top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

গোলকীয় উষ্ণতা: কাৰণ, পৰিণাম আৰু উষ্ণতা হ্ৰাসৰ চিন্তন

  • Writer: মন্দিতা শৰ্মা, খ্ৰীষ্টানবস্তি, গুৱাহাটী
    মন্দিতা শৰ্মা, খ্ৰীষ্টানবস্তি, গুৱাহাটী
  • Jan 9
  • 4 min read

মন্দিতা শৰ্মা, গুৱাহাটী

 

গোলকীয় উষ্ণতা (Global Warming) হৈছে ২১শ শতিকাৰ বিশ্বজনীন পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ সমস্যা। গোলকীয় উষ্ণতাৰ পৰিণাম পৃথিৱীৰ গড় তাপ মাত্ৰা বৃদ্ধি ঘটাইছে, যাৰ পৰিণামত প্ৰকৃতি, জীৱ-জন্তু, আৰু মানুহৰ জীৱনো অতি গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। গোলকীয় উষ্ণতাৰ মূল কাৰণ আৰু তাৰ ভয়াবহ পৰিণাম চিহ্নিত কৰি, ইয়াক হ্ৰাস কৰাৰ উপায়সমূহ সন্দৰ্ভত বিজ্ঞানসন্মত আলোচনা বিশেষ গুৰুত্বপূৰ্ণ।


গোলকীয় উষ্ণতাৰ মুখ্য কাৰণসমূহ হ’ল মানুহসৃষ্ট বিভিন্ন কাৰ্য্যকলাপ, যিবোৰ কামে বায়ুমণ্ডললৈ সেউজ গৃহ গেছ নিৰ্গত কৰি তাপ আৱদ্ধ কৰি ৰাখে।


ক) গোলকীয় উষ্ণতাৰ কেইটিমান বিশেষ কাৰণঃ

১) সেউজ গৃহ গেছৰ নিঃসৰণ : কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ফ্লুৰ'ৰিনেটেড গেছ (হাইড্ৰ'ফ্লুৰ'কাৰ্বন, পেৰাফ্লুৰ'কাৰ্বন, ছালফাৰ হেক্সাফ্ল'ৰাইড) আদি সেউজ গৃহ গেছ জমা হোৱাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাটোৱেই হৈছে গোলকীয় উষ্ণতা বৃদ্ধি। এই গেছবোৰে বায়ুমণ্ডলত সূৰ্যৰ পৰা অহা তাপ শোষণ কৰি তাপ আৱদ্ধ কৰি পৃথিৱীত উষ্ণতা বৃদ্ধি কৰে। পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলত গোলকীয় উষ্ণতাই জলবায়ু পৰিৱর্তন, প্ৰাকৃতিক সম্পদৰ ক্ষয়-ক্ষতি আৰু জীৱবৈচিত্ৰৰ বিনাশৰ দৰে বিষয়সমূহৰ সৃষ্টি কৰিছে।

 

২) জীৱাশ্ম ইন্ধনৰ অধিক ব্যৱহাৰ : কয়লা, তেল, আৰু প্ৰাকৃতিক গেছৰ প্ৰচুৰ ব্যৱহাৰে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে।

 

৩) অৰণ্যনাশ (Deforestation) : গছ-গছনিয়ে কাৰ্বন-ডাইঅক্সাইড শোষণত সহায় কৰে; কিন্তু বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলৰ অতিৰিক্ত কাৰ্বন-ডাইঅক্সাইড শোষণ কৰাৰ সামৰ্থ্য হ্ৰাস হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। অৰণ্য নিধন আৰু বৃক্ষশূন্য কৰণৰ ফলত মাটিৰ পৰিসংৰক্ষণ আৰু বায়ুৰ আর্দ্ৰতা হ্ৰাস পায়।

 

৪) শিল্প ব্যৱস্থাৰ বিস্তাৰ : কল-কাৰখানাসমূহৰ পৰা নিষ্কাশিত ধোঁৱাই বায়ুমণ্ডলত দূষিত গেছৰ পৰিমাণ বৃদ্ধি কৰে।

 

৫) আধুনিক কৃষি প্ৰণালী : আধুনিক কৃষি প্ৰণালী গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা বিশেষ কাৰণ। আধুনিক কৃষিত নাইট্ৰজেনভিত্তিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক ব্যৱহাৰৰ ফলত মাটিত নাইট্ৰাছ অক্সাইড (N₂O) মুকলি কৰে, যি এটা শক্তিশালী গ্ৰিনহাউছ গেছ। ই কাৰ্বন ডাই অক্সাইডতকৈ (CO₂) প্ৰায় ৩০০ গুণ অধিক তাপ উৎপন্ন কৰে।

আধুনিক কৃষি প্ৰণালীত অধিক কৃষি ভূমিৰ বাবে বনাঞ্চল ধ্বংস কৰি খেতিৰ মাটি উলিওৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, কিয়নো গছ-পুলি থাকিলে সেই গেছ শোষণ কৰিব পাৰিলেহেঁতেন।

ট্ৰেক্টৰ, হাৰভেষ্টাৰ আদি কৃষি যন্ত্ৰ ব্যৱহাৰৰ বাবে জীৱাশ্ম ইন্ধনৰ প্ৰয়োজন হয়, যি কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ এটা ডাঙৰ উৎস।

 

৬) চাহিদাৰ আধুনিকীকৰণ : জনসংখ্যা বৃদ্ধি, শপিং মল আৰু উদ্যানসমূহত বিদ্যুৎ আৰু পানীৰ অপচয়।

 

খ) ভয়াবহ পৰিণামসমূহ:

১) জলবায়ুৰ বেয়া প্ৰভাৱ : গোলকীয় উষ্ণতাৰ ফলত বতাহৰ গড় তীব্ৰতা তথা বৰষুণৰ পৰিমাণৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। ফলস্বৰূপে ঠায়ে ঠায়ে অধিক খৰাং আৰু অতিমাত্ৰা বৰষুণৰ সৃষ্টি হৈছে।

 

২) সাগৰৰ পানীৰ স্তৰ বৃদ্ধি : গ্লেচিয়াৰ গলাৰ ফলত সমুদ্র পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈছে। ই উপকূলীয় অঞ্চলৰ জন-জীৱন বিপদাপন্ন কৰি তুলিছে।

 

৩) প্ৰাকৃতিক বিপৰ্যয় বৃদ্ধি : জলবায়ুৰ অস্থিৰতা যেনে, অধিক পৰিমাণে তীব্ৰতৰ ঘূৰ্ণীবতাহ, বানপানী, আৰু অগ্নিকাণ্ডৰ ঘটনা ঘটিছে। ই বিশ্বৰ প্ৰাকৃতিক পৰিৱেশক ধ্বংস কৰি সামাজিক আৰু অৰ্থনৈতিক পৰ্যায়ত ক্ষতিসাধন কৰিছে।

 

৪) জীৱ বৈচিত্ৰ্যৰ ক্ষতি : বহু প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু বিলুপ্তিৰ সন্মুখীন হৈছে, যি পৰিৱেশিক সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাইছে।

 

৫) মানৱ স্বাস্থ্যৰ সমস্যা : গোলকীয় উষ্ণতাৰ ফলত হোৱা প্ৰদূষণে শ্বাস-প্ৰশ্বাসৰ ৰোগ, হিট ষ্ট্ৰোক, আৰু আন আন স্বাস্থ্য সম্বন্ধীয় সমস্যা বৃদ্ধি কৰিছে।

 

৬) খাদ্য উৎপাদন হ্ৰাস :  গোলকীয় উষ্ণতাৰ ফলত খাদ্য উৎপাদন হ্ৰাস হোৱাৰ লগেলগে খাদ্য সংকট বৃদ্ধি পাইছে।

 

গ) গোলকীয় উষ্ণতা হ্ৰাসৰ চিন্তন :

গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ বাবে ব্যক্তিগত, সামাজিক, আৰু ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ প্ৰয়োজন। তলত উল্লেখ কৰা কিছু কার্যপন্থাই এই সমস্যাৰ সমাধানত সহায় কৰিব:

 

১) আধুনিক কৃষিৰ ক্ষেত্ৰত ল'ব লগীয়া সাৱধানতা : জৈৱিক কৃষি পদ্ধতি অনুসৰণ, পুনৰ্নৱীকৰণযোগ্য শক্তি (Renewable Energy) কৃষি ক্ষেত্ৰত ব্যৱহাৰ, সাৰ আৰু কীটনাশকৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, বনভূমি সংৰক্ষণ আদি বিষয়ৰ প্ৰতি গুৰুত্ব দিলে আধুনিক কৃষি প্ৰণালীৰ পৰা হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যাব।

 

২) পুনৰ্নৱীকৰণযোগ্য শক্তি (Renewable Energy) ৰ ব্যৱহাৰ : কৃষি আৰু শিল্পব্যৱস্থাত সৌৰ শক্তি, বায়ু শক্তি, জৈৱ শক্তি, জলবিদ্যুৎ শক্তি, ভূগৰ্ভস্থ তাপ শক্তি, সমুদ্ৰৰ শক্তি আদি পুনৰনৱীকৰণ যোগ্য শক্তিৰ ব্যৱহাৰে কাৰ্বন নিৰ্গমন কমাই গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰি পৰিৱেশ সুৰক্ষিত কৰে।

 

৩) অৰণ্য সংৰক্ষণ : বনাঞ্চল সংৰক্ষণ আৰু গছপুলি ৰোপণৰ যোগেদি বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি।

 

৪) শক্তিৰ দক্ষ ব্যৱহাৰ : বিদ্যুৎ আৰু ইন্ধনৰ অপচয় বন্ধ কৰি সুৰক্ষিত আৰু দক্ষ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত।

 

৫) নবীন প্ৰযুক্তিৰ উন্নয়ন : ব্যৱসায় আৰু কৃষি খণ্ডত পৰিৱেশ সংৰক্ষণকাৰক প্ৰযুক্তিৰ প্ৰয়োগ কৰা উচিত।

 

৬) শিক্ষা আৰু সচেতনতা বৃদ্ধি : গোলকীয় উষ্ণতাৰ বিষয়ত লোকসকলক সজাগ আৰু সচেতন কৰি তেওঁলোকক ব্যক্তিগত স্তৰত দায়িত্বশীল কৰি তোলা প্ৰয়োজন।

 

৭) আন্তর্জাতিক সহযোগিতা:

কিয়'ট’ প্ৰট’কল (Kyoto Protocol), পেৰিছ চুক্তি আদি এইধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাসমূহ বিশ্বজুৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ। এই চুক্তিসমূহৰ মূল উদ্দেশ্য হৈছে জলবায়ু পৰিবৰ্তনৰ সমস্যা মোকাবিলা কৰা আৰু কার্বন নিৰ্গমন হ্ৰাসৰ জৰিয়তে পৰিৱেশৰ সমতা ৰক্ষা কৰা। আঁচনিসমূহ সফলতাৰে কাৰ্যকৰী কৰাৰ বাবে সকলো দেশৰ সহযোগিতাৰ প্ৰয়োজন।

 

গোলকীয় উষ্ণতা বৃদ্ধি আমাৰ জীৱন প্ৰৱাহৰ প্ৰতি ভাবুকি অনা এক গুৰুতৰ বিষয়। ইয়াৰ বাবে মানুহেই দায়ী। আমি যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ তেন্তে পৃথিৱীখন আৰু অধিক গৰম হৈ পৰিব, ফলত মানুহ, জীৱ-জন্তু, উদ্ভিদৰ বাবে অধিক সমস্যাৰ সৃষ্টি হ’ব। এই বিশ্বজনীন সমস্যাৰ মূল উৎস সঠিকভাৱে সমাধানৰ উপায় অৱলম্বন কৰি এক সজাগ আৰু দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰিলে গোলকীয় উষ্ণতাৰ ভয়াবহতা হ্ৰাস কৰা যায়। সময়ত ব্যৱস্থা নল’লে, পৃথিৱীৰ পৰিৱেশৰ ভৱিষ্যত অতি কঠিন সংকটৰ সন্মুখীন হ'ব। যদি আমি একেলগে কাম কৰি স্বচ্ছ শক্তি ব্যৱহাৰ কৰোঁ, সম্পদ ৰাহি কৰিব পাৰোঁ, প্ৰদূষণ হ্ৰাস কৰিব পাৰোঁ, তেন্তে আমি গোলকীয় উষ্ণতা বৃদ্ধিৰ গতি লেহেমীয়া কৰি ভৱিষ্যতৰ বাবে সুন্দৰ পৃথিবীখনক সুৰক্ষিত কৰিব পাৰোঁ। পৃথিৱীৰ যত্ন লোৱাটো আমাৰ দায়িত্ব, গতিকে আহক আমি এতিয়াই হাতে কামে আৰম্ভ কৰি ইতিবাচক পৰিৱৰ্তন অনাত সচেষ্ট হওঁ।



*************

Commentaires


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page