top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

গান্ধী জয়ন্তী আৰু জাতিৰ পিতা মহাত্মা গান্ধী

  • Writer: চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ:মা: বিদ্যালয়, যোৰহাট
    চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী, বাঘচোং ড'নবস্ক উ:মা: বিদ্যালয়, যোৰহাট
  • Sep 27, 2024
  • 2 min read

চানিয়া স্নিগ্ধা মুকতাৰ,ষষ্ঠ শ্ৰেণী,

বাঘচোং ড'নবস্ক উ.মা. বিদ্যালয়, যোৰহাট

 

 ইংৰাজী ১৮৬৯ চনৰ ২ অক্টোবৰৰ দিনা গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেখেতৰ জন্মদিন ২ অক্টোবৰৰ দিনটো ভাৰতত 'গান্ধী জয়ন্তী' হিচাবে পালন কৰা হয়। তেখেতৰ সম্পূর্ণ নাম মোহনদাস কৰমচান্দ গান্ধী।

কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে তেখেতক 'মহাত্মা' (মহান আত্মা) উপাধিৰে সন্মানিত কৰিছিল। তদুপৰি, সুভাস চন্দ্র বসুৱে গান্ধীজীক ভাৰতীয় 'জাতিৰ পিতা' হিচাপে পৰিচিত কৰাইছিল।

 

তেখেতৰ পিতৃৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই। গান্ধীজীয়ে পিতৃৰ পৰা সত্যপৰায়ণতা আৰু মাতৃৰ পৰা ধর্মপৰায়ণতা, দয়া, ক্ষমা আদি সজ গুণবিলাক আহৰণ কৰিছিল। গান্ধীজীয়ে পোৰবন্দৰত প্ৰাথমিক শিক্ষা আৰু পোৰবন্দৰৰ ওচৰৰ ৰাজকোটৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰে। মাত্র ১৩ বছৰ বয়সতেই কস্তুৰবা লগত গান্ধীজী বিবাহপাশত আবদ্ধ হৈছিল। প্রবেশিকা পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত গান্ধীজীয়ে বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায়। গান্ধীজীয়ে ১৮৯১ চনত বেৰিষ্টাৰী পৰীক্ষাত উৰ্ত্তীণ হৈ বিলাতৰ পৰা ভাৰতলৈ ঘূৰি আহে।

 

১৮৯৩ চনত মহাত্মা গান্ধীয়ে ওকালতিৰ কামত দক্ষিণ আফ্রিকালৈ যায়। দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলে সন্মুখীন হোৱা বৰ্ণ বৈষম্য আৰু অন্যায় দেখি, তাৰ প্ৰতিবাদত গান্ধীজীয়ে বৃটিছৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। অহিংস আৰু সত্যৰ পথত থাকি কৰা এই আন্দোলনেই হ'ল 'সত্যাগ্ৰহ আন্দোলন'।

এই আন্দোলনৰ সফলতাৰ বাবে গান্ধীয়ে বিশ্বাস কৰিছিল যে ভাৰততো ইংৰাজৰ বিৰুদ্ধে সত্যগ্ৰহ ব্যৱহাৰ কৰিব পৰা যাব। পৰৱৰ্তী সময়ত তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে দেশজোৰা আন্দোলন, যেনে-অসহযোগ আন্দোলন, ছল্ট মাৰ্চ, ভাৰত ত্যাগ আন্দোলনত এই নীতিসমূহ কাৰ্যকৰী কৰিছিল।

 

দুটা দশকৰো অধিক সময় কটোৱাৰ পিছত দক্ষিণ আফ্রিকাৰ পৰা গান্ধীজী ১৯১৫ চনত ভাৰতলৈ ঘূৰি আহে আৰু ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰেহি। 

 

ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯২০ চনত গান্ধীজীৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ উদ্দেশ্য আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্ত পেলোৱা আৰু ভাৰতক স্বৰাজ ঘোষণা। অহিংস নীতি আৰু অহিংসাৰ ধাৰণা, আৰু গান্ধীৰ ভাৰতৰ স্বাধীনতাৰ বাবে সহস্ৰাধিক সাধাৰণ নাগৰিকক সমাৱেশ কৰাৰ সামৰ্থ্যৰ বাবে, এই আন্দোলনে এক বৃহৎ পৰিসৰলৈ ৰূপান্তৰিত হৈছিল। 'বন্দে মাতৰম আৰু মহাত্মা গান্ধী কি জয়' ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি প্ৰায় সকলো ভাৰতীয়ই এই আন্দোলনত যোগদান কৰিছিল।

 

১৯৪২ চনৰ ৮ আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছে গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজী আৰু এই আন্দোলনৰ গুৰি ধৰোতা প্ৰায় সকলোৱে ইয়াৰ বাবে কাৰাবাস খাটিব ল'গা হৈছিল।

 

গান্ধীজীয়ে ভাৰতবৰ্ষক সুখ আৰু শান্তিৰে সজাই তোলাৰ সপোন দেখিছিল । সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ সকলোৰে মাজত খাদী আন্দোলন, কুটীৰ শিল্পৰ উন্নয়ন, অস্পৃশ্যতা বৰ্জন আন্দোলন, সমাজত মাদকদ্রব্য নিবাৰণ আদি কাম হাতত লৈছিল। তেখেতে গুজৰাটৰ আহমেদাবাদত সাবৰমতী নদীৰ পাৰত সেৱাশ্রম স্থাপন কৰি জনসাধাৰণৰ মংগলৰ অৰ্থে কাম কৰিছিল।

 

এই মহামানৱ জনাই তেখেতৰ সপোনৰ ভাৰতবৰ্ষখন বাস্তৱত চাবলৈ নৌ পাওঁতেই, ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দিল্লীৰ তেখেতৰ প্ৰাৰ্থনা সভাতে 'নাথুৰাম গডছে' নামৰ এজন আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাবলগীয়া হয়।

 

জীৱনৰ প্রতি খোজতে সত্যৰ অন্বেষণেই আছিল গান্ধীজীৰ জীৱন-সাধনা। 'মোৰ সত্য অন্বেষণৰ কাহিনী' নামেৰে লেখা গ্ৰন্থ খনেই গান্ধীজীৰ জীৱন দর্শন। গান্ধীজীৰ প্ৰেম আৰু আদর্শ আমাৰ সকলোৰে বাবে আদর্শ হৈ ৰ’ব!

 

আজি আমি জাতিৰ পিতাজনক শ্রদ্ধাঞ্জলি জনাই সকলোৱে একেলগে গাওঁ আহক-

 

‘জীৱন্ত কবিতা আপুনি মহাত্মা

কোটি কবি-কণ্ঠ জিনি

তুমি আজি ভাৰতৰ মর্মবাণী শত শতাব্দীৰ…।‘


@@@@@@@@@@

Comments


JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page