
সূচীপত্ৰ :: সূৰুযমুখী
জুলাই - ২০২৬ :: তৃতীয় বছৰ, প্ৰথম সংখ্যা
১) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই
2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে):
অকণিৰ ছবি :
-
আতিক্সা আৰ্ভি বৰা, ষষ্ঠ শ্ৰেণী, মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ
-
তৃষা দাস, দশম মান, প্ৰাগজ্যোতিষ আ:বিদ্যালয়,পাঞ্জাবাৰী, গুৱাহাটী
-
জাৰা হায়াট খান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
কৃয়াঞ্চ জালান, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
অভিলাষা বৰা, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
বিনীত লিম্বু, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
প্ৰতীক সিংহ, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
হৰ্ষিত পাল, চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
ৰিয়ান দত্ত, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
উদিতৰাজ শইকীয়া, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, বোকাখাট ৷
-
আয়াংশ ৰাজ গাৰ্গ, দ্বিতীয় শ্ৰেণী, ছেইণ্ট জেভিয়াৰ্চ কলেজিয়েট স্কুল, কলকাতা
অকণিৰ গল্প :
-
শহা আৰু কাছৰ কাহিনী - টিনা চ’ , চতুৰ্থ শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথা
অকণিৰ প্ৰবন্ধ / অন্যান্য :
-
অসমৰ কেইটিমান জনগোষ্ঠীয় উৎসৱ-পাৰ্বন-কৃষ্টিপৰ্ণা কাকতি, অষ্টম মান, বল’সিং মে: স্কুল, বৰপথাৰ
-
অসমৰ প্ৰাণ জুবিন গাৰ্গ - আতিক্সা আৰ্ভি বৰা, সপ্তম শ্ৰেণী, মাৰ্ভেল মাইণ্ডচ একাডেমী, সৰুপথাৰ
-
ডোপামিন নিঃসৰণ আৰু ৰীল স্ক্ৰলিংৰ মাজৰ সম্পৰ্ক-মেঘমল্লাৰ বৰা,দ্বাদশ মান, বল’সিং মে: স্কুল, বৰপথাৰ
-
মজা মজা সাঁথৰ, কোনে দিব উত্তৰ- তানিষ্কা বৰা, তৃতীয় শ্ৰেণী, বল’সিং মেম’ৰিয়েল স্কুল; বৰপথাৰ
-
মহৎ লোকসকলে কি কৈ গৈছে - পূৰ্ণাশা কাশ্যপ, অষ্টম মান, বল’সিং মেম’ৰিয়েল স্কুল, বৰপথাৰ
-
লাক্পা শ্বেৰ্পা,এগৰাকী বিশ্ববিখ্যাত পর্বতাৰোহী-স্বাস্তিকা তাঁতী,নৱম মান, কেশৱচন্দ্ৰ হা:মে: স্কুল, সৰুপথাৰ
-
হাস্যৰস প্ৰকৃতিৰ এবিধ ডাঙৰ ঔষধ-চানিয়া স্নি: মুকতাৰ,অষ্টম শ্ৰেণী,যোৰহাট বাঘচোং ড'নবস্ক উ: মা: বিদ্যালয়
৩) বিদেশৰ কথাৰেঃ
-
কণমানি মহাকাশযানখনৰ এক আশ্চৰ্যজনক কাহিনী - শ্ৰীমন্ত ভূঞা, জাৰ্মানী
৪) বিচিত্ৰা :
-
অসমীয়া জনজীৱনত হাস্যৰস আৰু কৌতুকৰ প্ৰভাৱ - মন্দিতা শৰ্মা, গুৱাহাটী
-
বিৰিখ হৈ জীয়াও আহক - সুমিন্দ্ৰ চৌধুৰী, নয়দা
-
বিশেষভাৱে সক্ষম শিশু -লীনুমা গগৈ, তিনিচুকীয়া
-
বাগৰি বাগৰি হাঁহো আহক - স্বপ্নাশ্ৰী শইকীয়া মেধি, বৰপথাৰ
৫) কবিতা কুঞ্জ :
-
অঙ্ক বৰ জঙ্ক-পঙ্ক - যোগানন্দ মহন্ত, গুৱাহাটী
-
শাওনৰ ছবি - হিৰণ ভূঞা, মুম্বাই
-
আমাৰ লাড্ডু - গৰিমা দাস, দক্ষিণপাট, নগাঁও
-
গৰমৰ বন্ধ - নিৰু দত্ত, নিশান্ত নিবাস, ১নং পদুমনি, সৰুপথাৰ
-
বিষ্ণুৰাভাক আকৌ লাগে - বিজিত কুমাৰ ভাগৱতী, লখিমী নগৰ, যোৰহাট
-
মাছৰ চিকুণ মোৱা - প্ৰণবেন্দ্ৰ শৰ্মা, চান হ'জে, কালিফৰ্নিয়া
-
যোগ জীৱনৰ পদ্য - শাশ্বতী শৰ্মা, ঢেকিয়াল, গোলাঘাট
-
সকলো শিশুলৈ, মৰমৰে - নীলিমা বৰপূজাৰী, যোৰহাট
-
বেদুইন - কৃষ্ণ কান্ত চাহু, নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ
-
সূৰুযমুখী - মন্দিতা শৰ্মা, গুৱাহাটী
৬) গল্পৰ শৰাই :
-
হাঁহিৰ থুনপাক - নীপা দুৱৰা, গুৱাহাটী
-
৫৫% নম্বৰ আৰু উদযাপন - দেৱীকা বৰপূজাৰী, মুম্বাই
-
লাহৰী, অঘাইতং ছোৱালীজনী- ৰাধিকা দাস কলিতা, বশিষ্ঠ, গুৱাহাটী
-
সমাজকৰ্মী - নৱজ্যোতি তামুলী, তিনিচুকীয়া, অসম
-
শৈশৱৰ ধেমালি - ইৰা বৰঠাকুৰ, গুৱাহাটী
৭) গ্ৰন্থ পৰিচয় :
-
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য- নিবেদিতা শৰ্মা, লখিমী নগৰ, যোৰহাট
৮) অনুবাদ সাহিত্য :
-
শিশুৰ প্ৰত্যাৱৰ্তন: মূল ৰচনা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, অনুবাদ: পবিত্ৰা বৰঘৰীয়া, মুম্বাই

*** ক'বলগীয়া দুআষাৰ ***
-
এইখিনিতে এটি ঘোষণা যে, আলোচনীখনৰ লেখাবোৰৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীসকলৰ বা পাঠক সমাজৰ সহজে বোধগম্য কৰি তুলিবৰ বাবে ঠায়ে ঠায়ে ইণ্টাৰনেটত উপলব্ধ কিছুমান ফটো, ভিডিঅ’, উদ্ধৃতি আদি সূৰুযমুখীৰ পৃষ্ঠাত ব্যৱহাৰ কৰিব লগা হৈছে। তাৰবাবে আলোচনীখনৰ সম্পাদক ক্ষমাপ্ৰাৰ্থী।
-
আমাৰ যিসকল শিশু, ছাত্ৰ-ছাত্ৰী, লেখক-লেখিকা আৰু বিশিষ্ট ব্যক্তিয়ে 'সূৰুযমুখী'লৈ লেখা পঠিয়াইছে, সম্পাদনা মণ্ডলীৰ হৈ তেখেতসকললৈ আৰু সন্মানীয় সহৃদয় পাঠকসমাজ সহ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰা হৈছে।
-
সূৰুযমুখী আলোচনীখন সম্পাদনা কৰোঁতে অনিচ্ছাকৃতভাবে হয়তো কিছু ভুল-ত্ৰুটি ৰৈ যাব পাৰে, গতিকে এইক্ষেত্ৰত আমি সকলোৰে গঠনমূলক দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।
সূৰুযমুখীৰ তৃতীয় জন্মদিবস উপলক্ষে শুভেচ্ছা সহ
সূৰুযমুখী
তিনিবছৰীয়া সপোনে আজি
পোহৰৰ গান গায়,
শিশুৰ হাঁহি, চেমনীয়াৰ প্ৰাণত
নতুন আশা সিঁচি যায়।
হেঁপাহৰ পৃষ্ঠাত ৰামধেনু আঁকি,
থুপুক-থাপাক অকণি খোজ।
জ্ঞানৰ জ্যোতিৰে বাট পোহৰাই,
কল্পনাৰ সুৰত আশাৰ চিফুং।
সূৰুযমুখী,
তুমি প্ৰহৰী আলোকমুখী হৈ;
শিশুৰ সপোন ফুলাবলৈ
তুমিয়েই অনন্ত জ্যোতি হৈ।
জ্ঞানৰ বাটত হাত ধৰি
আশাৰ দীপ জ্বলোৱা,
প্ৰতিটো কোমল হৃদয়ত
নতুন পুৱাৰ গীত শিকোৱা।
সূৰুযমুখী—
আমাৰ মৰমৰ ঘৰ,
আশা-সপোনে গঁথা জোনাকী কাৰেং
পোহৰসন্ধানী।
জন্মলগ্নৰ এই তৃতীয় বৰ্ষপূৰ্তিত
এটাই আমাৰ গান—
জ্ঞান, সৃষ্টি, প্ৰেমৰ বীজেৰে
উজলি উঠক মাতৃভূমিৰ প্ৰাণ।
মন্দিতা শৰ্মা, গুৱাহাটী
'সূৰুযমুখী' লৈ লেখা পঠাবৰ বাবে আহ্বান
ৰাইজৰ আশীৰ্বাদ শিৰত লৈ, ২০২৪ চনৰ ১৪ জুলাইৰ দিনা পঢ়ুৱৈৰ মাজলৈ ভুমুকি মাৰা 'সূৰুযমুখী' য়ে সগৌৰৱে দুটা বছৰ সম্পূৰ্ণ কৰি তৃতীয় বছৰৰ প্ৰথম সংখ্যাটি প্ৰকাশৰ বাবে আগবাঢ়িছে । আশা ও কামনা কৰোঁ 'সূৰুযমুখী' য়ে ভৱিষ্যতেও সদায়ে যেন আপোনালোকৰ আশিস-ধন্য হৈ থাকে।
আপোনালোকক জনাওঁ যে, তৃতীয় বৰ্ষৰ, দ্বিতীয় সংখ্যাৰ 'সূৰুযমুখী' অক্টোবৰ - ২০২৬ ৰ দ্বিতীয় সপ্তাহত প্ৰকাশ কৰা হ'ব। সেয়ে সকলোলৈকে অনুৰোধ, আপোনালোকে যেন চেপ্তেম্বৰ - ২০২৬ ৰ ১৫ তাৰিখৰ ভিতৰত আমাৰ ই-মেইল: surajmukhi.blog@gmail.com
অথবা 'লেখাপেটাৰি' লৈ গৈ নিজৰ নাম, ঠিকনা, ফোন নম্বৰ আদি লিখি Message বাকচত লেখাসমূহ পঠাই সংখ্যাটি সময়মতে প্ৰকাশত সহায় কৰে। সকলো লেখক-লেখিকালৈ অনুৰোধ, লেখাৰ লগতে যেন নিজৰ পাছপ’ৰ্ট আকাৰৰ ফটো এখন ই-মেইলযোগে নাইবা ৱাটচ্অপ যোগে পঠায়।
অভিভাৱক সকললৈ অনুৰোধ, আপোনালোকে যেন নিজৰ সন্তানৰ লগতে আমাৰ নৱ-প্ৰজন্মৰ সকলোকে 'সূৰুযমুখী' লৈ লেখা পঠাবলৈ আৰু নিয়মিতভাৱে পঢ়িবলৈ উৎসাহিত কৰে। জাতিৰ ভৱিষ্যত আমাৰ নৱ-প্ৰজন্মৰ লগেলগে থাকি, তেওঁলোকৰ বিচাৰ বুদ্ধিবোৰ যুক্তি সঙ্গত ভাৱে দিহা লগাই, তেওঁলোকৰ উৎকৰ্ষ সাধনত সহায় কৰাই হৈছে 'সূৰুযমুখী' প্ৰকাশৰ মুখ্য উদ্দেশ্য।
সম্পাদক - সূৰুযমুখী
ই-মেইল: surajmukhi.blog@gmail.com
ফোন: ৯৪২৮৩৩০৮০০
‘সূৰুযমুখী' প্ৰকাশৰ নিয়মাৱলী:
-
আলোচনীখন বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক মুখ্য কৰি প্ৰকাশ কৰিবলৈ লোৱা হৈছে। গতিকে ইয়ালৈ পঠোৱা লেখাসমূহ প্ৰধানকৈ ভাষা-সাহিত্য, কলা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদিৰ লগত জড়িত হোৱা বাঞ্ছনীয়।
-
লেখাসমূহ স্ব-ৰচিত, গঠনমূলক আৰু সংক্ষিপ্ত হোৱা বাঞ্ছনীয়। জাতি, ধৰ্ম, ৰাজনীতি আদি বিষয়ক বিতৰ্কমূলক লেখা প্ৰকাশ কৰা নহয়।
-
লেখা অন্য ভাষাৰ পৰা অনুবাদ কৰা হ'লে, মূল লিখকৰ নাম, ঠিকনা আদি উল্লেখ কৰাটো অত্যন্ত জৰুৰী।
-
আন আলোচনী বা কিতাপত ইতিমধ্যে প্ৰকাশ হোৱা লেখা 'সূৰুযমুখী' লৈ নপঠাবলৈ অনুৰোধ কৰা হ'ল।
-
কোনোবাই আনৰ লেখা নিজৰ নামত প্ৰকাশৰ বাবে 'সূৰুযমুখী' লৈ পঠালে, তাৰবাবে পঠোৱাজনহে জবাবদিহি হ'ব; আলোচনীখনৰ সম্পাদক বা প্ৰকাশকমণ্ডলী দায়ী নহয়।
-
আমালৈ অহা কিছুমান লেখা, ঠাইৰ অভাৱত পিছৰ মাহলৈ ৰাখিব লগা হ'ব পাৰে নাইবা প্ৰকাশ কৰিব পৰা নহ'বও পাৰে। সেইয়া লিখক-লিখিকাসকলক জনোৱাটো সম্ভৱ নহ'ব পাৰে। তাৰবাবে ক্ষমা প্ৰাৰ্থনীয়।
সম্পাদক - সূৰুযমুখী
ই-মেইল: surajmukhi.blog@gmail.com
ফোন: ৯৪২৮৩৩০৮০০
লেখাপেটাৰি
সোঁফালে থকা 'Message' বাকচত 'সূৰুযমুখী'লৈ লেখা পঠাব পাৰিব। আপোনাৰ নাম-ঠিকনা, ই-মেইল আৰু ফোন নম্বৰ লিখে যেন।
ফোন : 9428330800














