এগৰাকী বিস্ময় বালিকা
- শ্ববনম হাজৰিকা,নৱম মান,স্মাৰ্ট পাব্লিক স্কুল, গোৱালপাৰা
- Sep 28, 2024
- 4 min read
Updated: Oct 21, 2024

শ্ববনম হাজৰিকা, নৱম শ্ৰেণী
স্মাৰ্ট পাব্লিক স্কুল, গোৱালপাৰা
বালিকা গৰাকীৰ নাম আছিল এনেলি মেৰি ৷ মৰমতে সকলোৱে তেওঁক এন বুলি মাতিছিল ৷ এনৰ দেউতাক অটো ফ্ৰাংক এজন ইহুদি লোক আছিল ৷ তেওঁ জাৰ্মানীৰ এটা সৰু বেংকৰ পৰিচালক পদত কাম কৰিছিল ৷
১৯৩৩ চনত হিটলাৰে ইহুদিসকলৰ বিৰুদ্ধে অভিযান চলোৱাত অটো ফ্ৰাংকে তেওঁৰ দুইগৰাকী ছোৱালী আৰু পত্নীসহ সৰু পৰিয়ালটো লৈ জাৰ্মানী এৰি নেদাৰলেণ্ডলৈ গুচি গৈছিল ৷ তাতে তেওঁ আমষ্টাৰডাম চহৰত থাকি মছলাৰ ব্যৱসায় কৰিছিল ৷
এনৰ পঢ়াশুনাৰ প্ৰতি বিশেষ ধাউতি নাছিল ৷ পঢ়াৰ পৰিৱৰ্তে বন্ধু-বান্ধবীৰ সৈতে খেলাধূলা কৰি সময় অতিবাহিত কৰিবলৈহে ভাল পাইছিল ৷ পঢ়াৰ প্ৰতি মনোযোগ নথকাৰ বাবে এনে প্ৰায়েই শিক্ষকৰ পৰা অভিযোগ শুনিব ল’গা হৈছিল ৷
১৯৪০ চনৰ মে’ মাহত হিটলাৰে নেদাৰলেণ্ড আক্ৰমণ কৰাত অটো ফ্ৰাংকে মানুহৰ মাজৰ পৰা বহু আঁতৰত পৰিয়ালটো লৈ লুকাই আছিল ৷ এনেকৈ আঁতৰি থাকিব ল’গা হোৱাত এনৰ অৱস্থা সঁজাত বন্দী হোৱা চৰাইৰ দৰে হৈছিল ৷ তাই মুকলিমূৰিয়াকৈ থাকি ভাল পোৱা ছোৱালীজনীয়ে মুকলিকৈ থাকিব নোৱাৰা হৈছিল। সদায় ৰাতিপুৱা দেউতাকৰ অফিচৰ দুজন কৰ্মচাৰীয়ে আহি বাতৰি কাকত আৰু গাখীৰ দি গৈছিল ৷ তাৰ অবিহনে বাহিৰৰ পৃথিৱীখনৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল ৷
এনেদৰে আত্মগোপন কৰি থকা সময়ছোৱাত এনৰ একমাত্ৰ সংগী হিচাপে আছিল ভেন ডান আৰু দাঁতৰ ডাক্তৰ এজন ৷ ক্ৰমাৎ এই অকলশৰীয়া জীৱন এনৰ কাৰণে বৰ অসহ্যকৰ হৈ পৰিছিল ৷ এদিন ভাবিলে কিবা এটা নকৰিলে দেখোন তাই বলিয়া হৈ যাব ৷ হঠাৎ এদিন এখন ডায়েৰীৰ ওপৰত তাইৰ চকু পৰিল ৷ সেই ডায়েৰীখন এনৰ দেউতাকে তাইৰ জন্মদিনত উপহাৰ স্বৰূপে দিছিল ৷ ডায়েৰীখন হাতত লৈ লিখা কাম আৰম্ভ কৰিলে ৷ কেইটামান পৃষ্ঠা লিখাৰ পিছত এনে ভাবিলে “মইচোন ভালকৈ লিখিব পাৰিছোঁ! যদি মই চেষ্টা অব্যাহত ৰাখোঁ এদিন ময়ো এগৰাকী ভাল লেখক হ’ব পাৰিম, ভাল লেখক হ’লে মোৰ কথা সকলোৱে জানিব, মানুহে মোক চিনিও পাব ৷” সেইদিনাৰ পৰাই এনে নিয়মীয়াকৈ তাইৰ মনৰ কথাবোৰ ডায়েৰীত লিখিবলৈ ল’লে ৷ এনৰ ডায়েৰীত আছিল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি, বৰ্তমানৰ বিশ্বাস আৰু কিশোৰ মনৰ ছবি ৷ সঁচাকৈয়ে এনৰ ডায়েৰীত মুকুতাৰ দৰে জিলিকি আছে কিশোৰ মনৰ আশা, আকাংক্ষা, ভয় আৰু বন্দী জীৱনৰ অসহনীয় নিসংগতা!
এনে কিশোৰ মনৰ নিসংগতাৰ কথা প্ৰকাশ কৰিছিল এনেদৰে, “সঁজাত সোমাই থকা মইনা এটাৰ দৰে মই ইয়াত সোমাই আছোঁ ৷ মইনাজনীৰ ডেউকা দুখন নিৰ্মমভাৱে ভাঙি দিয়া হৈছে ৷ এই অন্ধকূপসদৃশ সঁজাটোৰ পৰা ওলাই যাবলৈ, মুকলি আকাশত ডেউকা কোবাই উৰিবলৈ মই বহুত চেষ্টা কৰিছোঁ ৷ কিন্তু ওলাব পৰা নাই ৷ সঁজাটোৰ বেৰত বাৰে বাৰে খুন্দা খাই উফৰি পৰিছোঁ, যদিও সঁজাটোৰ পৰা ওলাবলৈ কৰা চেষ্টা মই এৰি দিয়া নাই ৷"
এনেদৰে লিখোঁতে লিখোঁতে ডায়েৰীৰ পাতো শেষ হ’ল ৷ কিন্তু তেতিয়াও যে তাইৰ লিখিবলৈ বহু কথা বাকী আছিল ৷ সেয়েহে তাইৰ আধৰুৱা কথাবোৰ লিখিবলৈ মিয়াপৰ দ্বাৰা এনে এখন বহী বজাৰৰ পৰা কিনাই আনিলে ৷ মিয়াপ আছিল অটো ফ্ৰাংকৰ অফিচত কাম কৰা এজন টাইপিষ্ট্ ৷ অবিৰাম গতিত পৃষ্ঠাৰ পাছত পৃষ্ঠা , দিনৰ পিছত দিন এনে লিখি গ’ল ৷ লিখাৰ নিচাত তাই খোৱা-বোৱা, শোৱাৰ সময় নোপোৱা হ’ল ৷ মাজে মাজে মাকে ধমকিও দিছিল বাবে কেতিয়াবা ডায়েৰীৰ পাতত দুখ কৰি লিখিছিল , “ মাই মোৰ মনৰ অৱস্থাটো বুজিব নোৱাৰি মোক ধমকিও দিছিল ৷”
এদিন এজন জাৰ্মান আৰু চাৰিজন ওলন্দাজ নাৎছি পুলিচ অটো ফ্লাংকৰ পৰিয়াল লুকাই থকা ঠাইলৈ আহি সকলোকে গঁতিয়াই- মৰিয়াই, পশুৰ দৰে অকল্পনীয় অত্যাচাৰ কৰি লৈ গৈছিল দক্ষিণ পোলেণ্ডৰ নাৎছি কেম্পলৈ ৷ নাৎছি বাহিনীৰ অকথ্য অত্যাচাৰ আৰু পেটৰ ভোক সহ্য কৰিব নোৱাৰি এনৰ মা’কে তাতেই চকু মুদিবলগীয়া হৈছিল ৷ আনকি তেওঁলোকৰ লগত থকা ভেন ডন আৰু দাঁতৰ ডাক্তৰ গৰাকীয়েও নাৎছি বাহিনীৰ অত্যাচাৰত মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল ৷ চকুৰ আগতে ঘটা অবৰ্ণনীয় ঘটনাবোৰে এন ফ্ৰাংকক মৰ্মাহত কৰি তুলিছিল ৷
নাৎছি বাহিনীৰ কঠোৰ অত্যাচাৰ সহি থকা মাত্ৰ ষোল্ল বছৰীয়া এনে জীৱনৰ শেষ কথা উচ্চাৰণ কৰি কৈছিল, “অদৃষ্ট তোমাৰ নিষ্ঠুৰ খেল কেতিয়া শেষ হ’ব! “
নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! এই প্ৰশ্নৰ উত্তৰ পোৱাৰ আগতেই এনে পৃথিৱীৰ মায়া-মোহ বিসৰ্জন দি গুচি গৈছিল কোনোবা এক অজান দেশলৈ ৷ এনৰ বায়েক মাৰগটৰো কিছুদিন পিছতে মৃত্যু হ’ল ৷ পৰিয়ালৰ একমাত্ৰ সদস্যৰূপে জীয়াই থাকিল মাত্ৰ অটো ফ্ৰাংক ৷
১৯৪৫ চনৰ ৰাছিয়ানসকলে অটোক বন্দী শিবিৰৰ পৰা মুক্ত কৰে। বেমাৰী বেৰেকত থকাৰ বাবেই তেওঁ বন্দীসকলে পোৱা মৃত্যুদণ্ড যাপনৰ পৰা ৰক্ষা পৰিল। মুক্তিৰ আনন্দত তেওঁ হিয়াধাকুৰি কান্দিছিল। আমষ্টাৰডামলৈ উভতি আহি দুই কন্যা আৰু পত্নীক বিচাৰি বলিয়াৰ দৰে চিঞৰিছিল। অটোৰ অফিচৰ পুৰণি কৰ্মচাৰী মিয়াপ এবাৰ তেওঁলোকৰ ঘৰলৈ আহি এটা কোঠাৰ পৰা এনৰ ডায়েৰীখন উদ্ধাৰ কৰি বৰ যত্নেৰে ৰাখিছিল। অটো ফ্রাংকৰ অকলশৰীয়া জীৱনৰ সংগী এনৰ ডায়েৰীখনেই হওক বুলি ভাবি মিয়াপে অটোক সেই অমূল্য ডায়েৰীখন দিছিল।
অটো ফ্ৰাংকে এদিন ডায়েৰীখন তেওঁৰ ইতিহাসৰ অধ্যাপক বন্ধু এজনক পঢ়িবলৈ দিছিল ৷ ডায়েৰীখন পঢ়ি অধ্যাপক জনে এখন কাকতত প্ৰবন্ধৰূপে প্ৰকাশ কৰি এনৰ সম্পূৰ্ণ ডায়েৰীখন জনসমাজত প্ৰকাশ কৰিবলৈ অটোক অনুৰোধ জনাইছিল ৷ কাৰণ এই ডায়েৰীখনৰ কেইটামান পৃষ্ঠাত যুদ্ধ সম্পৰ্কে এনে যি মতামত আগবঢ়াইছে তাৰ তুলনা নাই ৷ প্ৰথমে অটো ফ্ৰাংকে ডায়েৰীখন প্ৰকাশ কৰিবলৈ অমান্তি প্ৰকাশ কৰি কৈছিল, “এনৰ ডায়েৰী মোৰ ব্যক্তিগত সম্পদ ৷ ই সকলোৰে বাবে নহয় ৷”
অধ্যাপক বন্ধুৰ প্ৰচেষ্টাত এদিন ডায়েৰীখন প্ৰকাশ কৰিবলৈ মান্তি হৈছিল অটো ৷ নাম দিছিল - "এন ফ্ৰাংকৰ ডায়েৰী“৷
এন ফ্ৰাংকৰ ডায়েৰী বিশ্ব সাহিত্যৰ এক অমূল্য সম্পদ ৷ আজিও এনৰ জন্মদিনত বিশ্বৰ হাজাৰ হাজাৰ মানুহে এনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী আগবঢ়ায় ৷
এনৰ আত্মাৰ সদগতি কামনা কৰি আজিও বিশ্ববাসীয়ে কয় - “এন তোমাক আমি পাহৰিব নোৱাৰোঁ ৷ তোমাক পাহৰি যোৱাৰ অৰ্থ হ’ব আমি আমাৰ সত্তাক পাহৰি যোৱা ৷”
###############
Comments