অহিংসা, বসন্ত ঋতু আৰু কিছু বিক্ষিপ্ত ব্যক্তিগত চিন্তা
- প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফোৰ্নিয়া
- Apr 6
- 6 min read

প্ৰণবেন্দ্ৰ শৰ্মা, এপ্ৰিল ১,২০২৫
চান হ'জে, কালিফোৰ্নিয়া।
“अहिंसा परमो धर्मः तथाहिंसा परो दमः।
अहिंसा परमम् दानम् अहिंसा परमः तपः ॥
अहिंसा परमो यज्ञः तथाहिंसा परं बलम्।
अहिंसा परमम् मित्रम् अहिंसा परमं सुखम् ॥“
অহিংসা মানে আমি আচলতে কি বুজো বাৰু? আমি সততে সম্পূৰ্ণ শ্লোকটোৰ প্ৰথম শাৰীটোৰ এটা অংশহে আওৰাই থাকোঁ। সৰুৰে পৰাই আমাক সেইদৰেই শিকোৱা হয় আৰু আমিও আনৰ আগত তেনেদৰেই কোৱাত অভ্যস্ত। কিন্তু সম্পূৰ্ণ শ্লোকটো যদি আমি পঢ়ো আৰু হৃদয়ঙ্গম কৰোঁ তেনেহ’লে আমি হয়তো অহিংসাৰ প্ৰকৃত অৰ্থৰ ধাৰণা কৰিবলৈ সক্ষম হ'ম। শ্লোকটো সৰুতেই পঢ়িছিলোঁ আৰু বুজি পাইছিলোঁ যে শ্লোকটৌ আওৰোৱা যিমান সহজ তাৰ অন্তৰ্নিহিত গুঢ়াৰ্থ বুজি নিজৰ জীৱনত অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ। তেতিয়াৰে পৰা মোৰ মনত মহাত্মা গান্ধী মানুহজনৰ প্ৰতি, ৰাজনৈতিক নেতাজনৰ প্ৰতি নহয়, অপৰিসীম শ্ৰদ্ধা জাগিছিল।
শ্লোকটোৰ অৰ্থ হ'ল অহিংসা পৰম ধৰ্ম বা গুণ, পৰম আত্মনিয়ন্ত্ৰণ, পৰম দান, পৰম তপস্যা, পৰম যজ্ঞ বা ত্যাগ, পৰম শক্তি, পৰম বন্ধু আৰু পৰম সুখৰ কাৰক।
অহিংসাৰ বিশ্লেষণ কৰাৰ আগতে প্ৰথমতেই আমি নিজৰ মনতে ধৰ্মৰ সংজ্ঞাৰ বিষয়ে নিশ্চিত হ'ব লাগিব। ধৰ্মই এই ক্ষেত্ৰত আমি সচৰাচৰ বুজা ধৰ্ম বা আনুষ্ঠানিক religionৰ বিষয়ে কোৱা নাই। ধৰ্মৰ অৰ্থ ব্যাপক। ধৰ্ম এই ক্ষেত্ৰত জীৱন দৰ্শন। সেয়ে হিন্দুৱেই হওক, মুচলমানেই হওক বা খ্ৰীষ্টানেই হওক, অহিংসাক নিজৰ জীৱনৰ দৰ্শন বা ধৰ্ম হিচাপে আকোঁৱালি লৈ জীৱনৰ বাটত আগবাঢ়ি যোৱাত কোনো বাধা নাই।
কিন্তু ইয়াতেই এটা প্ৰশ্ন আহি পৰে। অহিংসাৰ কথা ব্যাখ্যা কৰিবলৈ আমি প্ৰথমে হিংসা কি সেইটোও ভালদৰে বুজি পাব লাগিব। এটা সৰু উদাহৰণ দিছোঁ। আমি বহুতেই, বিশেষকৈ অসমত, আমাৰ সৰুকালত সাপে ভেকুলী খোৱা হয়তো দেখিছোঁ। ধৰি লোৱা যাওক সাপৰ মুখত লাহে লাহে সাপডালৰ উদৰলৈ সোমাই যোৱা ভেকুলীটোৰ দীঘল জিভাত জিঞা এটা লাগি ধৰি চটফটাই আছে। ভেকুলীটো মৰণ যন্ত্ৰনাত। আমাৰ হৃদয়ত হয়তো ভেকুলীটোৰ প্ৰতি দয়াও উপজিছিল, হয়তো জিঞাটোৰ প্ৰতিও। এনে সন্ধিক্ষণত সাপডাল মাৰি ভেকুলীটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে হিংসা কাৰ দ্বাৰা কৰা হ'ব? সাপডাল নিশ্চয় হিংসুক নাছিল। ভেকুলীটো তাৰ খাদ্য যিদৰে জিঞাটো ভেকুলীটোৰ খাদ্য। এনে ক্ষেত্ৰত নিশ্চিত মৃত্যুৰ পৰা অসহায় প্ৰাণী দুটাক বচাবলৈ গৈ সাপডাল মাৰিলেহে কামটো হিংসাত্মক হ'ব। কিয়নো এই ক্ষেত্ৰত আমি প্ৰকৃতিৰ ধৰ্মত হেতা-ওপৰা কৰা হ'ব। ইয়াতেই প্ৰতিষ্ঠিত ধৰ্মবোৰৰ লগত অহিংসাৰ দৰ্শনৰ সংঘাত। সকলো ধৰ্মতেই দয়াৰ কথা কোৱা হয় কিন্তু ইতিহাসৰ পাত লুটিয়াই যদি চাওঁ আমি দেখিবলৈ পাম যে পৃথিৱীত অতীজৰে পৰা ধৰ্মৰ নামতেই বেছিকৈ হিংসাত্মক কাৰ্য্যকলাপ চলি আহিছে। সেয়েই অহিংসা পৰম ধৰ্ম বুলি কোৱাৰ আগতেই আমাৰ নিজৰ মনত ধৰ্ম কি সেই বিষয়ে কোনো সন্দেহ থাকিব নোৱাৰিব। নহ'লে অহিংসা এক ফোপোলা শ্লোগানৰ বাহিৰে আন একো নহ'ব।
আকৌ ঘূৰি আহিছোঁ মহাত্মা গান্ধীলৈ। আধুনিক পৃথিৱীৰ বহুলাংশ ৰাইজৰ মনত গান্ধী আৰু অহিংসা ওতঃপ্ৰোত ভাবে জড়িত। গান্ধীয়ে নিজৰ জীৱনত অহিংসাক চালক শক্তি হিচাপে লৈছিল, অহিংসাৰ মন্ত্ৰেৰে দেশবাসীক উদ্বুদ্ধ কৰিবলৈ বিচাৰিছিল। তেওঁ প্ৰায়েই যীশুৰ বাণী “ কোনোবাই এখন গালত চৰিয়ালে আনখন গালো পাতি দিবা”ৰ কথা উল্লেখ কৰিছিল। কিন্তু এইষাৰ কথাই মোৰ মনত খূদুৱনি ওপজায়। কোনোবাই যদি মোৰ ঘৰলৈ আহি মোৰ পৰিয়ালৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে তেন্তে মই বাধা দিলে বা বাধা দিবলৈ চেষ্টা কৰিলে কি অহিংসাৰ পথৰ পৰা স্খলন হৈ হিংসাৰ পথ লোৱা হ'ব? আত্মৰক্ষাৰ বাবে শক্তিৰ প্ৰয়োগ কৰিলে কি অহিংসাৰ পথৰ পৰা আঁতৰি অহাটো বুজাব?
বিশ বছৰ দক্ষিণ আফ্ৰিকাত থকাৰ পাছত উনৈশশ চৈধ্যচনত মোহনদাস কৰমচাঁদ গান্ধী ভাৰতলৈ ঘূৰি আহিছিল। লগত লৈ আহিছিল বৰ্ণবৈষম্যবাদী অত্যাচাৰী শাসকৰ বিৰুদ্ধে অহিংসাৰ মন্ত্ৰেৰে বিকশিত নিস্ক্ৰিয় প্ৰতিৰোধৰ অস্ত্ৰ - সত্যাগ্ৰহ। তেতিয়াও মোহনদাস মহাত্মা হ'বলৈ এবছৰ সময় বাকী। তাৰ পাছৰ তিনিটা দশক বিশ্বৰ ইতিহাসত হয়তো সদায় সোণালী আখৰেৰে লিখা থাকিব। উনৈশশ সাতচল্লিশ চনৰ পোন্ধৰ আগষ্টত অহিংসাৰ শক্তিৰ আগত কেতিয়াও বেলি মাৰ নোযোৱা বৃটিছ ঔপনিৱেশিক সাম্ৰাজ্যৰ বেলি মাৰ গ'ল। পৃথিৱীৰ চৌদিশে এখন এখনকৈ ঔপনিৱেশিক শাসনৰ পৰা দেশবোৰে মুক্তি লাভ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু অহিংসাৰ বাণীয়ে দেশে বিদেশে বহুতৰে মন জয় কৰিলেও ঠায়ে ঠায়ে হিংসাৰ অত্যাচাৰ চলিয়েই থাকিল।
এইখিনিতে মই দুজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ নাম ল'বলৈ খুজিছোঁ। ডঃ মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলচন মাণ্ডেলা। এওঁলোক দুজনৰ এজনেও মহাত্মা গান্ধীক লগ পোৱা নাছিল কিন্তু দুয়োজনেই তেওঁলোকৰ ৰাজনৈতিক জীৱনত গান্ধীৰ দৰ্শন অনুসৰণ কৰি সফল হৈছিল। বৰ্ণবৈষম্যৰ বিৰুদ্ধে ডঃ কিঙে আইন অমান্য আন্দোলন আৰু সত্যাগ্ৰহৰ নীতি অহিংস ভাবে প্ৰয়োগ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত কৃষ্ণাঙ্গ লোক সকলক তেওঁলোকৰ নাগৰিকত্বৰ নায্য অধিকাৰ প্ৰাপ্তিৰ যুজত সফলতাৰ মুখ দেখুৱালে। আনহাতে নেলচন মাণ্ডেলাক বৰ্ণবৈষম্যবাদী চৰকাৰে সাতাইশ বছৰ কাৰাগাৰাত ৰখাৰ পাছতো দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ জনতাৰ নায্য আন্দোলন দমন কৰিব নোৱাৰিলে। কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ পাছত মাণ্ডেলাই তেওঁক কাৰাগাৰত ৰখা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ প্ৰতি শাস্তিমূলক ব্যৱস্থা নলৈ শান্তিৰ হাত আগবঢ়াই দি দেশখন চলাবলৈ তেওঁক উপ-ৰাষ্ট্ৰপতি হিচাপে লৈ অনাদি কাললৈ ক্ষমা আৰু অহিংসাৰ এক উজ্জ্বল উদাহৰণ ৰাখি গ'ল। ডঃ কিং আৰু ৰাষ্ট্ৰপতি মাণ্ডেলাই শান্তি আৰু অহিংসাৰ পথ অনুসৰণ নকৰিলে আজিও হয়তো মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ আফ্ৰিকা ভাতৃঘাতি সংগ্ৰামত জৰ্জৰিত হৈ থাকিলেহেঁতেন।
এই উদাহৰণৰ যোগেদি আমি ক'ব পাৰোঁ যে অহিংসাৰ দৰ্শনৰ উপযোগিতা পৃথিৱীত হয়তো এতিয়াও শেষ হৈ যোৱা নাই। কিন্তু অহিংসাই আমাৰ ধৈৰ্য্যৰ পৰীক্ষা কৰিব, অহিংসাই আমাৰ পৰা ব্যক্তিগত ভাবে যথেষ্ট ত্যাগ বিচাৰিব। অহিংসা এদিনীয়া নহয়, দীৰ্ঘদিনীয়া। পিছে অহিংসাৰ অস্ত্ৰ জানো সদায় সফল হ'ব? সেয়ে হ'লে জানো বাংলাদেশৰ জন্ম হ’লহেঁতেন? হয়তো হ'লহেঁতেন কিন্তু তেনে অহিংসা নীতিৰে কৰা প্ৰতিৰোধৰ মাছুল কত লক্ষ নিৰীহ জনতাই দিব লাগিলেহেঁতেন আমি জানো তাৰ কল্পনাও কৰিব পাৰোঁ। হিটলাৰৰ গেছ চেম্বাৰত প্ৰাণ দিয়া ছয় নিযুত ইহুদীক বা গাজাত প্ৰাণ হেৰোৱা লক্ষ পেলেষ্টাইনীক অহিংসাৰ বাণীয়ে জানো কিবা শান্তি দিব পাৰিব? প্ৰশ্ন বহুত আৰু সকলো প্ৰশ্নৰে সঠিক উত্তৰ হয়তো আমাৰ হাতত নাই। অহিংসাৰ সংজ্ঞাৰো হয়তো ঋতু সলনি হোৱাৰ দৰেই সময়ৰ লগত সলনি হয়।
ঋতুৰ কথা কওঁতেই মনত পৰিল আৰু দুসপ্তাহৰ পাছতেই বহাগৰ বিহু আহি আছে। এতিয়া বসন্ত কাল। কুলিৰ মাতত বহাগৰ আগজাননী, চৌদিশে বসন্তোৎসৱৰ আয়োজন। আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰৰ আগতে উত্তৰ আফ্ৰিকাৰ পশ্চিম উপকুলৰ পৰা মধ্য প্ৰাচ্যৰ বহু আৰব দেশলৈ “আৰব বসন্ত” জুইৰ দৰে বিয়পি পৰিছিল। শোষণ জৰ্জৰিত ৰাইজে শাসক শ্ৰেণীৰ বিপক্ষে বিক্ষোভ কৰিছিল। ৰাইজৰ মনত এক নতুন আশাই বাহ লৈছিল কিন্তু সেই আশা খন্তেকীয়া হ'ল। হয়তো এই বিক্ষোভ অহিংসাৰ পথেৰে চালিত হ'লে বিক্ষোভ দীৰ্ঘদিনীয়া হ'লহেঁতেন কিন্তু অৱশেষত ৰাইজৰ আশা পূৰ্ণ হ'লহেঁতেন। এই আৰব বসন্ত কিয় সফল নহ'ল এই বিষয়ে নিশ্চিত ভাবে বহু গৱেষণা হ'ব কিন্তু আকৌ এবাৰ হিংসাই অহিংসাৰ ওপৰত জয়লাভ কৰিলে। আজি এই আৰব বসন্তৰ পৰা ৰাইজে কি পালে, কি নাপালে সেই বিষয়ে নানা মুনিৰ নানা মত কিন্তু সকলো উদ্দেশ্য যে সফল নহ'ল সেই বিষয়ে সন্দেহ নাই।
আৰব বসন্ত কিন্তু আৰম্ভ হৈছিল এক হিংসাত্মক কৰ্মৰ জৰিয়তে। ৰাইজৰ বিপ্লবক বসন্তৰ লগত ৰিজোৱাৰ ধাৰণাটো আৰম্ভ হৈছিল ইউৰোপীয় বিপ্লবৰ সময়ত। উনৈশ শতিকাৰ মাজভাগত এবছৰৰো বেছি কিছু সময় ইউৰোপৰ বিভিন্ন দেশৰ শোষিত জনতা ৰাজতন্ত্ৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু উদাৰ শাসন ব্যৱস্থাৰ সপক্ষে বিদ্ৰোহত মূৰ ডাঙি উঠিছিল। শীতৰ ঠেটুৱৈ লগা বতৰৰ পাছত বসন্তৰ আগমনত প্ৰকৃতিৰ নৱৰূপে মানুহৰ মনত আশাৰ সঞ্চাৰ কৰাৰ দৰেই জনতাৰ এনে বিপ্লবে মানুহৰ মনত পৰিবৰ্ত্তনৰ আশা যোগোৱা বাবেই হয়তো এনে বিপ্লবক বসন্তৰ লগত তুলনা কৰা হৈছিল।
ইৰাকৰ যুদ্ধ অৱসান হোৱাৰ পাছত মধ্যপ্ৰাচ্যৰ পৰা উত্তৰ আফ্ৰিকাৰ পূৱৰ পৰা পশ্চিমলৈ, ঘাইকৈ নিপিড়িত আৰব মূলৰ মানুহৰ মনত গণতান্ত্ৰিক শাসনৰ আশা অঙ্কুৰিত হৈছিল। উত্তৰ আফ্ৰিকাৰ টিউনিচিয়াত দূৰ্নীতি আৰু অৰ্থনৈতিক স্থবিৰতাৰ বিপক্ষে আৰম্ভ হোৱা জনতাৰ স্বতঃস্ফূৰ্ত বিক্ষোভ অতি শীঘ্ৰে উত্তৰ আফ্ৰিকাৰ পশ্চিমৰ পৰা মধ্য প্ৰাচ্যৰ পূৰ্ব দিশলৈ বিয়পি পৰে। প্ৰথমে দুহেজাৰ দহচনৰ শেষত টিউনিচিয়াত আৰম্ভ হৈ লিবিয়া, ইজিপ্ত, য়েমেনত হোৱা বিক্ষোভ লাহে লাহে মৰক্কো, ইৰাক, আলজেৰিয়া, লেবানন,জৰ্ডান, কুৱেইট, ওমান আদি দেশত জনতাৰ বিক্ষোভে ৰূদ্ৰ ৰূপ ধাৰণ কৰে। চুৰচুৰিয়াকৈ ম’ৰিটানিয়া, চৌদি আৰব, পেলেষ্টাইন, পশ্চিম চাহাৰা, জিবুটি আদিটো ৰাইজৰ বিক্ষোভে মূৰ ডাঙি উঠে। এই বিক্ষোভৰ এক প্ৰধান শ্লোগান আছিল ৰাইজে প্ৰচলিত শাসন ব্যৱস্থাৰ পতন বিচৰাটো। আৰক্ষীৰ অত্যাচাৰ আৰু দূৰ্নীতিৰ প্ৰতিবাদত টিউনিচিয়াত মহম্মদ বুৱাঝিঝিয়ে নিজকে জ্বলাই দিয়াৰ স্ফুলিংগৰ পৰা ৰাইজৰ অসন্তোষৰ জুই শীঘ্ৰে বিয়পি পৰিছিল আৰু এই জুইত লিবিয়া, টিউনিচিয়া, ইজিপ্ত আৰু য়েমেনৰ শাসক জাহ গৈছিল। কিন্তু বিক্ষোভে হিংসাত্মক ৰূপ লোৱাৰ পাছত, বিশেষকৈ মধ্য প্ৰাচ্যৰ খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ আশংকাতে হয়তো, বহিৰ্শক্তিৰ হস্তক্ষেপত হিংসাক হিংসাৰে দমন কৰা হয়। আৰব বসন্তৰ ফুল হয়তো নুফুলিল আৰু বহুতৰে মতে এতিয়া বসন্তৰ পাছত আৰব শীতহে চলি আছে। কিন্তু ৰাইজৰ অৱদমিত ক্ষোভৰ তুঁহ জুই হয়তো এতিয়াও উমি উমি জ্বলি আছে আৰু সুযোগ পালেই ভমককৈ জ্বলি উঠিব। ঔপনিৱেশিক শাসনৰ অন্ত হোৱাৰ পাছত আৰব বসন্তৰ সময়লৈকে মধ্যপ্ৰাচ্যৰ আৰু উত্তৰ আফ্ৰিকাৰ আৰব দেশবোৰৰ সকলোতে একপ্ৰকাৰৰ স্বৈৰাচ্ছাৰী শাসন চলি আছিল। বিক্ষোভৰ প্ৰধান উদ্দেশ্যে সম্পূৰ্ণ ৰূপে সফল নহ'লেও শাসক শ্ৰেণীয়ে ৰাইজৰ ক্ষোভৰ পৰিণাম কি হ'ব পাৰে সেইটো হয়তো ভালদৰেই উপলব্ধি কৰিব পাৰিছে আৰব বসন্তৰ পাছত। সেয়েই হয়তো আৰব বসন্তৰ প্ৰধান প্ৰাপ্তি। এক নেতৃত্ব বিহীন আন্দোলনৰ হিংসাত্মক ৰূপ হিংসাৰেই দমন কৰা হ'ল। গান্ধী বা ডঃ কিঙৰ দৰে নেতাৰ নিৰ্দেশত অহিংসাৰ পথত চলিলে আজিও হয়তো আৰব বসন্তৰ সুবাস বিয়পি থাকিলহেঁতেন।
ইয়াৰ মানে এইটো নহয় যে অহিংসা মূল্যহীন। আমি সকলোৱে এখন কল্পস্বৰ্গৰ, এখন ইউটোপীয়াৰ সপোন দেখো। কিন্তু অহিংসাৰ দৰ্শনৰ বাহিৰে এই কল্পস্বৰ্গ সদায় কাল্পনিকেই হৈ থাকিব, কেতিয়াও বাস্তৱত পৰিণত নহয়। সেই সপোন পূৰ্ণ কৰিবলৈ অহিংসাৰ অভ্যাস আৰম্ভ হ'ব লাগিব আমাৰ নিজৰ ঘৰৰ পৰা। আমাৰ নিজৰ প্ৰাপ্যৰ প্ৰতি সচেতন হৈয়ো আমি অহিংসাৰ দৰ্শনৰ পদানুসৰণ কৰিব পাৰোঁ। তাৰ বাবে লাগিব এক মানসিক প্ৰস্তুতি। আজিৰ পৃথিৱীত বহুতেই অহিংসাক নিৰামিষ আহাৰ বা তাতোকৈও ওপৰলৈ গৈ “ ভেগান” খাদ্যৰ লগত সাঙুৰি পেলাইছে। দুখৰ কথা এয়ে যে এনে বহুতেই নিজৰ মতবাদৰ প্ৰাধান্য প্ৰতিষ্ঠিত কৰিবলৈ গৈ সময়ে সময়ে বিক্ষোভৰ নামত হিংসাৰ আশ্ৰয় লয়। ধৰ্মৰ নামত হিংসাৰ প্ৰাদূৰ্ভাৱ আজিৰ দিনত পৃথিৱীৰ সকলোতে দেখিবলৈ পোৱা যায়। হিংসাক হিংসাৰে দমন কৰিব পৰা যায় কিন্তু অহিংসাক হিংসাৰে কিমান দিনলৈ দমাই ৰাখিব পৰা যাব? অহিংসা যিদৰে পৰম ত্যাগ সেইদৰে অহিংসাই অহিংসাৰ অনুশীলনকাৰীৰ পৰা ত্যাগ বিচাৰে। যেতিয়ালৈকে আমি সেই ত্যাগৰ বাবে সাজু নহওঁ তেতিয়ালৈক পৃথিৱীত স্বৰ্গ সপোনেই হৈ থাকিব আৰু আমি হিংসাৰ এটা চক্ৰৰ পৰা আন এটা চক্ৰলৈ পৰিক্ৰমা কৰি থাকিম।
আনৰ বাবে অহিংসাৰ সংজ্ঞা কি সেই বিষয়ে মই অৱগত নহওঁ কিন্তু মোৰ ব্যক্তিগত জীৱনত “ सर्व धर्म समभाव” নীতি অনুসৰণ কৰি নিজেও জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া - এয়াই মোৰ বাবে অহিংসাৰ সংজ্ঞা আৰু শিক্ষা।
%%%%%%%%%
Comentarios