গ্ৰন্থঃ "আজৰি পৰৰ ছকুৰি সাঁথৰ"
- অংশুমালা দেৱী, মণিকূট প্ৰকাশন, গুৱাহাটী
- Sep 27, 2024
- 1 min read
Updated: Sep 27, 2024

আজিৰ "গ্ৰন্থ পৰিচয়" শিতানত এখন সুন্দৰ আমোদজনক গ্ৰন্থৰ বিষয়ে পৰিচয় কৰাবলৈ লৈ আহিছে গুৱাহাটী মণিকূট প্ৰকাশনৰ হৈ শ্ৰীযুতা অংশুমালা দেৱীয়ে। কিতাপখনৰ নাম, "আজৰি পৰৰ ছকুৰি সাঁথৰ"।
তেখেতৰ বৰ্ণনাৰ পৰা অনুমান হয়, এই গ্ৰন্থখন কেৱল ছাত্ৰ-ছাত্ৰীকেই নহয়, সকলো বয়সৰ লোকক আমোদ দিব পৰা এখন গাণিতিক সাঁথৰৰ সংকলন।
আমি গ্ৰন্থখনৰ বিষয়ে জানো আহকচোন-
গ্ৰন্থৰ নামঃ "আজৰি পৰৰ ছকুৰি সাঁথৰ"
লেখকঃ ড° ভুবনেশ্বৰ চহৰীয়া
প্ৰকাশকঃ মণিকূট, গুৱাহাটী
মূল্যঃ ১৫০ টকা
“আজৰি পৰৰ ছকুৰি সাঁথৰ"ৰ নামৰ গ্ৰন্থৰ সংকলক ড° ভূবনেশ্বৰ চহৰীয়াই অসমীয়া সাহিত্যলৈ নিষ্ঠাৰে অৰিহণা যোগাই আহিছে। 'ভাৰত জন-বিজ্ঞান যাত্ৰা' নামৰ বিজ্ঞান জনপ্ৰিয়কৰণৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা ড° ভূৱনেশ্বৰ চহৰীয়াই কলাৰ মাধ্যমেৰে বিজ্ঞানক জনসাধাৰণৰ ওচৰ চপাই নিবলৈ চেষ্টা কৰি আহিছে । তেখেতে ১৯৭৫ চনৰ পৰা তেজপুৰৰ দৰং মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু ১৯৯৫ চনত তেজপুৰ বিশ্ববিদ্যালয়ত পৰীক্ষা নিয়ন্ত্ৰক হিচাপে যোগদান কৰি ২০১৩ চনত অৱসৰ গ্ৰহণ কৰে।
"আজৰি পৰৰ ছকুৰি সাঁথৰ" গ্ৰন্থখন ড° ভুবনেশ্বৰ চহৰীয়াৰ দ্বাৰা সংকলিত কেতবোৰ আমোদজনক গাণিতিক সাঁথৰৰ সংগ্ৰহ।
আমি সচেতনভাৱে লক্ষ্য নকৰিলেও আমাৰ দৈনন্দিন জীৱনৰ প্ৰায়বোৰ কথা গণিতৰ সূত্ৰ এডালেৰে গঁথা থাকে। এইডাল যুক্তিৰ সূতা। বৰ্তমান যুগত গণিত অবিহনে কোনো মানুহেই চলিব নোৱাৰে। পাছে দেখা যায় যে, প্ৰায়বোৰ লোকৰে গণিত-ভীতি এটা সাধাৰণ সমস্যা। কিন্তু আমি যিমানেই এৰাই চলিব নিবিচাৰোঁ কিয় গণিতে আমাক নেৰে। পশ্চিমীয়া সাহিত্যিত আজৰি পৰৰ গণিতৰ এক বিশেষ স্থান আছে। দৈনন্দিন জীৱনৰ আমনিদায়ক গতানুগতিকতাৰ পৰা আঁতৰি আহি ভিন্ন স্বাদ লোৱাৰ হেঁপাহ বহুতৰে থাকে আৰু গণিতৰ আমোদজনক সাঁথৰ একোটাৰ সমাধান কৰিও সেই স্বাদ লভিব পাৰি। গণিতৰ বিশাল জগতখনত এনে কেতবোৰ বিষয় আছে যিবোৰ পাঠ্যপুথিত সন্নিবিষ্ট নহয়। গণিতৰ জগতখনক বুজিবলৈ কিছুমান বিষয়ৰ ওপৰত সাধাৰণ ধাৰণা থকাৰ প্ৰয়োজন, তাৰবাবে এই গ্ৰন্থখন পঢ়িলে বিশেষভাৱে উপকৃত হ'ব।
গণিতৰ আমোদজনক সাঁথৰৰ এই অভিনৱ সংকলনখন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলোৰেই বাবে নিশ্চয়কৈ এখন সংগ্ৰহযোগ্য গ্ৰন্থ।
############
Comments