top of page
  • Black Facebook Icon
  • Black YouTube Icon
  • Black Instagram Icon
  • Black Pinterest Icon

আহাৰ মাহ

১৯৪৭ শক

 

দ্বিতীয় বছৰ

 প্ৰথম  সংখ্যা

জুলাই  সংখ্যা

২০২৫

অৱস্থান

মুম্বাই

সূচীপত্ৰ :: সূৰুযমুখী
জুলাই - ২০২৫ :: দ্বিতীয় বছৰ, প্ৰথম সংখ্যা

 

১) সম্পাদকীয়ঃ পবিত্ৰা বৰঘৰীয়া, মুম্বাই 

2) অকণিৰ পৃথিৱী (কেৱল অকণিহঁতৰ বাবে): 

 

অকণিৰ ছবি :

  • কৃটিম বুদ্ধিমত্তাৰ প্ৰভাৱ:তৰুণিমা চক্ৰৱৰ্তী,অষ্টম শ্ৰেণী,দয়ানন্দ বিঃনিকেতন,কাৰ্বি আংলং

  • যন্ত্ৰ মানৱ : স্নিগ্ধা পাল, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

  • অনুভৱ: দিব্যাংশ কাৰ্কী, অষ্টম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

  • বিষ্ণু প্ৰসাদ ৰাভা: আতিক্সা আৰ্ভি বৰা,ষষ্ঠ শ্ৰেণী,মাৰ্ভেল মাইণ্ড একাডেমী, সৰুপথাৰ 

  • অসমৰ লোকবাদ্য: প্ৰিন্সিপ্ৰিয়া শইকীয়া,পঞ্চম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল,বৰপথাৰ

  • প্ৰাকৃতিক দৃশ্য : শুভ্ৰনিল সোণোৱাল, কে.জি শ্ৰেণী, ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

  • নিজা পৃথিৱী: দেবাত্ৰি দিশা মহন্ত,দ্বিতীয় শ্ৰেণী, ডাউন টাউন গুৰুকূল বিদ্যালয়,মৰাণহাট

  • লোভৰ প্ৰভাৱ : সোণাক্ষী ঠাকুৰ, সপ্তম শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ

  • ৰঙীণ পৃথিৱী: ইক্ৰা ইনায়াত, নাৰ্চাৰি, কলং কপিলী বিদ্যাপীঠ, বৰবজাৰ, নগাওঁ

 

অকণিৰ গল্প :

  • আকবৰ আৰু বীৰবলৰ কাহিনী :ফাৰহান কুৰেছি, চতুৰ্থ মান, বল’সিং মেঃ স্কুল,বৰপথাৰ

 

অকণিৰ কবিতা : 

  • মই কবি নহয় : অনিস্কা ৰাজখোৱা, দশম মান,শংকৰদেৱ শিশু নিকেতন,বৰপথাৰ

  • হে বীৰ সৈনিক,তোমাক প্ৰণাম:সঞ্জীৱ টেটে,দ্বাদশ শ্ৰেণী,নকাৰী উ:মা:বিদ্যালয়, উঃলখিমপুৰ

  • কৃত্ৰিম বুদ্ধিমত্তা আমাৰ সহচৰ:নাংময়ূৰী বৰগোহাঁই,নৱম মান,জয়মতী উ:মা: বিদ্যালয়,নাজিৰা

  • সৌ চৰাইজাক: চানিয়া স্নিগ্ধা মুকতাৰ,সপ্তম শ্ৰেণী, বাঘচোং ড'নবস্ক উ:মা:বিদ্যালয়,যোৰহাট

  • আমাৰ লখিমপুৰ : নিশা বৰুৱা, দশম শ্রেণী, নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

  • কনকলতা: নীল নয়ন শৰ্মা, ষষ্ঠ শ্ৰেণী, নৰ্থ ইষ্ট পাব্লিক স্কুল, গুৱাহাটী

  • আই : চাবিনুৰ খাটুন, অষ্টম শ্ৰেণী, নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

  • সৌ চৰাইটিলৈ চোৱাচোন : ডলী বৰুৱা,নৱম শ্ৰেণী, নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

  • গছ : প্ৰীতিশ প্ৰিয়ম বৰা, চতুৰ্থ শ্ৰেণী, ব’লসিং মেম’ৰিয়েল স্কুল, বৰপথাৰ, গোলাঘাট

 

অকণিৰ সংগ্ৰহ - সাঁথৰ/কৌতুক:

  • আফতাব আলি, দশম শ্রেণী, নকাৰী উঃ মাঃ বিদ্যালয়, উত্তৰ লখিমপুৰ

  • মেঘালী শইকীয়া, দশম শ্ৰেণী, নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

  • দিক্ষীতা শইকীয়া, দশম শ্ৰেণী, নকাৰী উ: মা: বিদ্যালয়, উত্তৰ লখিমপুৰ

 

অকণিৰ প্ৰবন্ধ :

  • কৃত্ৰিম বুদ্ধিমত্তা আৰু আমি :কৃষ্টিপৰ্ণা কাকতি, সপ্তম শ্ৰেণী, ব’লসিং মেঃ স্কুল, বৰপথাৰ

  • অৰণ্য মানৱ : স্বাস্তিকা তাঁতী, অষ্টম শ্ৰেণী, কেশৱ চন্দ্ৰ মেম’ৰিয়েল স্কুল, সৰুপথাৰ

  • কিতাপ পঢ়াৰ আনন্দ :দক্ষতা জি.পাল, চতুৰ্থ শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বৰপথাৰ

  • পয়চাংকেন উৎসৱ : সুগন্ধি উৰুলি বৰুৱা, অষ্টম শ্ৰেণী, ডিপি এচ, নাজিৰা

৩) বিদেশৰ কথাৰেঃ  

  • বেগী ৰেল দেখাৰ উত্তেজনা - দেৱীকা বৰপূজাৰী, মুম্বাই

 

৪) বিচিত্ৰা :

  • কৃত্ৰিম বুদ্ধিমত্তা-১ : ড° যুগল কলিতা, ক’লৰাডো, আমেৰিকা

  • অসমত সুনাগৰিক গঢ়াৰ বাবে সম্পূৰ্ণ শিক্ষাৰ প্ৰয়োজনীয়তা : মঞ্জিৰা চৌধুৰী, লেষ্টাৰ, ইংলেণ্ড

  • বুদ্ধিমত্তা বিস্ফোৰণ : জীৱনজ্যোতি বৰদলৈ, বেংগালুৰু

  • অকণিহঁতৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখন: শ্ৰীমন্ত ভূঞা, জাৰ্মানী

  • ধ্রুপদী ভাষা অসমীয়া-আমাৰ কৰণীয়: চুমি ৰাণী দত্ত,সহঃ শিক্ষয়িত্রী, নকাৰী উঃমাঃ বিদ্যালয়,উঃ লখিমপুৰ

  • শিহু বা নদী ডলফিন : স্মিতা ভাগৱতী, গুৱাহাটী

  • ছাত্র-ছাত্ৰীৰ জীৱনত সময়ৰ মূল্য: দীপিকা দেৱী পূজাৰী,বিষয় শিক্ষয়িত্রী, নকাৰী উঃমাঃ বিদ্যালয়,উঃ লখিমপুৰ

  • সাঁথৰ শিকোঁ আহা : স্বপ্নাশ্ৰী এচ.মেধি, গোলাঘাট

  • মহান বিজ্ঞানীৰ পৰিচয় (৩) : জয়শ্ৰী শইকীয়া, কল্পতৰু, যোৰহাট


৫) কবিতা কুঞ্জ : 

  • আত্মজাহ : কৃষ্ণ কান্ত চাহু, অধ্যক্ষ, নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ

  • সমোচ্চাৰিত শব্দৰ ছন্দোবদ্ধ পদ্য : যোগানন্দ মহন্ত, গুৱাহাটী

  • স্বজাতিৰ ছবিখন: দীপালী বৰুৱা,নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ                      

  • চিনাকি অচিনাকি পাহাৰখনি : মন্দিতা শৰ্মা, গুৱাহাটী

  
৬) গল্পৰ শৰাই :

  • ভুলৰ শক্তি - মাহমুদা বেগম, গুৱাহাটী

  • আম ফলৰ ৰজা - চয়নিকা শৰ্মা, চান্দমাৰী, কৃষ্ণনগৰ, গুৱাহাটী

  • অনাগত বিধাতা - বিজিত কুমাৰ ভাগৱতী, যোৰহাট

  • ৰুণা আৰু ৰিয়াৰ কথাৰে - সুজাতা ভাগৱতী, যোৰহাট

  • বুবুৰ উপস্থিত বুদ্ধি- নীলাঞ্জনা দেৱী বৰুৱা, যোৰহাট

     

      ধাৰাবাহিক গল্প:

  • মিকু আৰু হৰিণা পহুটো : জিণ্টী ৰাণী ডেকা

  • “ঘাঁহ খোৱা মেকুৰী”-মই চুমচুমীয়ে কৈছোঁ : পবিত্ৰা বৰঘৰীয়া, মুম্বাই

 

৭) গ্ৰন্থ পৰিচয় : ​   

  • “শান্তনু তামূলীৰ শিশু-সাহিত্য ইত্যাদি” - নিবেদিতা শৰ্মা

৮) অনুবাদ সাহিত্য :

  • এজন কৃষক আৰু চয়তান : পবিত্ৰা বৰঘৰীয়া, মুম্বাই

লেখা সমূহ

White Structure

*** শ্ৰদ্ধাঞ্জলি ***

Bishnu Rabha.jpg

 

২০ জুন, মৃত্যুবাৰ্ষিকী উপলক্ষে বিষ্ণুপ্ৰসাদ  ৰাভালৈ সশ্ৰদ্ধ  শ্ৰদ্ধাঞ্জলি

********

****​​

অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেখেতে কেৱল অসমৰ সাংস্কৃতিক আৰু সামাজিক দিশতে নহয়, দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতিও যি অৱদান আগবঢ়াই থৈ গৈছে, তাৰবাবে প্ৰতিজন অসমীয়াৰ হৃদয়ত তেখেত সদায়ে জীয়াই থাকিব। তেখেতৰ আদৰ্শ, দৰ্শন আৰু চিন্তাধাৰা নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা অতিশয় জৰুৰী বিবেচনা কৰা হয়।

সংগীত, নাটক, নৃত্য, চিত্ৰকলা আৰু সাহিত্যৰ জৰিয়তে অসমীয়া সমাজৰ নিস্পেষিত-শোষিত জনগণৰ মংগলৰ বাবে সংগ্ৰামৰ গুৰি ধৰাৰ ওপৰিও তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কলিকতাত থাকোতে ছাত্ৰ অৱস্থাতে তেখেতে মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনত যোগ দিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদী কবিতা আৰু শ্লোগান ৰচনা কৰিছিল। তেখেতৰ বিখ্যাত কবিতা “ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা” ব্ৰিটিছ আৰু দেশীয় শোষক শ্ৰেণীৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ আছিল।

বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সংগীত আৰু সাহিত্য জগতত অমৰ কৃতিত্ব ৰাখি থৈ গৈছে। তেখেতৰ ৰচিত গীতসমূহ, ‘ৰাভা সংগীত’ বুলি জনা যায়, যি জনগণৰ মাজত সামাজিক জাগৰণ আৰু বিপ্লৱী চেতনা জগাই তুলিছিল।

'সূৰুযমুখী'ৰ সপোন

​​

আমাৰ সপোন,

আমাৰ দেশৰ বা দেশৰ বাহিৰতো বিশ্বৰ অন্যান্য প্ৰান্তত সিঁচৰতি হৈ থকা আমাৰ ভৱিষ্যতৰ ধৰণী, আমাৰ নৱ-প্ৰজন্মক অসমীয়া জাতিৰ ভাষা-সাহিত্য, কলা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, আচাৰ-ব্যৱহাৰ তথা সামাজিক লোকাচাৰ আদিৰ বিষয়ে অৱগত কৰোৱাই, তেওঁলোকক একতাৰ ডোলেৰে বান্ধি ৰাখি, অসমীয়া জাতিৰ ঘাই শিপাডাল টনকিয়াল কৰি ৰখা।

Rakesh with flag_edited.jpg

আমাৰ সপোন,

পাঠ্যপুথিৰ উপৰিও, আমাৰ নৱ-প্ৰজন্মই সৰুৰে পৰা শিকিবলগীয়া সমাজৰ অন্যান্য দিশবোৰ সহজ সৰলভাৱে আগবঢ়াই দি তেওঁলোকৰ বিচাৰ - বুদ্ধিবোৰ যুক্তি সঙ্গত ভাৱে দিহা লগাই দিয়া; যাৰ আলমত তেওঁলোকে অনাগত দিনবোৰত নিজা বিচাৰ - বিবেচনা আৰু ন ন জ্ঞানেৰে বলীয়ান হৈ এক সুস্থ সবল অসমীয়া জাতি গঠন কৰি বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰে I

 

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতৰ ত্ৰিৰংগ পতাকা

 

​২৫ জুন, ২০২৫, ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা হ’ল। লগে লগে আমাৰ দেশৰ যুৱ প্ৰজন্মৰ বাবে এক নতুন দিগন্তৰ দ্বাৰ উন্মোচন হ’ল।​

মহাকাশলৈ যোৱা প্রথমজন ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা। তেওঁ ১৯৮৪ চনৰ ৩ এপ্ৰিলত ভাৰত-ছোভিয়েটৰ যৌথ প্রচেষ্টা কাৰ্যসূচীৰ অংশ হিচাপে ছোভিয়েট মহাকাশযান ছয়ুজ টি-১১ৰ ত মহাকাশলৈ উৰা মাৰি ছালিউট-৭ মহাকাশ কেন্দ্রত আঠ দিন আছিল।

মহাকাশত দ্বিতীয় ভাৰতীয় মহাকাশচাৰী হ'ল ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাঞ্চু শুক্লা। ইছৰোৰ গগনযাত্ৰী, Axiom-4 মিছনৰ অংশ হিচাপে ২০২৫ চনৰ ২৫ জুনত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২:০১ বজাত স্পেচএক্সৰ ফেলকন ৯ ৰকেটৰ সহায়ত উৎক্ষেপিত হৈ প্ৰায় এদিনৰ ভিতৰত, অৰ্থাৎ ২৬ জুন ২০২৫ ত    আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (International Space Station বা ISS) ত উপনীত হ’লগৈ। তেখেতৰ লগত আছে আন তিনিজন বিশেষজ্ঞ।

শুভাংশু শুক্লাৰ এই Axiom-4 মিছন, ISRO আৰু NASAৰ যৌথ উদ্যোগৰ অংশ। এই মিছনৰ মূল উদ্দেশ্য হৈছে:

1. বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা: তেওঁ ISSত থকা অৱস্থাত সাতটা ভাৰতীয় পৰীক্ষা-নিৰীক্ষা কৰিব। এই পৰীক্ষাসমূহৰ বিষয়ে সবিশেষ তথ্য ৰাজহুৱা নহ’লেও, এইবোৰে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে।

 

2. গগনযান মিছনৰ প্ৰস্তুতি: এই যাত্ৰা ভাৰতৰ গগনযান প্ৰকল্পৰ বাবে এক প্ৰস্তুতিমূলক পদক্ষেপ। গগনযানৰ জৰিয়তে ভাৰতৰ নিজস্ব মহাকাশচাৰীক মহাকাশলৈ পঠোৱাৰ পৰিকল্পনাৰ অংশ হিচাপে শুভাংশুৰ এই অভিজ্ঞতা ভৱিষ্যতৰ মিছনৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আৰু দক্ষতা প্ৰদান কৰিব।

 

3. আন্তৰ্জাতিক সহযোগিতা: এই মিছনৰ জৰিয়তে ভাৰত আৰু আমেৰিকাৰ মহাকাশ সংস্থাৰ মাজত সহযোগিতা শক্তিশালী হৈছে, যি ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবে এক বৃহৎ পদক্ষেপ।

 'সূৰুযমুখী'ৰ বৰ্ষপূৰ্তি উপলক্ষে সকলো লেখক-লেখিকা, পঢ়োৱৈ সমাজলৈ অভিনন্দন.... 

ৰাইজৰ আশীৰ্বাদ শিৰত লৈ, ২০২৪ চনৰ ১৪ জুলাইৰ দিনা পঢ়ুৱৈৰ মাজলৈ ভুমুকি মাৰা  'সূৰুযমুখী' য়ে আজি সগৌৰৱে এবছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বছৰৰ প্ৰথম খোজটি আগবঢ়াইছে।  'সূৰুযমুখী' য়ে ভৱিষ্যতেও সদায়ে যেন আপোনালোকৰ আশিস-ধন্য হৈ থাকিব পাৰে।

 

আপোনালোকক জনাওঁ যে, দ্বিতীয় বৰ্ষৰ, দ্বিতীয় সংখ্যাৰ 'সূৰুযমুখী' অক্টোবৰ - ২০২৫ ৰ প্ৰথম সপ্তাহত প্ৰকাশ কৰা হ'ব। সেয়ে সকলোলৈকে অনুৰোধ, আপোনালোকে যেন চেপ্তেম্বৰব - ২০২৫ ৰ ১৫ তাৰিখৰ ভিতৰত আমাৰ ই-মেইল:  surajmukhi.blog@gmail.com

অথবা 'লেখাপেটাৰি' লৈ গৈ নিজৰ নাম, ঠিকনা, ফোন নম্বৰ আদি লিখি Message বাকচত লেখাসমূহ পঠাই সংখ্যাটি সময়মতে প্ৰকাশত সহায় কৰে। সকলো লেখক-লেখিকালৈ অনুৰোধ, লেখাৰ লগতে যেন নিজৰ পাছপ’ৰ্ট আকাৰৰ ফটো এখন ই-মেইলযোগে নাইবা ৱাটচ্অপ যোগে পঠায়।

 

অভিভাৱক সকললৈ অনুৰোধ, আপোনালোকে যেন নিজৰ সন্তানৰ লগতে আমাৰ নৱ-প্ৰজন্মৰ সকলোকে 'সূৰুযমুখী' লৈ লেখা পঠাবলৈ আৰু নিয়মিতভাৱে পঢ়িবলৈ উৎসাহিত কৰে। জাতিৰ ভৱিষ্যত আমাৰ নৱ-প্ৰজন্মৰ লগেলগে থাকি, তেওঁলোকৰ বিচাৰ বুদ্ধিবোৰ যুক্তি সঙ্গত ভাৱে দিহা লগাই, তেওঁলোকৰ উৎকৰ্ষ সাধনত সহায় কৰাই হৈছে 'সূৰুযমুখী' প্ৰকাশৰ মুখ্য উদ্দেশ্য।

 

সম্পাদক - সূৰুযমুখী

ই-মেইল: surajmukhi.blog@gmail.com

ফোন: ৯৪২৮৩৩০৮০০

 ‘সূৰুযমুখী' প্ৰকাশৰ নিয়মাৱলী:
  • আলোচনীখন বিশেষকৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক মুখ্য কৰি প্ৰকাশ কৰিবলৈ লোৱা হৈছে। গতিকে ইয়ালৈ পঠোৱা লেখাসমূহ প্ৰধানকৈ ভাষা-সাহিত্য, কলা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদিৰ লগত জড়িত হোৱা বাঞ্ছনীয়।

  • লেখাসমূহ স্ব-ৰচিত, গঠনমূলক আৰু সংক্ষিপ্ত হোৱা বাঞ্ছনীয়। জাতি, ধৰ্ম, ৰাজনীতি আদি বিষয়ক বিতৰ্কমূলক লেখা প্ৰকাশ কৰা নহয়।

  • লেখা অন্য ভাষাৰ পৰা অনুবাদ কৰা হ'লে, মূল লিখকৰ নাম, ঠিকনা আদি উল্লেখ কৰাটো অত্যন্ত জৰুৰী।

  • আন আলোচনী বা কিতাপত ইতিমধ্যে প্ৰকাশ হোৱা লেখা 'সূৰুযমুখী' লৈ নপঠাবলৈ অনুৰোধ কৰা হ'ল।

  • কোনোবাই আনৰ লেখা নিজৰ নামত প্ৰকাশৰ বাবে 'সূৰুযমুখী' লৈ পঠালে, তাৰবাবে পঠোৱাজনহে জবাবদিহি হ'ব; আলোচনীখনৰ সম্পাদক বা প্ৰকাশকমণ্ডলী দায়ী নহয়।

  • আমালৈ অহা কিছুমান লেখা, ঠাইৰ অভাৱত পিছৰ মাহলৈ ৰাখিব লগা হ'ব পাৰে নাইবা প্ৰকাশ কৰিব পৰা নহ'বও পাৰে। সেইয়া লিখক-লিখিকাসকলক জনোৱাটো সম্ভৱ নহ'ব পাৰে। তাৰবাবে ক্ষমা প্ৰাৰ্থনীয়।

সম্পাদক - সূৰুযমুখী

ই-মেইল: surajmukhi.blog@gmail.com

ফোন: ৯৪২৮৩৩০৮০০

লেখাপেটাৰি

সোঁফালে থকা 'Message' বাকচত 'সূৰুযমুখী'লৈ লেখা পঠাব পাৰিব। আপোনাৰ নাম-ঠিকনা, ই-মেইল আৰু ফোন নম্বৰ লিখে যেন।

ফোন : 9428330800

  • Facebook
  • Twitter
  • LinkedIn
  • Instagram

Thanks for submitting!

JOIN MY MAILING LIST

Thanks for submitting!

  • Instagram
  • YouTube
  • Facebook
  • Pinterest
bottom of page