top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

আলিদোমোজা

  • Writer: মফিজুদ্দিন চৌধুৰী, চকিটুপ, ছোটহয়বৰ, নগাঁও
    মফিজুদ্দিন চৌধুৰী, চকিটুপ, ছোটহয়বৰ, নগাঁও
  • Jan 9
  • 1 min read

Updated: Jan 12

মফিজুদ্দিন চৌধুৰী, চকিটুপ, নগাঁও

 

 ‘হ'ব দিয়া দেউতা, নেলাগে আৰু আপুনি দুয়োফালে কথা কবলৈ।‘ ছোৱালীৰ অভিযোগ। মনটো অকণমান মৰা মৰা।

……কথাষাৰ এশ ভাগেই সত্য।

 

ময়ো নিৰুপায়। সংসাৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ হ'লে ক্ষেত্ৰ বিশেষে দুয়োকে সমৰ্থন জনাব লাগিব।

 

মাকৰ অভিযোগ, 'ছোৱালীজনীয়ে গোটেই দিনটো মোবাইল লৈ বহি থাকে, সংসাৰৰ কাম কাজত একো এটা সহায় নকৰে।' …..কথাষাৰ সম্পূৰ্ণ সত্য নহয়।

 

আজিকালি মোবাইল ফোনৰ দ্বাৰাহে বেছি ভাগ পঢ়া শুনা হয়। অনলাইনত ক্লাছ হয়, পৰীক্ষা হয়। তাৰ মাজতো যিমানখিনি পাৰে মাকক সহায় কৰি দিয়ে তাই।

 

তথাপিও ছোৱালীজনীক মই মাকৰ ফলীয়া‌ হৈ মাজেমাজে বুজনিও দিওঁ। কেতিয়াবা অকণমান গাত লগাকৈও কওঁ।

 

কেতিয়াবা মাকৰ কামৰ চাপ বেছি হ'লে আৰু ছোৱালীজনীয়ে হাত উজান দিয়া অৱস্থাত নাথাকিলে, তাকে লৈ মাকে জীয়েকক পানী নসৰকাকৈ বকি কন্দুৱাই দিয়ে। তেতিয়া মই ছোৱালীৰ ফলীয়া হ'বলৈ বাধ্য হওঁ।

 

পৰিস্থিতি বুজি মই মাত এষাৰ দিবই লাগিব। সেয়ে চেগ বুজি দুয়োফালে কথা কোৱাত ছোৱালীৰ ইগ'ত লাগিছে। এই ইগ' অভিমানলৈ ৰূপান্তৰ হোৱাৰ পৰিণতি……উপৰোক্ত উত্তৰ।

 

মাকে সান্ত্বনা দি ক'লে, ‘হ'ব দিয়া, দেউতাকৰ কথা ইমানকৈ ধৰি থাকিব নাপায়।‘

 

এতিয়া ছোৱালীজনী কলৈ যাব? তাইৰ অৱস্থা দুই নাৱত দুই ভৰি থোৱাৰ দৰে।

 

‘ক'তনো ধৰি আছোঁ, তোমাৰ কাৰণেহে দেউতাই তেনেকৈ কয়।' ছোৱালীৰ চোকা উত্তৰ।

 

&&&&&&&&&

1 Comment


manditasarmah
Jan 16

'পক্ষীতীৰ্থ' গল্পটি অভিভাৱকৰ কাৰণেও শিক্ষণীয় হৈছে। শিশুৰ মনৰ বুজ লৈ, তেওঁলোকৰ যি কামত বিশেষ পাৰদৰ্শিতা থাকে; সেইমতে আগবঢ়াই নিয়াত অভিভাৱক যত্নপৰ হোৱা উচিত। এটি সাৰ্থক শিশুগল্পৰ সোৱাদ ল'বলৈ দিয়াত বিনীতা মহন্তক অশেষ ধন্যবাদ জনালোঁ।

Like

JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page