে যে সেই ঘৰবোৰ হৈছে বান-পীড়িত লোকসকলৰ ঘৰ। এইকেইদিনত অহা বানে সেইসকল লোকৰ ঘৰ-দুৱাৰ সকলো বুৰাই পেলালে। গতিকে সেই লোকসকলে নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ লৈ ৰাস্তাৰ কাষৰ সেই ওখ ঠাইকণলৈ আহি এনেকৈ থাকিবলৈ লৈছে। তেওঁলোকে পানী নুশুকোৱালৈকে এনেকৈয়ে এই অস্থায়ী সৰু সৰু ঘৰবোৰতে থাকিব। ঘৰবোৰৰ সন্মুখত তাৰ সমান ল'ৰা-ছোৱালীবোৰ আমন-জিমনকৈ বহি থকা দেখি মনৰ বৰ দুখ লাগিল.... সেমেকা মন এটা লৈ সি ঘৰ পালেহি।

 

নিদিষ্ট দিনা তাৰ হেঁপাহৰ জন্ম দিনটো পালেহি। মনৰ বৰ স্ফূৰ্তি লাগিল। ৰাতিপুৱা ঘৰত হোৱা পূজা-ভাগত সেৱা কৰাৰ পাছত মাকে তাক বজাৰলৈ লগ ধৰিলে জন্মদিন বুলি কিবা এটা কিনি দিবলৈ। মনে তেতিয়া মাকক ক'লে, 'মা, এইবাৰ তোমালোকে মোক একো কিনি দিব নালাগে, তাৰসলনি পইচাকে দিয়াচোন।' মাকে আচৰিত হৈ সুধিলে, 'কিয় মন.... তুমি বজাৰলৈ নোযোৱা নেকি জন্মদিনৰ উপহাৰ ল'বলৈ?' তেতিয়া সি মাকক ক'লে যে সি এইবাৰ সকলোৰে পৰা জন্মদিনৰ উপহাৰ হিচাপে পইচাহে ল'ব আৰু সেইখিনি জমা কৰি থ'ব। এইবুলি কৈ সি মাক-দেউতাক, ককাক-আইতাক সকলোৰে পৰা  পইচা ল'লে আৰু সেইখিনি গোটাই দেউতাকৰ হাতত দি ক'লে, "দেউতা এইবাৰ মোৰ জন্মদিনৰ এই পইচা কেইটাৰে ৰাস্তাৰ কাষত থকা সৰু সৰু ল'ৰা-ছোৱালীবোৰকে কিবা এটা কিনি দিবাচোন; মোৰতো বহুত বস্তু আছে আৰু মই কিবা লাগিলে পিছতো ল'ব পাৰিম, কিন্তু ইমান কষ্টত থকা সেই ল'ৰা-ছোৱালীকেইটাই কিবা এটা পালে মোৰ মনটো বৰ ভাল লাগিব।"

 

তাৰ কথা কেইটা শুনি ঘৰৰ সকলোৱে বৰ ভাল পালে। দেউতাকে নিজৰ পৰাও কিছু টকা মিলাই, বানাক্ৰান্ত লোকসকল থকা শিবিৰ এটালৈ গৈ তাত থকা ল'ৰা-ছোৱালীকেইটাৰ প্ৰয়োজনীয় কিছু বস্তু কিনি দি থৈ আহিল।

 

নিজৰ জন্মদিনটো এনেদৰে পালন কৰি মনে এইবাৰ সঁচাই এক বুজাব নোৱৰা আনন্দ অনুভৱ কৰিলে। মনে মনতে প্ৰতিজ্ঞা কৰিলে যে ভৱিষ্যতেও সি এইদৰে বিপদত পৰা লোকসকললৈ সহায়ৰ হাত আগবঢ়াই যাব।

 

@@@@@@@@@@@

Comentários


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page