অলিম্পিক খেল আৰু ভাৰতবৰ্ষ
- স্বপ্নাশ্ৰী এচ. মেধি, গোলাঘাট, অসম
- Sep 27, 2024
- 4 min read
Updated: Sep 27, 2024

স্বপ্নাশ্ৰী এচ. মেধি
গোলাঘাট, অসম
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বে ১৯০০ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় খেলুৱৈয়ে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিল। সেই বৰ্ষত ভাৰতীয় এথলেট নৰ্মান প্ৰিচাৰ্ডে দুটা ৰূপৰ পদকেৰে এচিয়াৰ পদক লাভকৰা প্ৰথমখন ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয় ৷ ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতীয় খেলুৱৈ সকলে ১৯২০ চনত গ্ৰীষ্মকালীন অলিম্পক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰাৰ উপৰিও ১৯৬৪ চনৰ পৰা আৰম্ভ হোৱা কেইবাখনো শীতকালীন অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰাৰো যোগ্যতা অৰ্জন কৰে ৷ ভাৰতীয় খেলুৱৈ সকলে কেৱল গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া সমাৰোহত ৩৫টা পদক অৰ্জন কৰিছিল ৷
ভাৰতীয় ৰাষ্ট্ৰীয় ফিল্ড হকী দলটোৱে ১৯২৮ চনৰ পৰা ১৯৮০ চনলৈ বাৰখন অলিম্পিক খেলত অংশগ্ৰহণ কৰি ৮টা সোণৰ পদকেৰে মুঠ এঘাৰটা পদক জয় কৰি অলিম্পিক প্ৰতিযোগিতাত প্ৰভাৱশালী হকী দল ৰূপে চিহ্নিত হৈছিল ৷
১৯২০ দশকত ডোৰাবজী টাটাৰ নেতৃত্বত ভাৰতীয় অলিম্পিক আন্দোলনৰ সূচনা হৈছিল ৷ সেই বৰ্ষতে ডোৰাবজী টাটা আৰু বোম্বাইৰ ৰাজ্যপাল জৰ্জ লাইডে আন্তৰ্জাতিক অলিম্পিক সমিতিত ভাৰতৰ প্ৰতিনিধিত্ব সুৰক্ষিত কৰাত সহায় কৰিছিল, যাৰ ফলত দেশখনে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত ১৯২৩ চনত সৰ্বভাৰতীয় অলিম্পিক সমিতি গঠন কৰা হয় আৰু ১৯২৪ চনৰ ফেব্ৰুৱাৰী মাহত পেৰিছত অনুষ্ঠিত হোৱা অলিম্পিক ক্ৰীড়ালৈ সাতজনীয়া ভাৰতীয় খেলুৱৈ দলটিক নিৰ্বাচিত কৰি পঠিয়াই ৷
১৯২৭ চনত ভাৰতীয় অলিম্পিক সমিতিক অলিম্পিক সংঘলৈ ৰূপান্তৰিত কৰে ৷ এই সমিতিৰ প্ৰধান কাম আছিল ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে প্ৰচাৰ চলাই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ আয়োজন কৰি গ্ৰীষ্মকালীন অলিম্পিকলৈ খেলুৱৈ নিৰ্বাচিত কৰা ৷
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত ১৯৪৮ চনৰ পৰা ভাৰতীয় অলিম্পিক সংঘই প্ৰতিখন অলিম্পিকলৈ প্ৰতি বিধ খেলৰ বাবে ইয়াৰ ক্ৰীড়া ফেডাৰেচন সমূহৰ দ্বাৰা বাচনি কৰি ৫০ জনতকৈ অধিক খেলুৱৈ প্ৰেৰণ কৰে ৷ ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলটোৱে গ্ৰেটব্ৰিটেইনক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰি স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে ৷
১৯৫২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মল্ল যোদ্ধা কে. ডি যাদৱে স্বাধীন ভাৰতৰ হৈ প্ৰথমটো ব্যক্তিগত পদক জিকিছিল। ১৯৫৬ চনত ভাৰতীয় ফিল্ড হকী দলে ষষ্ঠবাৰলৈ স্বৰ্ণ পদক জয় কৰি অলিম্পিকত নিজৰ আধিপত্য অব্যাহত ৰাখিছিল৷ ১৯৬০ চনত ভাৰতীয় হকী দলে পাকিস্তানৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগা হয় যদিও ১৯৬৪ চনত পুনৰ স্বৰ্ণ পদক জয়েৰে নিজৰ অস্তিত্বৰ প্ৰমাণ দিয়ে ৷ ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলে অভিলেখ সংখ্যক অষ্টমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল৷ পৰৱৰ্তী তিনিটা গ্ৰীষ্মকালীন অলিম্পিকৰ পৰা ভাৰতে খালী হাতে উলটি আহিব লগা হৈছিল ৷ ১৯৯৬ চনৰ আটলান্টাত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত টেনিচ খেলুৱৈ লিয়েণ্ডাৰ পেজে পুৰষৰ একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ ১৬ বছৰীয়া পদকবিহীন সময়ৰ পৰিসমাপ্তি ঘটাই ১৯৫২ চনৰ পিছত প্ৰথমটো ব্যক্তিগত পদক অৰ্জনকাৰী হিচাবে পৰিগণিত হয় ৷
সাম্প্ৰতিক সময় অৰ্থাৎ ২০০০ চনৰ পৰা ভাৰতীয় অলিম্পিকত কিছু পৰিবৰ্তন দেখা পোৱা যায়৷ ২০০০ চনৰ চিডনী অলিম্পিকত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ বিজয়ী কৰ্ণম মালেশ্বৰীয়ে মহিলাৰ ৬৯ কেজি ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত প্ৰথম ভাৰতীয় মহিলা ৰূপে পৰিগণিত হয় ৷ ২০০৪ চনৰ এথেন্স অলিম্পিকত শ্বুটাৰ ৰাজ্যবৰ্দ্ধন সিং ৰাথোড়ে পুৰুষৰ ডাবলচ ট্ৰেপ শ্বটিুংত ৰূপৰ পদক লাভ কৰে ৷ ২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত ব্যক্তিগত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় আৰু বিজেন্দ্ৰ সিঙে মিডলৱেট শ্ৰেণীত ব্ৰঞ্জৰ পদক অৰ্জনে বক্সিংত দেশৰ প্ৰথমটো পদক লাভ কৰে ৷
২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ৮৩ জনীয়া ভাৰতীয় খেলুৱৈ দলে মুঠ ছটা পদকৰ সৈতে দেশৰ বাবে এক নতুন শ্ৰেষ্ঠ স্থান অৰ্জন কৰে ৷ স্বাধীনতাৰ পিছত মল্লযোদ্ধা সুশীল কুমাৰে একাধিক ব্যক্তিগত অলিম্পিকত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ৰূপে পৰিগণিত হয় ৷ ছাইনা নেহৱালিয়ে বেডমিণ্টনত মহিলাৰ একক শাখাত পদক লাভ কৰে ৷ মেৰীকমে মহিলা ফ্লাইৱেট শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি বক্সিংত প্ৰথম গৰাকী ভাৰতীয় মহিলা ৰূপে পৰিগণিত হয় ৷
২০১৬ চনৰ বাৰ্লিনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পকত অভিলেখ সংখ্যক ১১৮ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ সাক্ষী মালিকে মহিলাৰ ফ্ৰী ষ্টাইল ৫৬ কেজি বিভাগত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথম মহিলা ৰূপে পৰিগণিত হয় ৷ আনহাতে শ্বাটলাৰ পি .ভি. সিন্ধুৱে ৰূপৰ পদক লাভ কৰি প্ৰথম গৰাকী সৰ্বকনিষ্ঠ ভাৰতীয় পদক বিজয়ী হিচাবে খ্যাতি লাভ কৰে ৷
২০২১ চনত জাপানৰ টকিঅ’ গ্ৰীষ্মকালীন অলিম্পিকৰ ৪৯ কেজি ভাৰোত্তোলনত মহিলাৰ শাখাত সাইখোম মীৰাবাঈ চানুৱে ৰূপৰ পদক জয় কৰে ৷ পি .ভি. সিন্ধুৱে চীনৰ হি. বিংজিয়াওক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷ আনহাতে বক্সিংত মহিলাৰ ৱেল্টাৰৱেট শাখাত অসম কন্যা লাভলীনা বৰগোহাঁইয়ে তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত ৫- ০ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে ৷ জেভেলিন থ্ৰ’ত নীৰজ চোপ্ৰাই স্বৰ্ণ পদক জয় কৰি ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় ৰূপে পৰিগণিত হোৱাৰ লগতে ব্যক্তিগত শাখাত স্বৰ্ণ জয় কৰা দ্বিতীয়জন ভাৰতীয় ৰূপে পৰিগণিত হয় ৷
পুৰুষৰ ফিল্ড হকী দলে ব্ৰঞ্জ, মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াই ৰূপ আৰু বজৰং পুনিয়াই ব্ৰঞ্জৰ পদকেৰে সেই বৰ্ষত ভাৰতীয় খেলুৱৈৰ দলে মঠু ৭টা পদকেৰে অলিম্পিকৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদশৰ্ন কৰে বুলি ক’ব পাৰি ৷
২০২৪ চনৰ ২৬ জলুাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ পেৰিচ চহৰত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পক খেলত ভাৰতৰ মুঠ ১১৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰে ১১০ জন মূল খেলুৱৈ আৰু ৭জন বিকল্প খেলুৱৈ আছিল ৷ তাৰোপৰি ভাৰতীয় দলটোত আছিল ১১৮ জন সহায়ক কৰ্মচাৰী ৷ গগন নাৰঙৰ নেতৃত্বত যোৱা দলটোৰ অলিম্পিকৰ উদ্ধোধনী অনুষ্ঠানত ভাৰতীয় পতাকা বহন কৰে পি.ভি. সিন্ধু আৰু শৰৎ কমলে ৷ এই প্ৰতিযোগিতাত ভাৰতে এটা ৰূপৰ আৰু পাঁচটা ব্ৰঞ্জৰ পদকেৰে মুঠ ছটা পদক লাভ কৰি অলিম্পিকত অংশগ্ৰহণ কৰা ২০৬খন দেশৰ ভিতৰত ৭১ নম্বৰ স্থান লাভ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লয় ৷
পুৰুষৰ জেভেলিন থ্ৰ’ত নীৰজ চোপ্ৰাই ৰূপৰ পদক, মহিলাৰ ১০ মিটাৰ এয়াৰ শ্বটিুঙত মনু ভাকৰে ব্ৰঞ্জ, ১০ মিটাৰ এয়াৰ শ্বটিুং মিক্স ডাবলচ্ত মনু ভাকৰ আৰু সৰৱজোত সিঙে ব্ৰঞ্জ, ৫০ মিটাৰ ৰাইফল শ্বুটিংত স্বপ্নীল কুছালে ব্ৰঞ্জ, পুৰুষ ফিল্ড হকীত ব্ৰঞ্জ আৰু পুৰুষৰ ফ্ৰীষ্টাইল মল্লযুঁজত ৫৭ কেজি শাখাত অমন শেৰাৱতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷
২০২৪ পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ পতাকাবাহক ৰূপে আছিল শ্বুটাৰ মনু ভাকৰ আৰু ফিল্ড হকী দলৰ গল ৰক্ষক পি .আৰ. শ্ৰীজেশ ৷
২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ভাৰতৰ বাবে অতিকৈ দুখজনক কথাটো হ’ল মল্লযোদ্ধা ৱিনেশ ফোগত মহিলাৰ ৫০ কেজি শাখাত চেমিফাইনেল অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও তেখেতক ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবে ফাইনেল খেলাৰ অযোগ্য ঘোষণা কৰা হয় ৷
এই ঘোষণাই ফোগতৰ হাজাৰ হাজাৰ অনুৰাগীক হতাশ কৰে ৷ অৱশেষত ফোগতে ক্ৰীড়াৰ বাবে থকা মধ্যস্থ আদালত (Court of Arbitration for Sport) ত ৫০ কেজি ওজন শাখাত যৌথ ৰূপৰ পদকৰ বাবে আবেদন জনাইছিল যদিও তেওঁ পদক প্ৰাপ্তিৰ পৰা বঞ্চিত হয় ৷
#############
Comentarios