top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

চয়নিকা মাহীৰ চিঠি

  • Writer: চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
    চয়নিকা শৰ্মা, কৃষ্ণনগৰ, চান্দমাৰী, গুৱাহাটী
  • Sep 27, 2024
  • 2 min read

Updated: Sep 27, 2024


মৰমৰ মইনাহঁত,

 

মৰম ল'বা। আশাকৰো তোমালোক ভালে আছা। গৰম বন্ধৰ দিন কেইটা খুব আনন্দেৰে কটালা নহয়নে? আকৌ ভালকৈ মনপুতি চাগৈ পঢ়াত লাগিছা। 

 

তোমালোক সকলোৱে বাতৰি-কাকত পঢ়ি বা তোমালোকৰ শিক্ষক সকলৰ মুখত শুনি আৰু তোমালোকৰ অগ্ৰজ সকলক দেখি প্ৰতিযোগিতামূলক পৰীক্ষা কি নিশ্চয় জানিছা। মই চয়নিকা মাহীয়ে আজি প্ৰতিযোগিতামূলক পৰীক্ষা ছাত্ৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ তাকে কিছু ক'বলৈ ওলাইছো। পুথিগত বিদ্যাৰ মাপকাঠি যিমানেই উচ্চ স্তৰৰ নহওঁক কিয়, প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত ভাল ফল লাভ কৰিব পাৰিলেহে বৰ্তমান আগশাৰীৰ নামী শিক্ষানুষ্ঠানত পঢ়িবলৈ আসন এখন যোগাৰ কৰিব পাৰি। ভাল শিক্ষানুষ্ঠান এখনৰ শিক্ষাৰ্থী হ'বলৈ সকলোৰে ইচ্ছা থাকে নহয়নে? কিন্তু এই প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ যথেষ্ট কঠোৰতাৰে অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ। লগতে সাহস আৰু ধৈৰ্য লাগিব দেই। এই সাহস বা অভ্যাসৰ গঢ় দিবলৈ আজিকালি বিভিন্ন সংস্থাই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰে। সৰুৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত বহা অভ্যাস নহ'লে ডাঙৰলৈ কিছুমান আসোঁৱাহ ৰৈ যায় আৰু কৌশলসমূহ আয়ত্ব কৰিব নোৱাৰা অসমৰ্থতাৰ বাবেই সফলতাৰ মাপকাঠি চুবলৈ কঠিন হয়।

 

তেনে এক প্ৰতিযোগিতামূলক পৰীক্ষা হ'ল অলিম্পিয়াড পৰীক্ষা। তোমালোকে নিশ্চয় অলিম্পিয়াড পৰীক্ষাৰ কথা শুনিছা বা অৱতীৰ্ণও হৈছা। হয়তো ইতিমধ্যে বহুতে ভাল ফলো লাভ কৰিছা। কিন্তু তোমালোকৰ মাজৰে বহুতে হয়তো নাজনিবও পাৰে। এই পৰীক্ষা ভিন ভিন সংগঠনে আমাৰ দেশত অনুষ্ঠিত কৰে। তাৰে ভিতৰত SOF (Science Olympiad Foundation) এ প্ৰতিটো বিষয়ৰে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে এই পৰীক্ষা অনুষ্ঠিত কৰে। সাধাৰণতে অতি জনপ্ৰিয় অলিম্পিয়াড হ'ল SOF আৰু SIO (Silverzone International Olympiad)।          

 

অলিম্পিয়াডৰ জৰিয়তে আমাৰ দেশৰ অতি প্ৰতিভাৱান প্ৰতিযোগীক বাচনি কৰি আন্তৰ্জাতিক পৰ্য্যায়ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত কৰে। তেনে পৰীক্ষা বোৰ অনুষ্ঠিত কৰাৰ বাবে বেলেগ বেলেগ বিষয়ত বেলেগ বেলেগ অনুষ্ঠানে দায়িত্ব লয়। যেনে Indian Association of Research in Computing Olimpiad এ Indian Computing Olimpiad তিনিটা স্তৰত অনুষ্ঠিত কৰে। তেনেকৈ আকৌ Dr. Homi Bhaba Centre For Science Education এ Mathmatical Olimpiad (INMO) অনুষ্ঠিত কৰে । এই প্ৰতিযোগিতাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ত পাৰদৰ্শিতা দেখুওৱা ৩০-৪০ জন প্ৰতিযোগীক IOITC (International Olimpiade in Informatics Training Camp)ৰ বাবে নিৰ্বাচিত কৰা হয়। এই পৰীক্ষাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত আমাৰ দেশৰ বহুতো আগশাৰীৰ শিক্ষানুষ্ঠান যেনে CMI (Chennai Mathematical Institute), IIIT Delhi আৰু Hyderabad, IIT Gandhinagar আদিয়ে নামভৰ্তিৰ ক্ষেত্ৰত প্ৰাধান্যতা দিয়ে। শেহতীয়াকৈ IIT Kanpur তো এনে মেধাৱী শিক্ষাৰ্থীৰ বাবে আছুতীয়াকৈ কেইখনমান আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি শুনিছোঁ।

 

তোমালোকে নিশ্চয় জানা, এনেবোৰ আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ JEE mains আৰু Advance দুয়োটা পৰীক্ষা খুব ভালদৰে উত্তীৰ্ণ হ'ব লাগে। কিন্তু অলিম্পিয়াডৰ জৰিয়তেও আসন লাভ কৰিবলৈ JEE mains ত ভালদৰে উত্তীৰ্ণ হ'লেই হয় ।

 

সেয়ে মইনাহঁত, সৰুৰে পৰা এনে ধৰণৰ পৰীক্ষাত বহিলে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ যিবোৰ কৌশল বা সাহস আয়ত্ব কৰা দৰকাৰ সেই জ্ঞান লাভ কৰিব পাৰি।

মইনাহঁত আকৌ মৰম আৰু আশীৰ্বাদেৰে আজিলৈ এৰিছো দেই।

তোমালোকৰ ভাল হওঁক।

 

চয়নিকা মাহী

গুৱাহাটী

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page